--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বজুৰি কৰ’নাৰ ত্ৰাসৰ পৰা মুক্ত হোৱাৰ পাছতেই আন এক মহামাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ চীনত বিধ্বংসী ৰূপ ধাৰণ কৰে। চীনৰ পৰা আৰম্ভ হোৱা এই ৰোগ এতিয়া আমেৰিকালৈকে বিয়পি পৰে। এই বিপজ্জনক ভাইৰাছবিধক ৰহস্যজনক ভাইৰাছ বুলিও জনা যায়। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক হোৱাইট লাং চিণ্ড্ৰম বুলি অভিহিত কৰিছে। এই ৰহস্যজনক ৰোগবিধ লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। এই ৰোগে বিশেষকৈ সৰু ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰান্ত কৰা দেখা যায়।

* হোৱাইট লাং চিণ্ড্ৰম কি?

মাইকোপ্লাজমা নিউমোনিয়া বেক্টেৰিয়া এই ৰোগৰ প্ৰধান কাৰণ। এই ৰোগে মানুহৰ হাওঁফাওঁত বেয়াকৈ প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ হাওঁফাওঁ ফুলি উঠে আৰু বগা দেখাবলৈ আৰম্ভ কৰে। দৰাচলতে এক্সৰে লোৱাৰ পাছত অহা ৰিপ’ৰ্টত হাওঁফাওঁ ক’লা দেখা যায়, কিন্তু এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ এক্সৰে ৰিপ’ৰ্টত হাওঁফাওঁ বগা দেখা যায়, সেয়েহে ইয়াক এই নামৰে জনা যায়।

* কিয় শিশু এই ৰোগৰ চিকাৰ হয়?

অধিকাংশ ল’ৰা-ছোৱালী এই ৰোগৰ বলি হয়। ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল-শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল। ৫ৰ পৰা ১০ বছৰ বয়সৰ শিশুসকলৰ লাহে লাহে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে বাবে তেওঁলোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল। এনে পৰিস্থিতিত যিকোনো ভাইৰাছে প্ৰথমে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে। এই কাৰণতে শিশুসকল এই ৰোগৰ চিকাৰ বেছিকৈ হোৱা দেখা যায়।

* বগা হাওঁফাওঁৰ চিনড্ৰমৰ লক্ষণ-

১. উশাহ লোৱাত অসুবিধা হোৱা

২. বুকুৰ স্থায়ী বিষ

৩. সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা

৪. চৰ্দি আৰু কাহ হোৱা

৫. মৃদু জ্বৰ হোৱা

৬. ঠাণ্ডা অনুভৱ কৰা

* কেনেকৈ ৰক্ষা পৰিব?

এই ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দীৰ্ঘ দূৰত্ব বজাই ৰাখক। সঘনাই হাত ধোৱাৰ লগতে ছেনিটাইজ কৰক। আনকি সামান্য জ্বৰ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। চৰ্দি-কাহ হ’লে মাস্ক পৰিধান কৰি নিজকে একাষৰীয়া কৰি ৰাখক। সুষম আহাৰ গ্ৰহণৰ লগতে নিয়মিতভাৱে যোগাসন কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক