--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “চীনত প্ৰতি মিনিটত দহটা শিশু জন্ম হয়। ইয়াৰ বিপৰীতে ভাৰতত প্ৰতি মিনিটত ৩০ টাকৈ শিশুৰ জন্ম হয়। তেনেস্থলত চীনৰ স’তে আমি কেনেকৈ প্ৰতিদ্বন্দিতা কৰিব পাৰিম?”- এই ভাষ্য প্ৰদান কৰিছে কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে।

জনসংখ্যা নিয়ন্ত্ৰণ বিলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেওবাৰে সিঙে কয় যে যিহেতু দেশৰ সম্পদ সীমাৱদ্ধ, সেয়েহে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

এইক্ষেত্ৰত তেওঁ চীনৰ উদাহৰণ দাঙি ধৰে। কয় যে চীনে ১৯৭৯ চনৰ পৰা ‘এটা শিশুৰ নীতি’ প্ৰয়োগ কৰি উন্নয়নৰ জখলাত আগবাঢ়িছে।

উল্লেখ্য যে জনসংখ্যা নিয়ন্ত্ৰণ বিলক লৈ মাজে সময়ে দেশৰ ৰাজনীতিত চৰ্চা চলি আহিছে। বহুতো বিজেপি নেতাই বিলখনৰ সমৰ্থনত থিয় দি আহিছে।

চলিত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে বিলখন সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
“ধৰ্ম-বিভাজন নিৰ্বিশেষে জনসংখ্যা নিয়ন্ত্ৰণ বিলখন প্ৰয়োগ কৰিব লাগে আৰু যিসকলে ইয়াক নামানে তেওঁলোকক চৰকাৰী সুবিধাসমূহ প্ৰদান কৰাৰ পৰা বিৰত থাকিব লাগে। তেওঁলোকৰ ভোটদানৰ অধিকাৰো কাঢ়ি ল’ব লাগে।”- গিৰিৰাজ সিঙে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement