--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাঢ়ি গৈ আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ইচ্ছুক ভাৰতীয় বংশোদ্ভৱ প্ৰাৰ্থীৰ নাম। নিকি হেলীৰ পাছত এইবাৰ আন এজন ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান নেতাই নিজকে ২০২৪ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

তেওঁ হৈছে ৩৭ বছৰীয়া উদ্যোগপতি বিবেক ৰামস্বামী। তেওঁ দাবী কৰিছে যে তেওঁ ৰাষ্ট্ৰপতি হ’লে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু যোগ্যতাৰ ভিত্তিত আমেৰিকা পুনৰ নিৰ্মাণ কৰিব।

ৰামস্বামীৰ উপৰিপুৰুষৰ ঘৰ ভাৰতৰ কেৰালাত। তেওঁৰ পৰিয়ালে তাৰ পৰা অ’হিঅ’ৰ এটা শক্তি প্ৰকল্পত কাম কৰিবলৈ আমেৰিকালৈ গুচি গৈছিল। এটা টিভি সাক্ষাৎকাৰত তেওঁ দ্বিতীয় ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰিছে।

তেওঁ কয়, “মই ঘোষণা কৰি গৌৰৱান্বিত যে মই এই দেশখনৰ হেৰুওৱা আদৰ্শ ঘূৰাই আনিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম।‘’ ৰামস্বামীয়ে লগতে কয় যে তেওঁ আমেৰিকাৰ সকলো স্তৰতে দেশীয় প্ৰতিভা ঘূৰাই আনিবলৈ সংকল্পবদ্ধ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। নিকিয়ে নিজকে এজন ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ গৌৰৱান্বিত কন্যা বুলি দাবী কৰিছিল। তেওঁ আমেৰিকাৰ ইতিহাস পুনৰ লিখাৰ সময় হৈছে বুলিও মন্তব্য কৰিছিল। এইবাৰ ৰামাস্বামীৰ কণ্ঠতো প্ৰায় একেই সুৰ শুনা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা