--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহৰ হৃদৰোগত মৃত্যু হৈছে। হৃদৰোগত মৃত্যু হোৱা মানুহৰ সংখ্যা ইমানেই বাঢ়িছে যে মানুহ এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে। কোন কেতিয়া হৃদৰোগত আক্ৰান্ত হয় তাৰ একো ঠিকনা নোহোৱা হৈছে। 

সাধাৰণতে বিশ্বাস কৰা হয় যে বৃদ্ধ বয়সতহে হৃদৰোগ হয়। কিন্তু সম্প্ৰতি ডেকা আৰু মধ্য বয়সতো হৃদৰোগৰ প্ৰৱল প্ৰাৰ্দুভাৱ দেখা গৈছে-বিশেষকৈ ভাৰতীয়সকলৰ মাজত। হৃদৰোগৰ প্ৰধান কাৰক হ’লে কৰ’নেৰী ধমনীৰ ৰোগ। কৰ’নেৰী ধমনীয়ে হৃৎপিণ্ডলৈ তেজ আৰু অক্সিজেন কঢ়িয়াই নিয়ে; গতিকে কৰ’নেৰী ধমনীৰ ৰোগ হ’লে হৃৎপিণ্ডলৈ তেজ আৰু অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায় বা সম্পূৰ্ণ বন্ধ হৈ যায়। সম্পূৰ্ণ বন্ধ হ’লে মায়’কাৰ্ডিয়েল ইনফাৰ্কচন বা হাৰ্ট এটেক হয়। 

বৃদ্ধ বয়সত শৰীৰৰ অন্যান্য ধমনীৰ লগতে কৰ’নেৰী ধমনীৰ লগতে কৰ’নেৰী ধমনীৰ বিজুতি ঘটে, কিন্তু সম্প্ৰতি ডেকা আৰু মধ্যবয়সীয়াসকলৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায়। যাৰ ফলত হাৰ্ট এটেক হয়। হাৰ্ট এটেক গভীৰ হ’লে মৃত্যুও হ’ব পাৰে। ভাৰতত ৩০ ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকলৰ প্ৰতি মিনিটত চাৰিজন হাৰ্ট এটেকত মৃত্যু হয়। হাৰ্ট এটেক হোৱা লোকসকলৰ ২৫ শতাংশৰে বয়স ৪০ বছৰতকৈ কম। সমীক্ষাৰ পৰা দেখা গৈছে প্ৰতিদিনে ৯০০ জন ৩০ বছৰৰ তলৰ লোকৰ হাৰ্ট এটেকত মৃত্যু হয়। 

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (এনচিআৰবি) এক নতুন প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১২.৫ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৩২,৪৫৭ জন লোকৰ মৃত্যু হৈছিল, যিটো যোৱা বছৰ ৰেকৰ্ড কৰা ২৮,৪১৩ জন লোকৰ মৃত্যুতকৈ বহু বেছি। এই প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে Covid-19 ৰ পাছত হাৰ্ট এটেকত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক