--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ’ চুবুৰীয়া ৰাষ্ট্ৰ চীনক প্ৰত্যুত্তৰ দিলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। বিগত ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ছেলা সুৰংগ উদ্বোধন কৰিবলৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰা সন্দৰ্ভত চীনৰ মন্তব্য নাকচ কৰে ভাৰতে। অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংগ বুলি দাবী কৰা চীনে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক লৈ কৰা কটু মন্তব্যক যোগ্য প্ৰত্যুত্তৰো দিয়ে ভাৰতে। ভাৰতৰ এই পদক্ষেপে সীমা সমস্যাক আৰু অধিক জটিল কৰি তুলিব বুলিও মন্তব্য কৰে চীনে।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি এক বিবৃতিযোগে কয় যে ‘প্ৰধানমন্ত্ৰীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণ‘ সন্দৰ্ভত চীনৰ মন্তব্যক আমি তীব্ৰ বিৰোধিতা কৰো আৰু ভাৰতীয় নেতাসকলে সময়ে সময়ে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে। এনে ভ্ৰমণ বা ভাৰতৰ উন্নয়নমূলক প্ৰকল্পৰ ওপৰত চীনৰ আপত্তি কৰাটো অযুক্তিকৰ‘ বুলি উল্লেখ কৰি জয়ছৱালে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল,  আছে আৰু সদায় থাকিব। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে চীনক এই বিষয়ে কেইবাবাৰো অৱগত কৰা হৈছে। কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পাছত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কৈছিল যে বেইজিঙে কেতিয়াও অৰুণাচল প্ৰদেশক ভাৰতৰ অংগ বুলি গণ্য নকৰে।

স্মৰ্তব্য যে ১৩ হাজাৰ ফুট উচ্চতাত অৱস্থিত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেনযুক্ত ছেলা সুৰংগটো ৯ মাৰ্চত অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছিল। গুৰুত্বপূৰ্ণ এই সুৰংগটোৱে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ ভাৰতৰ সকলো ৰাজ্যৰ লগত যোগাযোগ সুনিশ্চিত কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ