--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফল সমাপ্তি ঘটিল ‘অপাৰেশ্যন কাবেৰী’ৰ।  যুদ্ধবিধ্বস্ত চুডানৰ পৰা সুকলমে ৩৮৬২ জন ভাৰতীয়ক উদ্ধাৰ কৰা হয় অপাৰেশ্যন কাবেৰীৰে।  বিদেশ মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে এই ঘোষণা কৰে।

জয়শংকৰে কয় যে ভাৰতীয় বায়ুসেনাৰ চি ১৩০ জে বিমানেৰে আৱদ্ধ হৈ থকা ৪৭ জন যাত্ৰীক ভাৰতলৈ উভতাই অনা হৈছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে এটা টুইটযোগে লিখিছে, “৪৭ জন যাত্ৰী কঢ়িয়াই ভাৰতীয় বায়ুসেনাৰ এখন C130 J বিমান ভাৰতত অৱতৰণ কৰিছে। ইতিমধ্যে অপাৰেশ্যন কাবেৰীৰ দ্বাৰা ৩৮৬২ জন ব্যক্তিক চুডানৰ পৰা উদ্ধাৰ কৰা হৈছে।’’

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ ১৭খন বিমান আৰু ৫খন নৌসেনাৰ জাহাজৰ জৰিয়তে ভাৰতীয় সকলক চুডানৰ পৰা উদ্ধাৰ কৰি চৌদি আৰৱৰ জেদ্দাৰ নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল। চুডানৰ সীমান্তৱৰ্তী দেশসমূহৰ মাজেৰে উদ্ধাৰ কৰি উলিয়াই অনা হৈছিল ৮৬ গৰাকী ভাৰতীয়ক।

বিদেশ মন্ত্ৰী জয়শংকৰে ভাৰতীয় লোকসকলক আতিথ্য প্ৰদান কৰাৰ বাবে চৌদি আৰৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে এই অভিযানৰ সময়ত সহায় আগবঢ়োৱা চাড, ইজিপ্ত, ফ্ৰান্স, দক্ষিণ চুডান, ইউ এ ই, ব্ৰিটেইন, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘক ধন্যবাদ জনায়। ই এ এম য়ে খাৰ্টুমত থকা দূতাবাস আৰু চৌদি আৰৱত নিয়োজিত টিম ইণ্ডিয়া আৰু ভাৰতত সমন্বয়ক এম ই এ ৰেপিড ৰেচপন্স চেলৰ অৱদানক কৃতজ্ঞতা প্ৰদান কৰে জয় শংকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস