--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ’ চুবুৰীয়া ৰাষ্ট্ৰ চীনক প্ৰত্যুত্তৰ দিলে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। বিগত ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ছেলা সুৰংগ উদ্বোধন কৰিবলৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰা সন্দৰ্ভত চীনৰ মন্তব্য নাকচ কৰে ভাৰতে। অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ অংগ বুলি দাবী কৰা চীনে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক লৈ কৰা কটু মন্তব্যক যোগ্য প্ৰত্যুত্তৰো দিয়ে ভাৰতে। ভাৰতৰ এই পদক্ষেপে সীমা সমস্যাক আৰু অধিক জটিল কৰি তুলিব বুলিও মন্তব্য কৰে চীনে।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি এক বিবৃতিযোগে কয় যে ‘প্ৰধানমন্ত্ৰীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণ‘ সন্দৰ্ভত চীনৰ মন্তব্যক আমি তীব্ৰ বিৰোধিতা কৰো আৰু ভাৰতীয় নেতাসকলে সময়ে সময়ে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰে। এনে ভ্ৰমণ বা ভাৰতৰ উন্নয়নমূলক প্ৰকল্পৰ ওপৰত চীনৰ আপত্তি কৰাটো অযুক্তিকৰ‘ বুলি উল্লেখ কৰি জয়ছৱালে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল,  আছে আৰু সদায় থাকিব। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে চীনক এই বিষয়ে কেইবাবাৰো অৱগত কৰা হৈছে। কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পাছত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কৈছিল যে বেইজিঙে কেতিয়াও অৰুণাচল প্ৰদেশক ভাৰতৰ অংগ বুলি গণ্য নকৰে।

স্মৰ্তব্য যে ১৩ হাজাৰ ফুট উচ্চতাত অৱস্থিত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেনযুক্ত ছেলা সুৰংগটো ৯ মাৰ্চত অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছিল। গুৰুত্বপূৰ্ণ এই সুৰংগটোৱে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ ভাৰতৰ সকলো ৰাজ্যৰ লগত যোগাযোগ সুনিশ্চিত কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু