--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষাৰ ক্ষেত্ৰ খনত ভাৰত পূৰ্বতকৈ ভালে খিনি আত্মনিৰ্ভৰ হৈছে যদিও আমাৰ দেশ খন  এতিয়াও বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তা দেশ হিচাবেই পৰিগণিত হৈ আছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষাখণ্ডক শক্তিশালী কৰাৰ বাবে দেশৰ মাটিতে  অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বিষয়ত  'আত্মনিৰ্ভৰশীলতা'ৰ আহ্বান জনাই আহিছে।

 অৱশ্যে ভাৰতে এতিয়াও অস্ত্ৰ আমদানিৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আছে। পৰিসংখ্যাই দেখুৱাইছে যে ২০১৯ আৰু ২০২৩ চনৰ ভিতৰত  বিশ্বৰ মুঠ অস্ত্ৰ আমদানিৰ ৯.৮ শতাংশ ভাৰতৰ আছিল। ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা  প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। ২০১৪ ৰ পৰা ২০১৮  আৰু ২০১৯ ৰ পৰা ২০২৩ চনলৈ ভাৰতৰ অস্ত্ৰ আমদানি ৪.৭ শতাংশ বৃদ্ধি পাইছে। 

ভাৰতলৈ  সৰ্বাধিক অস্ত্ৰ সৰবৰাহ সাধাৰণতে ৰাছিয়াৰ পৰা হয়। যোৱা কেইবছৰমানত চীনৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধিৰ ফলত দেশখনৰ প্ৰতিৰক্ষা শক্তিশালী কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। যোৱা কেইবছৰমানত ৰাছিয়াৰ বাহিৰেও ভাৰতে অস্ত্ৰৰ বাবে ফ্ৰান্স, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। তথ্য অনুসৰি ভাৰতে ৩৬ শতাংশ অস্ত্ৰ ৰাছিয়াৰ পৰা আমদানি কৰে। অৱশ্যে  ৰাছিয়াৰ পৰা আমদানি কৰা  অস্ত্ৰ-শস্ত্ৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। 

২০১৪-১৮ আৰু ২০১৯-২৩ বৰ্ষত ৰাছিয়াৰ পৰা অস্ত্ৰ আমদানিৰ পৰিমাণ আছিল ৩৪ শতাংশ। তাৰ পিছতে ৩৩ শতাংশৰ সৈতে ফ্ৰান্স আছে। আমেৰিকা তৃতীয় স্থানত আছে। শেহতীয়াকৈ  ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক অধিক অস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈছে। 

ভাৰত পিছতে  চৌদি আৰৱ হৈছে দ্বিতীয় সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তা দেশ ।  ইয়াৰ পিছত আছে কাটাৰ, ইউক্ৰেইন, পাকিস্তান, জাপান, ইজিপ্ত, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, চীন আদি দেশসমূহ । আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ ৰপ্তানিকৰ্তা। ইয়াৰ পিছতে আছে ফ্ৰান্স, ৰাছিয়া, চীন, জাৰ্মানী, ইটালী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু