--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাঢ়ি গৈ আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ইচ্ছুক ভাৰতীয় বংশোদ্ভৱ প্ৰাৰ্থীৰ নাম। নিকি হেলীৰ পাছত এইবাৰ আন এজন ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান নেতাই নিজকে ২০২৪ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

তেওঁ হৈছে ৩৭ বছৰীয়া উদ্যোগপতি বিবেক ৰামস্বামী। তেওঁ দাবী কৰিছে যে তেওঁ ৰাষ্ট্ৰপতি হ’লে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু যোগ্যতাৰ ভিত্তিত আমেৰিকা পুনৰ নিৰ্মাণ কৰিব।

ৰামস্বামীৰ উপৰিপুৰুষৰ ঘৰ ভাৰতৰ কেৰালাত। তেওঁৰ পৰিয়ালে তাৰ পৰা অ’হিঅ’ৰ এটা শক্তি প্ৰকল্পত কাম কৰিবলৈ আমেৰিকালৈ গুচি গৈছিল। এটা টিভি সাক্ষাৎকাৰত তেওঁ দ্বিতীয় ভাৰতীয় বংশোদ্ভূত আৰু ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰিছে।

তেওঁ কয়, “মই ঘোষণা কৰি গৌৰৱান্বিত যে মই এই দেশখনৰ হেৰুওৱা আদৰ্শ ঘূৰাই আনিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম।‘’ ৰামস্বামীয়ে লগতে কয় যে তেওঁ আমেৰিকাৰ সকলো স্তৰতে দেশীয় প্ৰতিভা ঘূৰাই আনিবলৈ সংকল্পবদ্ধ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। নিকিয়ে নিজকে এজন ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ গৌৰৱান্বিত কন্যা বুলি দাবী কৰিছিল। তেওঁ আমেৰিকাৰ ইতিহাস পুনৰ লিখাৰ সময় হৈছে বুলিও মন্তব্য কৰিছিল। এইবাৰ ৰামাস্বামীৰ কণ্ঠতো প্ৰায় একেই সুৰ শুনা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ