--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “চীনত প্ৰতি মিনিটত দহটা শিশু জন্ম হয়। ইয়াৰ বিপৰীতে ভাৰতত প্ৰতি মিনিটত ৩০ টাকৈ শিশুৰ জন্ম হয়। তেনেস্থলত চীনৰ স’তে আমি কেনেকৈ প্ৰতিদ্বন্দিতা কৰিব পাৰিম?”- এই ভাষ্য প্ৰদান কৰিছে কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে।

জনসংখ্যা নিয়ন্ত্ৰণ বিলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেওবাৰে সিঙে কয় যে যিহেতু দেশৰ সম্পদ সীমাৱদ্ধ, সেয়েহে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

এইক্ষেত্ৰত তেওঁ চীনৰ উদাহৰণ দাঙি ধৰে। কয় যে চীনে ১৯৭৯ চনৰ পৰা ‘এটা শিশুৰ নীতি’ প্ৰয়োগ কৰি উন্নয়নৰ জখলাত আগবাঢ়িছে।

উল্লেখ্য যে জনসংখ্যা নিয়ন্ত্ৰণ বিলক লৈ মাজে সময়ে দেশৰ ৰাজনীতিত চৰ্চা চলি আহিছে। বহুতো বিজেপি নেতাই বিলখনৰ সমৰ্থনত থিয় দি আহিছে।

চলিত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে বিলখন সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
“ধৰ্ম-বিভাজন নিৰ্বিশেষে জনসংখ্যা নিয়ন্ত্ৰণ বিলখন প্ৰয়োগ কৰিব লাগে আৰু যিসকলে ইয়াক নামানে তেওঁলোকক চৰকাৰী সুবিধাসমূহ প্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে। তেওঁলোকৰ ভোটদানৰ অধিকাৰো কাঢ়ি ল’ব লাগে।”- গিৰিৰাজ সিঙে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু