--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শত্ৰুৰ শত্ৰু বন্ধু! আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰিবলৈ ভাৰতে আৰম্ভণিৰে পৰাই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ ভাবুকিৰ সৈতে মোকাবিলা কৰি আহিছে। আনহাতে পাকিস্তান আৰু চীন বন্ধু। পাকিস্তানৰ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজনীয়তাৰ বেছিভাগেই চীনে পূৰণ কৰে। কিন্তু এইবাৰ পাকিস্তানক ঠগিলে চীনে! সামৰিক অস্ত্ৰ প্ৰেৰণৰ নামত ঠগিলে পাকিস্তানক।

সস্তা আৰু সুলভ বাবে চীনত নিৰ্মিত সামগ্ৰী আৰু প্ৰযুক্তিৰ চাহিদা বিশ্বৰ বজাৰত ব্যাপকভাৱে বিয়পি পৰিছে। চীনৰ সামগ্ৰীসমূহ যে অনুন্নত মানদণ্ডৰ বাবে কম দামী- সেয়া বন্ধু পাকিস্তানে এতিয়া অনুভৱ কৰিছে।

শেহতীয়াকৈ চীনে পাকিস্তানলৈ কেইখনমান 'আননেমড এৰিয়েল ভেহিকল’ (UAV) প্ৰেৰণ কৰিছিল। এই মানৱবিহীন বিমান বা ড্ৰ’নকেইখন চীনে পাকিস্তানলৈ অনা হ’ল। ইউ এ ভিৰ উপৰিও পাকিস্তান চৰকাৰে চীনৰ পৰা এয়াৰ টু গ্ৰাউণ্ড মিছাইলৰ দৰে কিছু ব্যয়বহুল অস্ত্ৰও আমদানি কৰিছিল।

চি এইচ-৪ ইউ এ ভি ড্ৰোন নিৰ্মাণ কৰিছে চীনৰ কোম্পানী ‘এলিট’-এ। সেই কোম্পানীৰ পৰাই পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল ড্ৰোন।

কিন্তু সেই ড্ৰোনকেইখনক লৈ চিন্তিত হৈ পৰিল পাকিস্তান পোৱাৰ পিছত পাকিস্তানী সামৰিক বিষয়াসকল। সামৰিক সেনাধ্যক্ষসকলে পৰ্যবেক্ষণ কৰে যে এখন ড্ৰ’নৰ ডেউকা ভঙা। ড্ৰ’নখনৰ ডাঙৰ যান্ত্ৰিক দোষ আছে। তেনেকৈয়ে চীনৰ পৰা পাকিস্তানলৈ পঠিওৱা হৈছিল সেইখন।

পাকিস্তানী সামৰিক বিষয়াই লক্ষ্য কৰে যে চীনে পঠোৱা আন এখন ড্ৰ’নৰ ‘এগজেষ্ট মেনিফল্ড’ পাইপডাল ভঙা। এই পাইপডালে ড্ৰ’নৰ ভিতৰৰ পৰা বিভিন্ন গেছ নিৰ্গত কৰাত সহায় কৰে। আন এখন ইউএভি ড্ৰ’নৰ টাৰ্বোচাৰ্জাৰত বৃহৎ ফাঁট লক্ষ্য কৰা যায়। ড্ৰ’নৰ ইঞ্জিনৰ কেইটামান সমস্যাও পোহৰলৈ আহিল।

ইউ এ ভি ড্ৰ’ন মূলতঃ শত্ৰুৰ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ ধৰা পেলাবলৈ আৰু তৎক্ষণাত ইয়াৰ ভিডিঅ’ প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু চীনে পঠোৱা ড্ৰ’নকেইখনত ত্ৰুটি ধৰা পেলাইছে পাকিস্তানৰ সামৰিক বিষয়াসকলে।

চীনে পঠোৱা মিছাইল তথা ক্ষেপণাস্ত্ৰসমূহতো ত্ৰুটি ধৰা পৰে। পৰীক্ষাত দেখা গ’ল যে ইয়াৰে এটা ক্ষেপণাস্ত্ৰৰ যান্ত্ৰিক বিজুতি ঘটিছে। ফলত এই ক্ষেপণাস্ত্ৰ এতিয়া ব্যৱহাৰযোগ্য নহয়। যান্ত্ৰিক বিজুতিৰ বাবে ক্ষেপণাস্ত্ৰটোৱে লক্ষ্য বিচাৰি উলিওৱাৰ ক্ষমতা হেৰুৱাই পেলায়।

ইতিমধ্যে পাকিস্তানে চীনলৈ এইসমূহ ঘূৰাই পঠাইছে। ইউ এ ভি ড্ৰোন আৰু মিছাইল মেৰামতি আৰু সলনি কৰাৰ বাবে চীনলৈ এইসমূূ ঘূৰাই পঠিওৱা হৈছে। কিন্তু সামৰিক বিশেষজ্ঞৰ মতে এই ক্ষেপণাস্ত্ৰ সংশোধনৰ কোনো আশা নাই।

যদি এই এয়াৰ টু গ্ৰাউণ্ড মিছাইলবোৰে কাম নকৰে তেন্তে পাকিস্তানৰ অস্ত্ৰভাণ্ডাৰত শত্ৰুৰ স্থল বাহিনীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কোনো অস্ত্ৰ নাথাকিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চীনৰ পৰা আমদানি কৰা ইউ এ ভি ড্ৰ’নক লৈ চিন্তিত হৈ পৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়। গতিকে এতিয়া দেশখনে পশ্চিমীয়া দেশৰ পৰা ড্ৰ’ন আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ কিনিব বিচাৰিছে।

শুনা গৈছে যে, পাকিস্তানে অষ্ট্ৰিয়াৰ অস্ত্ৰ নিৰ্মাণ কোম্পানী "শ্বিবেল"ৰ কাষ চাপিছে এছ-১০০ ইউএভি ড্ৰোন ক্ৰয় কৰিবলৈ। চীনৰ প্ৰতি বন্ধুত্বৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে পাকিস্তানে। ফলত পাকিস্তান আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক ফাটি যাব পাৰে বুলিও বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন