--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টিউমাৰটো ইমানেই ডাঙৰ আছিল যে ১৪ জন চিকিৎসকে অপাৰেচন সম্পূৰ্ণ কৰিবলৈ ২ ঘণ্টা সময় লাগিছিল। এই টিউমাৰটো ৪ ফুট বহল আৰু ৯ ইঞ্চি দীঘল আছিল আৰু ইয়াৰ মুঠ ওজন আছিল প্ৰায় ৪৫ কেজি।এজন চিকিৎসকে ছ’চিয়েল মিডিয়াত টিউমাৰটোৰ কিছু ছবি শ্বেয়াৰ কৰিছে, যিবোৰ দেখি সকলোৱে আচৰিত হৈছিল।

চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এগৰাকী মহিলাৰ পেটৰ পৰা প্ৰায় ৪৫ কিলোগ্ৰাম ওজনৰ টিউমাৰ এটা উলিয়াই আনিলে। ইমান ডাঙৰ টিউমাৰ এটা দেখি অপাৰেচন কৰা চিকিৎসকসকলো আচৰিত হৈছিল। চিকিৎসকে ক’লে যে তেওঁলোকে আগতে কেতিয়াও ইমান ডাঙৰ টিউমাৰ দেখা নাছিল।

গোচৰটো হৈছে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ। য’ত এগৰাকী ৪৫ বছৰীয়া মহিলাক শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে ছাও জোচে ড’ আৱাই চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তদন্তৰ অন্তত বুধবাৰে চিকিৎসকে অস্ত্ৰোপচাৰ আৰম্ভ কৰি মহিলাগৰাকীৰ শৰীৰৰ পৰা ১০০ পাউণ্ড (৪৫ কিলোগ্ৰাম) ওজনৰ এটা টিউমাৰ আঁতৰাই পেলায়।

টিউমাৰটো ইমানেই ডাঙৰ আছিল যে ১৪ জন চিকিৎসকে অপাৰেচন সম্পূৰ্ণ কৰিবলৈ ২ ঘণ্টা সময় লাগিছিল। টিউমাৰটো ৪ ফুট বহল আৰু ৯ ইঞ্চি দীঘল আছিল আৰু ইয়াৰ মুঠ ওজন আছিল ৪৫ কিলোগ্ৰামৰ ওচৰত।

চিকিৎসালয়খনৰ ডাঃ গ্লেচিঅ’ ব’চাটে ছ’চিয়েল মিডিয়াত এই টিউমাৰৰ কিছু ছবি শ্বেয়াৰ কৰিছে। ছবিবোৰ দেখি সকলোৱে আচৰিত হৈ পৰিছে যে যোৱা ৫ বছৰ ধৰি ইমান ডাঙৰ টিউমাৰ এটা লৈ কেনেকৈ জীয়াই আছিল মহিলাগৰাকী।

বৰ্তমান চিকিৎসকসকলে কিছু পৰীক্ষাৰ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে, যাৰ ফলত মহিলাগৰাকীৰ কৰ্কট ৰোগ আছে নে নাই সেই কথা প্ৰকাশ পাব। মহিলা গৰাকী এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ অৱস্থা সুস্থিৰ। চিকিৎসা সঁজুলিৰ সহায় নোলোৱাকৈ তেওঁ উশাহ লৈ আছে।

ব্ৰাজিলৰ নিউজ আউটলেট ইউ অ’ এলৰ মতে, ডাঃ ব’চাটে কৈছিল- ‘এয়া আছিল মই অস্ত্ৰোপচাৰ কৰা আটাইতকৈ ডাঙৰ টিউমাৰ আৰু নিশ্চিতভাৱে এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ টিউমাৰ। বৰ্তমান বায়’প্সিৰ ফলাফল জানিবলৈ প্ৰায় তিনি সপ্তাহ সময় লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ