--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ কেইবাটাও ঋণ এপৰ জৰিয়তে ভাৰতত দ্ৰুত ঋণ  লাভৰ ৰমৰমীয়া বেহা চলি আছে। এনে ঋণ এপ সমূহৰ জৰিয়তে বহুতে ঋণ লৈ পিছত হাৰাশাস্তিৰ সন্মুখীন হোৱাৰো নজিৰ আছে। ঋণ প্ৰদান কৰা বহু ভুৱা এপৰ প্ৰতাপতো বহুতে সৰিয়হ ফুল দেখিবলগীয়া হৈছে।

এনে সময়তে ইডিয়ে  শনিবাৰে  চীনা ব্যক্তিসকলৰ দ্বাৰা "নিয়ন্ত্ৰিত" তাৎক্ষণিক এপ-আধাৰিত ঋণত অনিয়মৰ অভিযোগত বাংগালুৰুৰ ৰেজৰপে, পেটিএম আৰু কেছফ্ৰীৰ দৰে অনলাইন পেমেণ্ট গেটৱেৰ ছয়টা চৌহদত অভিযান চলায়।

 ইডিৰ সূত্ৰই প্ৰকাশ কৰা মতে শুকুৰবাৰৰ পৰা  আৰম্ভ হোৱা তালাচী শনিবাৰলৈকে  চলি আছে। তালাচীৰ বিষয়ত ইডিয়ে    কয় যে অভিযানৰ সময়ত "এই চীনা ব্যক্তি নিয়ন্ত্ৰিত প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িক পৰিচয় পত্ৰ আৰু বেংক একাউণ্ট"ত ৰখা ১৭ কোটি টকা জব্দ কৰা হয়। ৰেজৰপে আৰু কেছফ্ৰীয়ে ইডিৰ তালাচীৰ প্ৰসংগত কয় যে তেওঁলোকে ইডিৰ সৈতে সহযোগিতা কৰি আছে। আনহাতে পেটিএমে  এই বিষয়ত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। কেছফ্ৰী পেমেণ্টে কৈছে যে তেওঁলোকৰ অপাৰেচন আৰু অন-বোৰ্ডিং প্ৰক্ৰিয়াবোৰে পিএমএলএ আৰু কেৱাইচি নিৰ্দেশনা মতে কৰা হৈছে।

কোম্পানী কেইটাৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধী ধাৰাৰ অধীনত তদন্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি  কোম্পানীবোৰে  ফোনত এই এপবোৰ ডাউনলোড কৰাৰ সময়ত ঋণ লওঁতাৰ সকলো ব্যক্তিগত তথ্য আহৰণ কৰিছিল। অলপতে গ্ৰাহকৰ  সুৰক্ষাৰ কথা  চিন্তা কৰি গুগলে ভাৰতত ইয়াৰ প্লে ষ্টোৰৰ পৰা এতিয়ালৈকে প্ৰায় ২০০০ টা ব্যক্তিগত ঋণ এপ আঁতৰাই দিছে।

গুগলে প্ৰকাশ কৰা মতে  ২০০০ এপেৰ ভিতৰত  ঋণ দিয়া এপৰ সংখ্যা আধাতকৈও বেছি। বছৰটোৰ আৰম্ভণিৰ পৰা  এনে এপ আঁতৰ কৰাৰ কথা গুগলে চিন্তা কৰি আছিল। ভুৱা এপবোৰৰ জৰিয়তে দুষ্ট চক্ৰই মানুহক ঋণ প্ৰদানৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগতে তেনে এপসমূহ বন্ধ কৰি দিয়া হৈছে বুলি গুগলে প্ৰকাশ কৰিছিল। । 

গুগল এছিয়াৰ জ্যেষ্ঠ সঞ্চালক আৰু ন্যাস আৰু সুৰক্ষাৰ মুৰব্বী চৈকত মিত্ৰই কয় যে এনে এপবোৰে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিছে, সেয়েহে কোম্পানীটোৱে  সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement