--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অৰ্থনৈতিক বিকাশে ব্ৰিটেইনকো চেৰ পেলাই বিশ্বৰ পঞ্চম স্থানত থকা অৰ্থনীতিত পৰিণত হৈছে বুলি এটা চামে ঢাকঢোল বজাই থকাৰ সময়তে নিবনুৱাৰ হুমুনিয়াহেৰে গধুৰ  হৈ পৰিছে দেশৰ আকাশ বতাহ।দেশত কি অৰ্থনৈতিক বিকাশ হৈছে সেয়া বেলেগ কথা যদিও ভাৰতত পিছে এতিয়া নিযুক্তি হ্ৰাস পাইছে। ফলত নিবনুৱাৰ হাৰ বাঢ়িছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ শেহতীয়া পৰিসংখ্যাবোৰ পোহৰলৈ  অহাৰ পিছতে  আকৌ এবাৰ অস্বস্তিত পৰিছে চৰকাৰ।

ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰৰ এক প্ৰতিবেদন অনুসৰি আগষ্ট মাহতে  যোৱা এবছৰৰ ভিতৰত  ভাৰতৰ নিবনুৱাৰ হাৰ সৰ্বাধিক আছিল। সেই মাহত নিবনুৱাৰ হাৰ আছিল ৮.৩ শতাংশ। জুলাইত নিবনুৱাৰ হাৰ আছিল ৬.৮ শতাংশ। বিগত বৰ্ষত  দেশত ৩৯.৭০ কোটি চাকৰিৰ সৃষ্টি হৈছিল। আগষ্টত সেই সংখ্যা  আগৰ বছৰৰ তুলনাত ২০ লাখ হ্ৰাস হৈ ৩৯.৪৬ কোটিলৈ হ্ৰাস পাইছে।

এই সত্যটো পোহৰলৈ অহাৰ পিছত বিৰোধীয়ে কেন্দ্ৰক উভতি ধৰিছে। টিএমচিৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয়, "মোডীক ইমানৰ পিছত অক্ষম বুলি নকৈ কি বুলি কম?"। অৰ্থনীতিবিদ কৌশিক বসুৱেও টুইট কৰিছে: "মুদ্ৰাস্ফীতিৰ সমান্তৰালভাবে নিবনুৱাৰ সংখ্যাও বৃদ্ধি পাইছে"। তেওঁ কেন্দ্ৰক সতৰ্ক কৰি দি কয়  যে এনে সংকটৰ মোকাবিলা কৰিবলৈ  নীতি নিৰ্ধাৰণ কৰাটো এতিয়া কেন্দ্ৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ’ব। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (চিএমআইই)ৰ মতে, দেশৰ চহৰবোৰত নিবনুৱাৰ হাৰ গ্ৰাম্য অঞ্চলতকৈ অধিক।

এই বছৰৰ আগষ্ট মাহত দেশৰ চহৰসমূহত  নিবনুৱাৰ হাৰ আছিল ৯.৬ শতাংশ। গাওঁসমূহত নিবনুৱাৰ হাৰ ৭.৭ শতাংশ। চি.এম.আই.ই.-ৰ পৰিচালনা সঞ্চালক মহেশ ব্যাসে এয়া ভয়াৱহ কথা বুলি উল্লেখ কৰিছে।

চি.এম.আই.ই.-ৰ প্ৰতিবেদন অনুসৰি জুলাইত গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ আছিল ৬.১ শতাংশ।আগষ্টত ই ৭.৭ শতাংশলৈ বৃদ্ধি পাইছিল। ইয়াৰ উপৰি গাওঁসমূহত  নিযুক্তি হ্ৰাস পাইছে। জুলাইত গ্ৰাম্য ভাৰতত ৩৭.৬ শতাংশৰ পৰা, আগষ্টত ই ৩৭.৩ শতাংশলৈ নিযুক্তি  হ্ৰাস পাইছে। এই সন্দৰ্ভত ব্যাসে কয় যে এই বছৰ বৰষুণেও সমস্যাৰ সৃষ্টি কৰিছে । কৰবাত প্ৰচণ্ড বৰষুণ হৈছে।  কৰবাত প্ৰয়োজনতকৈ বহুত কম বৰষুণ হৈছে। ইয়াৰ ফলত কৃষিৰ ব্যাপক ক্ষতি হৈছে। 

সেইকাৰণে গ্ৰাম্য ভাৰতত নিযুক্তি হ্ৰাস পাইছে আৰু নিবনুৱা বৃদ্ধি পাইছে।তেওঁ অৱশ্যে আশা ব্যক্ত কৰে যে অহা মাহবোৰত গাওঁসমূহত নিবনুৱাৰ হাৰ হ্ৰাস পাব পাৰে। তেওঁৰ মতে, বিলম্বিত বাৰিষাৰ বাবে বহু ঠাইত এতিয়াহে  বৰষুণ আৰম্ভ হৈছে। ইয়াৰ ফলত নতুনকৈ কৃষিকাৰ্য বৃদ্ধি হ'ব আৰু পৰিস্থিতি যথেষ্ট উন্নত হ'ব বুলি আশা কৰা হৈছে। তেওঁ অৱশ্যে,  চহৰসমূহত নিবনুৱাৰ হাৰ বৃদ্ধি হ'ব নে হ্ৰাস হ'ব সেই বিষয়ত স্পষ্টকৈ একো ক’ব পৰা নাই। উল্লেখ্য লকডাউনৰ সময়তে কাম হেৰুৱাই বহুতে চহৰৰ পৰা গাঁৱলৈ ঘূৰি গৈছিল। গাঁৱত থকা সামান্য মাটিতে চহৰৰ পৰা ঘূৰি যোৱাসকলেও পৰিয়ালৰ আন  সদস্যৰ সৈতে কাম কৰিবলৈ লোৱাত কৃষি খণ্ডত অপ্ৰয়োজনীয়ভাবে অতিৰিক্ত লোক নিয়োজিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ