--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীন আৰু পাকিস্তানে জম্মু-কাশ্মীৰত “একপক্ষীয় কাৰ্য্য”ৰ বিৰোধিতা পুনৰবাৰ প্ৰকাশ কৰাৰ লগতে চীনৰ বৈদেশিক মন্ত্ৰীয়ে পুনৰ কয় যে এই বিবাদ অতীতৰ অৱশিষ্ট আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি সমাধান কৰা উচিত।শনিবাৰে চীন আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে চতুৰ্থ ৰাউণ্ডৰ কৌশলগত আলোচনাৰ সহ-অধ্যক্ষতা কৰাৰ পিছত জাৰি কৰা যৌথ প্ৰেছ বিজ্ঞপ্তিটোত এই কথা উল্লেখ কৰা হৈছে।


ভাৰতৰ গোৱাত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ এদিন পিছতে দুয়োজন বৈদেশিক মন্ত্ৰীয়ে ইছলামবাদত বৈঠকত মিলিত হয়।যৌথ বিবৃতিটোত কোৱা হৈছে যে পাকিস্তান পক্ষই ৰাজ্যৰ কাউন্সিলাৰ তথা বৈদেশিক মন্ত্ৰী কিন গেঙৰ নেতৃত্বত চীনৰ প্ৰতিনিধি দলটোক জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিঘটনাসমূহৰ বিষয়ে অৱগত কৰে। ‘চীনা পক্ষই পুনৰ কয় যে কাশ্মীৰ বিবাদ ভাৰত আৰু পাকিস্তানৰ মাজত ইতিহাসৰ পৰা ৰৈ গৈছে আৰু ৰাষ্ট্ৰসংঘৰ চনদ, প্ৰাসংগিক নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু দ্বিপাক্ষিক চুক্তি অনুসৰি সঠিক আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰা উচিত।’

ইয়াৰ পিছত বিবৃতিটোত উল্লেখ কৰা হৈছে যে “ইতিমধ্যে অস্থিৰ পৰিস্থিতি আৰু অধিক জটিল কৰি তোলা যিকোনো একপক্ষীয় কাৰ্য্যৰ বিৰোধিতা কৰিছিল দুয়োপক্ষই”।যৌথ বিবৃতিটোত লগতে কোৱা হৈছে যে দুয়োখন দেশে “চিপিইচি প্ৰকল্পসমূহৰ শক্তিশালী ৰূপায়ণ” আৰু প্ৰকল্পটো আফগানিস্তানলৈ সম্প্ৰসাৰণৰ দিশত নিজৰ সংকল্প পুনৰ দৃঢ় কৰিছে।


শেষবাৰৰ বাবে নতুন দিল্লীয়ে পুনৰ প্ৰতিবাদ কৰিছিল ২০২১ চনৰ নৱেম্বৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি শ্বেহবাজ শ্বৰীফৰ বৈঠকৰ পিছত জাৰি কৰা যৌথ বিবৃতিৰ বাবে।পৰৱৰ্তী সময়ত শনিবাৰে পঞ্চম চীন-পাকিস্তান-আফগানিস্তান ত্ৰিপাক্ষিক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ অধীনত পাকিস্তান আৰু চীনৰ বৈদেশিক মন্ত্ৰীসকলে ভাৰপ্ৰাপ্ত তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে সাক্ষাৎ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়