--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিজে যুদ্ধক্ষেত্ৰত নানামি আন দেশৰ হতুৱাই যুদ্ধ অব্যাহত ৰখা আমেৰিকাই ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰি অহাৰ লগতে টাইৱানক ব্যৱহাৰ কৰিছে চীনৰ বিৰুদ্ধে। চীন-টাইৱানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাই সেই উত্তেজনা প্ৰশমিত কৰিবলৈ চেষ্টা কৰাৰ সলনি এইবাৰ টাইৱানক ৯,০০০ কোটি টকৰাৰ অস্ত্ৰহে দিবলৈ ওলাইছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰই চীনা আক্ৰমণ প্ৰতিহত কৰিবলৈ টাইৱানলৈ সামৰিক সাহায্য প্ৰেৰণ কৰাৰ সিদ্ধান্তত চীল মোহৰ মাৰিছে বুলি মাৰ্কিন চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে শুকুৰবাৰে টাইৱানক ১.১ বিলিয়ন ডলাৰ (প্ৰায় ৮,৭৭০ কোটি টকা) মূল্যৰ অস্ত্ৰ আৰু সামৰিক সঁজুলি প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাষ্ট্ৰপতি জো বিডেনৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনেটে প্ৰশান্ত মহাসাগৰীয় 'দ্বীপ ৰাষ্ট্ৰ' টাইৱানক সামৰিক সহায়ৰ প্ৰস্তাৱত অনুমোদন জনায়।পেন্টাগনৰ মতে, টাইৱানলৈ নতুন সামৰিক সাহায্যত ৬৬৫ নিযুত ডলাৰ (প্ৰায় ৫,৩০০ কোটি টকা) মূল্যৰ ৰাডাৰ সতৰ্কবাণী প্ৰণালীও অন্তৰ্ভুক্ত আছে।

ইয়াৰ জৰিয়তে চীনা পিপলছ লিবাৰেচন আৰ্মীৰ দ্বাৰা নিক্ষেপ কৰা মিছাইলসমূহ আগতীয়াকৈ চিনাক্ত কৰিব পৰা যাব। ফলস্বৰূপে, টাইৱানৰ সেনাই মিছাইল বিৰোধী প্ৰণালীৰ সহায়ত ইয়াক ধ্বংস কৰিবলৈ সক্ষম হ'ব। লগতে ৩৫৫ নিযুত ডলাৰ (প্ৰায় ২,৮৩০ কোটি টকা) মূল্যৰ ৬০ খন জাহাজ বিৰোধী হাৰপুন মিছাইলো টাইৱানে আমেৰিকাৰ পৰা লাভ কৰিব। টাইৱানক দিয়া আমেৰিকান যুঁজাৰু বিমান এফ-১৬ ব্যৱহাৰ কৰি টাইৱানৰ সেনাই চীনৰ সেনাক চাপত ৰাখিবলৈ সক্ষম হৈছে। উল্লেখ্য চীনৰ সতৰ্কবাণী উপেক্ষা কৰি পেলোছি  নেন্সিয়ে ২ আগষ্টত টাইৱান ভ্ৰমণ কৰিছিল।

 তেতিয়াৰে পৰা বেইজিঙে টাইৱান ষ্ট্ৰেইট আৰু ইয়াৰ কাষৰীয়া চীন সাগৰত সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰিছে। টাইৱানৰ আকাশসীমাত চীনে যুদ্ধ বিমান উৰুৱাইছে।  চীনা যুদ্ধবিমান আৰু যুদ্ধজাহাজৰ চলাচলৰ  বাবে টাইৱান ষ্ট্ৰেইটত বাণিজ্যিক বিমান আৰু নৌ অভিযান প্ৰায় বন্ধ হৈ পৰিছে। টাইৱানে দাবী কৰিছে যে টাইৱান ষ্ট্ৰেইটত পাঁচখন চীনা যুদ্ধজাহাজ আৰু ২১ খন যুদ্ধবিমান আছে। ফলস্বৰূপে, টাইৱান ষ্ট্ৰেইট আৰু দক্ষিণ চীন সাগৰত বাণিজ্যিক জাহাজৰ চলাচল হ্ৰাস পাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই টাইৱানক এই উত্তেজনাময় পৰিৱেশত সহায় কৰিবলৈ আগুৱাই আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ মিছাইল ক্ৰুজাৰ ইউএছএছ এণ্টিয়াটাম আৰু ইউএছএছ চাঞ্চেলৰচভিল টাইৱান ষ্ট্ৰেইটত সাজু কৰি ৰখা হৈছে। বিশ্বৰ অন্যতম বৃহৎ বিমান বাহক ইউএছএছ ৰোনাল্ড ৰেগান, বিধ্বংসী যুদ্ধজাহাজ ইউএছএছ হিগিন্স আৰু দ্ৰুত অৱতৰণ কৰা জাহাজ ইউএছএছ ত্ৰিপলিকো আমেৰিকাই টাইৱানৰ কাষতে সাজু ৰাখিছে। 

ইয়াৰ উপৰিও, আমেৰিকা যুক্তৰাষ্ট্ৰই টাইৱান উপকূলৰ পশ্চিমে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাপানৰ সৈতে যুটীয়া যুদ্ধ অনুশীলন আৰম্ভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৭ম ফ্লীটৰ সৈতে, স্থল সেনাৰ বিশেষ  বিভাগ আৰু আৰ্টিলাৰী ব্ৰিগেডে 'অপাৰেচন অৰিয়েণ্ট শ্বিল্ড' নামৰ অনুশীলনত অংশগ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু