--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহৰ হৃদৰোগত মৃত্যু হৈছে। হৃদৰোগত মৃত্যু হোৱা মানুহৰ সংখ্যা ইমানেই বাঢ়িছে যে মানুহ এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে। কোন কেতিয়া হৃদৰোগত আক্ৰান্ত হয় তাৰ একো ঠিকনা নোহোৱা হৈছে। 

সাধাৰণতে বিশ্বাস কৰা হয় যে বৃদ্ধ বয়সতহে হৃদৰোগ হয়। কিন্তু সম্প্ৰতি ডেকা আৰু মধ্য বয়সতো হৃদৰোগৰ প্ৰৱল প্ৰাৰ্দুভাৱ দেখা গৈছে-বিশেষকৈ ভাৰতীয়সকলৰ মাজত। হৃদৰোগৰ প্ৰধান কাৰক হ’লে কৰ’নেৰী ধমনীৰ ৰোগ। কৰ’নেৰী ধমনীয়ে হৃৎপিণ্ডলৈ তেজ আৰু অক্সিজেন কঢ়িয়াই নিয়ে; গতিকে কৰ’নেৰী ধমনীৰ ৰোগ হ’লে হৃৎপিণ্ডলৈ তেজ আৰু অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায় বা সম্পূৰ্ণ বন্ধ হৈ যায়। সম্পূৰ্ণ বন্ধ হ’লে মায়’কাৰ্ডিয়েল ইনফাৰ্কচন বা হাৰ্ট এটেক হয়। 

বৃদ্ধ বয়সত শৰীৰৰ অন্যান্য ধমনীৰ লগতে কৰ’নেৰী ধমনীৰ লগতে কৰ’নেৰী ধমনীৰ বিজুতি ঘটে, কিন্তু সম্প্ৰতি ডেকা আৰু মধ্যবয়সীয়াসকলৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায়। যাৰ ফলত হাৰ্ট এটেক হয়। হাৰ্ট এটেক গভীৰ হ’লে মৃত্যুও হ’ব পাৰে। ভাৰতত ৩০ ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকলৰ প্ৰতি মিনিটত চাৰিজন হাৰ্ট এটেকত মৃত্যু হয়। হাৰ্ট এটেক হোৱা লোকসকলৰ ২৫ শতাংশৰে বয়স ৪০ বছৰতকৈ কম। সমীক্ষাৰ পৰা দেখা গৈছে প্ৰতিদিনে ৯০০ জন ৩০ বছৰৰ তলৰ লোকৰ হাৰ্ট এটেকত মৃত্যু হয়। 

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (এনচিআৰবি) এক নতুন প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১২.৫ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৩২,৪৫৭ জন লোকৰ মৃত্যু হৈছিল, যিটো যোৱা বছৰ ৰেকৰ্ড কৰা ২৮,৪১৩ জন লোকৰ মৃত্যুতকৈ বহু বেছি। এই প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে Covid-19 ৰ পাছত হাৰ্ট এটেকত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে