--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বজুৰি কৰ’নাৰ ত্ৰাসৰ পৰা মুক্ত হোৱাৰ পাছতেই আন এক মহামাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ চীনত বিধ্বংসী ৰূপ ধাৰণ কৰে। চীনৰ পৰা আৰম্ভ হোৱা এই ৰোগ এতিয়া আমেৰিকালৈকে বিয়পি পৰে। এই বিপজ্জনক ভাইৰাছবিধক ৰহস্যজনক ভাইৰাছ বুলিও জনা যায়। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক হোৱাইট লাং চিণ্ড্ৰম বুলি অভিহিত কৰিছে। এই ৰহস্যজনক ৰোগবিধ লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। এই ৰোগে বিশেষকৈ সৰু ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰান্ত কৰা দেখা যায়।

* হোৱাইট লাং চিণ্ড্ৰম কি?

মাইকোপ্লাজমা নিউমোনিয়া বেক্টেৰিয়া এই ৰোগৰ প্ৰধান কাৰণ। এই ৰোগে মানুহৰ হাওঁফাওঁত বেয়াকৈ প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ হাওঁফাওঁ ফুলি উঠে আৰু বগা দেখাবলৈ আৰম্ভ কৰে। দৰাচলতে এক্সৰে লোৱাৰ পাছত অহা ৰিপ’ৰ্টত হাওঁফাওঁ ক’লা দেখা যায়, কিন্তু এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ এক্সৰে ৰিপ’ৰ্টত হাওঁফাওঁ বগা দেখা যায়, সেয়েহে ইয়াক এই নামৰে জনা যায়।

* কিয় শিশু এই ৰোগৰ চিকাৰ হয়?

অধিকাংশ ল’ৰা-ছোৱালী এই ৰোগৰ বলি হয়। ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল-শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল। ৫ৰ পৰা ১০ বছৰ বয়সৰ শিশুসকলৰ লাহে লাহে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে বাবে তেওঁলোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল। এনে পৰিস্থিতিত যিকোনো ভাইৰাছে প্ৰথমে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে। এই কাৰণতে শিশুসকল এই ৰোগৰ চিকাৰ বেছিকৈ হোৱা দেখা যায়।

* বগা হাওঁফাওঁৰ চিনড্ৰমৰ লক্ষণ-

১. উশাহ লোৱাত অসুবিধা হোৱা

২. বুকুৰ স্থায়ী বিষ

৩. সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা

৪. চৰ্দি আৰু কাহ হোৱা

৫. মৃদু জ্বৰ হোৱা

৬. ঠাণ্ডা অনুভৱ কৰা

* কেনেকৈ ৰক্ষা পৰিব?

এই ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দীৰ্ঘ দূৰত্ব বজাই ৰাখক। সঘনাই হাত ধোৱাৰ লগতে ছেনিটাইজ কৰক। আনকি সামান্য জ্বৰ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। চৰ্দি-কাহ হ’লে মাস্ক পৰিধান কৰি নিজকে একাষৰীয়া কৰি ৰাখক। সুষম আহাৰ গ্ৰহণৰ লগতে নিয়মিতভাৱে যোগাসন কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে