--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টিউমাৰটো ইমানেই ডাঙৰ আছিল যে ১৪ জন চিকিৎসকে অপাৰেচন সম্পূৰ্ণ কৰিবলৈ ২ ঘণ্টা সময় লাগিছিল। এই টিউমাৰটো ৪ ফুট বহল আৰু ৯ ইঞ্চি দীঘল আছিল আৰু ইয়াৰ মুঠ ওজন আছিল প্ৰায় ৪৫ কেজি।এজন চিকিৎসকে ছ’চিয়েল মিডিয়াত টিউমাৰটোৰ কিছু ছবি শ্বেয়াৰ কৰিছে, যিবোৰ দেখি সকলোৱে আচৰিত হৈছিল।

চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এগৰাকী মহিলাৰ পেটৰ পৰা প্ৰায় ৪৫ কিলোগ্ৰাম ওজনৰ টিউমাৰ এটা উলিয়াই আনিলে। ইমান ডাঙৰ টিউমাৰ এটা দেখি অপাৰেচন কৰা চিকিৎসকসকলো আচৰিত হৈছিল। চিকিৎসকে ক’লে যে তেওঁলোকে আগতে কেতিয়াও ইমান ডাঙৰ টিউমাৰ দেখা নাছিল।

গোচৰটো হৈছে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ। য’ত এগৰাকী ৪৫ বছৰীয়া মহিলাক শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে ছাও জোচে ড’ আৱাই চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তদন্তৰ অন্তত বুধবাৰে চিকিৎসকে অস্ত্ৰোপচাৰ আৰম্ভ কৰি মহিলাগৰাকীৰ শৰীৰৰ পৰা ১০০ পাউণ্ড (৪৫ কিলোগ্ৰাম) ওজনৰ এটা টিউমাৰ আঁতৰাই পেলায়।

টিউমাৰটো ইমানেই ডাঙৰ আছিল যে ১৪ জন চিকিৎসকে অপাৰেচন সম্পূৰ্ণ কৰিবলৈ ২ ঘণ্টা সময় লাগিছিল। টিউমাৰটো ৪ ফুট বহল আৰু ৯ ইঞ্চি দীঘল আছিল আৰু ইয়াৰ মুঠ ওজন আছিল ৪৫ কিলোগ্ৰামৰ ওচৰত।

চিকিৎসালয়খনৰ ডাঃ গ্লেচিঅ’ ব’চাটে ছ’চিয়েল মিডিয়াত এই টিউমাৰৰ কিছু ছবি শ্বেয়াৰ কৰিছে। ছবিবোৰ দেখি সকলোৱে আচৰিত হৈ পৰিছে যে যোৱা ৫ বছৰ ধৰি ইমান ডাঙৰ টিউমাৰ এটা লৈ কেনেকৈ জীয়াই আছিল মহিলাগৰাকী।

বৰ্তমান চিকিৎসকসকলে কিছু পৰীক্ষাৰ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে, যাৰ ফলত মহিলাগৰাকীৰ কৰ্কট ৰোগ আছে নে নাই সেই কথা প্ৰকাশ পাব। মহিলা গৰাকী এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ অৱস্থা সুস্থিৰ। চিকিৎসা সঁজুলিৰ সহায় নোলোৱাকৈ তেওঁ উশাহ লৈ আছে।

ব্ৰাজিলৰ নিউজ আউটলেট ইউ অ’ এলৰ মতে, ডাঃ ব’চাটে কৈছিল- ‘এয়া আছিল মই অস্ত্ৰোপচাৰ কৰা আটাইতকৈ ডাঙৰ টিউমাৰ আৰু নিশ্চিতভাৱে এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ টিউমাৰ। বৰ্তমান বায়’প্সিৰ ফলাফল জানিবলৈ প্ৰায় তিনি সপ্তাহ সময় লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু