--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ কেইবাটাও ঋণ এপৰ জৰিয়তে ভাৰতত দ্ৰুত ঋণ  লাভৰ ৰমৰমীয়া বেহা চলি আছে। এনে ঋণ এপ সমূহৰ জৰিয়তে বহুতে ঋণ লৈ পিছত হাৰাশাস্তিৰ সন্মুখীন হোৱাৰো নজিৰ আছে। ঋণ প্ৰদান কৰা বহু ভুৱা এপৰ প্ৰতাপতো বহুতে সৰিয়হ ফুল দেখিবলগীয়া হৈছে।

এনে সময়তে ইডিয়ে  শনিবাৰে  চীনা ব্যক্তিসকলৰ দ্বাৰা "নিয়ন্ত্ৰিত" তাৎক্ষণিক এপ-আধাৰিত ঋণত অনিয়মৰ অভিযোগত বাংগালুৰুৰ ৰেজৰপে, পেটিএম আৰু কেছফ্ৰীৰ দৰে অনলাইন পেমেণ্ট গেটৱেৰ ছয়টা চৌহদত অভিযান চলায়।

 ইডিৰ সূত্ৰই প্ৰকাশ কৰা মতে শুকুৰবাৰৰ পৰা  আৰম্ভ হোৱা তালাচী শনিবাৰলৈকে  চলি আছে। তালাচীৰ বিষয়ত ইডিয়ে    কয় যে অভিযানৰ সময়ত "এই চীনা ব্যক্তি নিয়ন্ত্ৰিত প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িক পৰিচয় পত্ৰ আৰু বেংক একাউণ্ট"ত ৰখা ১৭ কোটি টকা জব্দ কৰা হয়। ৰেজৰপে আৰু কেছফ্ৰীয়ে ইডিৰ তালাচীৰ প্ৰসংগত কয় যে তেওঁলোকে ইডিৰ সৈতে সহযোগিতা কৰি আছে। আনহাতে পেটিএমে  এই বিষয়ত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। কেছফ্ৰী পেমেণ্টে কৈছে যে তেওঁলোকৰ অপাৰেচন আৰু অন-বোৰ্ডিং প্ৰক্ৰিয়াবোৰে পিএমএলএ আৰু কেৱাইচি নিৰ্দেশনা মতে কৰা হৈছে।

কোম্পানী কেইটাৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধী ধাৰাৰ অধীনত তদন্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি  কোম্পানীবোৰে  ফোনত এই এপবোৰ ডাউনলোড কৰাৰ সময়ত ঋণ লওঁতাৰ সকলো ব্যক্তিগত তথ্য আহৰণ কৰিছিল। অলপতে গ্ৰাহকৰ  সুৰক্ষাৰ কথা  চিন্তা কৰি গুগলে ভাৰতত ইয়াৰ প্লে ষ্টোৰৰ পৰা এতিয়ালৈকে প্ৰায় ২০০০ টা ব্যক্তিগত ঋণ এপ আঁতৰাই দিছে।

গুগলে প্ৰকাশ কৰা মতে  ২০০০ এপেৰ ভিতৰত  ঋণ দিয়া এপৰ সংখ্যা আধাতকৈও বেছি। বছৰটোৰ আৰম্ভণিৰ পৰা  এনে এপ আঁতৰ কৰাৰ কথা গুগলে চিন্তা কৰি আছিল। ভুৱা এপবোৰৰ জৰিয়তে দুষ্ট চক্ৰই মানুহক ঋণ প্ৰদানৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগতে তেনে এপসমূহ বন্ধ কৰি দিয়া হৈছে বুলি গুগলে প্ৰকাশ কৰিছিল। । 

গুগল এছিয়াৰ জ্যেষ্ঠ সঞ্চালক আৰু ন্যাস আৰু সুৰক্ষাৰ মুৰব্বী চৈকত মিত্ৰই কয় যে এনে এপবোৰে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিছে, সেয়েহে কোম্পানীটোৱে  সেইবোৰ আঁতৰাবলৈ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু