--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শত্ৰুৰ শত্ৰু বন্ধু! আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰিবলৈ ভাৰতে আৰম্ভণিৰে পৰাই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ ভাবুকিৰ সৈতে মোকাবিলা কৰি আহিছে। আনহাতে পাকিস্তান আৰু চীন বন্ধু। পাকিস্তানৰ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজনীয়তাৰ বেছিভাগেই চীনে পূৰণ কৰে। কিন্তু এইবাৰ পাকিস্তানক ঠগিলে চীনে! সামৰিক অস্ত্ৰ প্ৰেৰণৰ নামত ঠগিলে পাকিস্তানক।

সস্তা আৰু সুলভ বাবে চীনত নিৰ্মিত সামগ্ৰী আৰু প্ৰযুক্তিৰ চাহিদা বিশ্বৰ বজাৰত ব্যাপকভাৱে বিয়পি পৰিছে। চীনৰ সামগ্ৰীসমূহ যে অনুন্নত মানদণ্ডৰ বাবে কম দামী- সেয়া বন্ধু পাকিস্তানে এতিয়া অনুভৱ কৰিছে।

শেহতীয়াকৈ চীনে পাকিস্তানলৈ কেইখনমান 'আননেমড এৰিয়েল ভেহিকল’ (UAV) প্ৰেৰণ কৰিছিল। এই মানৱবিহীন বিমান বা ড্ৰ’নকেইখন চীনে পাকিস্তানলৈ অনা হ’ল। ইউ এ ভিৰ উপৰিও পাকিস্তান চৰকাৰে চীনৰ পৰা এয়াৰ টু গ্ৰাউণ্ড মিছাইলৰ দৰে কিছু ব্যয়বহুল অস্ত্ৰও আমদানি কৰিছিল।

চি এইচ-৪ ইউ এ ভি ড্ৰোন নিৰ্মাণ কৰিছে চীনৰ কোম্পানী ‘এলিট’-এ। সেই কোম্পানীৰ পৰাই পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল ড্ৰোন।

কিন্তু সেই ড্ৰোনকেইখনক লৈ চিন্তিত হৈ পৰিল পাকিস্তান পোৱাৰ পিছত পাকিস্তানী সামৰিক বিষয়াসকল। সামৰিক সেনাধ্যক্ষসকলে পৰ্যবেক্ষণ কৰে যে এখন ড্ৰ’নৰ ডেউকা ভঙা। ড্ৰ’নখনৰ ডাঙৰ যান্ত্ৰিক দোষ আছে। তেনেকৈয়ে চীনৰ পৰা পাকিস্তানলৈ পঠিওৱা হৈছিল সেইখন।

পাকিস্তানী সামৰিক বিষয়াই লক্ষ্য কৰে যে চীনে পঠোৱা আন এখন ড্ৰ’নৰ ‘এগজেষ্ট মেনিফল্ড’ পাইপডাল ভঙা। এই পাইপডালে ড্ৰ’নৰ ভিতৰৰ পৰা বিভিন্ন গেছ নিৰ্গত কৰাত সহায় কৰে। আন এখন ইউএভি ড্ৰ’নৰ টাৰ্বোচাৰ্জাৰত বৃহৎ ফাঁট লক্ষ্য কৰা যায়। ড্ৰ’নৰ ইঞ্জিনৰ কেইটামান সমস্যাও পোহৰলৈ আহিল।

ইউ এ ভি ড্ৰ’ন মূলতঃ শত্ৰুৰ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ ধৰা পেলাবলৈ আৰু তৎক্ষণাত ইয়াৰ ভিডিঅ’ প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু চীনে পঠোৱা ড্ৰ’নকেইখনত ত্ৰুটি ধৰা পেলাইছে পাকিস্তানৰ সামৰিক বিষয়াসকলে।

চীনে পঠোৱা মিছাইল তথা ক্ষেপণাস্ত্ৰসমূহতো ত্ৰুটি ধৰা পৰে। পৰীক্ষাত দেখা গ’ল যে ইয়াৰে এটা ক্ষেপণাস্ত্ৰৰ যান্ত্ৰিক বিজুতি ঘটিছে। ফলত এই ক্ষেপণাস্ত্ৰ এতিয়া ব্যৱহাৰযোগ্য নহয়। যান্ত্ৰিক বিজুতিৰ বাবে ক্ষেপণাস্ত্ৰটোৱে লক্ষ্য বিচাৰি উলিওৱাৰ ক্ষমতা হেৰুৱাই পেলায়।

ইতিমধ্যে পাকিস্তানে চীনলৈ এইসমূহ ঘূৰাই পঠাইছে। ইউ এ ভি ড্ৰোন আৰু মিছাইল মেৰামতি আৰু সলনি কৰাৰ বাবে চীনলৈ এইসমূূ ঘূৰাই পঠিওৱা হৈছে। কিন্তু সামৰিক বিশেষজ্ঞৰ মতে এই ক্ষেপণাস্ত্ৰ সংশোধনৰ কোনো আশা নাই।

যদি এই এয়াৰ টু গ্ৰাউণ্ড মিছাইলবোৰে কাম নকৰে তেন্তে পাকিস্তানৰ অস্ত্ৰভাণ্ডাৰত শত্ৰুৰ স্থল বাহিনীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কোনো অস্ত্ৰ নাথাকিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চীনৰ পৰা আমদানি কৰা ইউ এ ভি ড্ৰ’নক লৈ চিন্তিত হৈ পৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়। গতিকে এতিয়া দেশখনে পশ্চিমীয়া দেশৰ পৰা ড্ৰ’ন আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ কিনিব বিচাৰিছে।

শুনা গৈছে যে, পাকিস্তানে অষ্ট্ৰিয়াৰ অস্ত্ৰ নিৰ্মাণ কোম্পানী "শ্বিবেল"ৰ কাষ চাপিছে এছ-১০০ ইউএভি ড্ৰোন ক্ৰয় কৰিবলৈ। চীনৰ প্ৰতি বন্ধুত্বৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে পাকিস্তানে। ফলত পাকিস্তান আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক ফাটি যাব পাৰে বুলিও বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা