--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষাৰ ক্ষেত্ৰ খনত ভাৰত পূৰ্বতকৈ ভালে খিনি আত্মনিৰ্ভৰ হৈছে যদিও আমাৰ দেশ খন  এতিয়াও বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তা দেশ হিচাবেই পৰিগণিত হৈ আছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষাখণ্ডক শক্তিশালী কৰাৰ বাবে দেশৰ মাটিতে  অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বিষয়ত  'আত্মনিৰ্ভৰশীলতা'ৰ আহ্বান জনাই আহিছে।

 অৱশ্যে ভাৰতে এতিয়াও অস্ত্ৰ আমদানিৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আছে। পৰিসংখ্যাই দেখুৱাইছে যে ২০১৯ আৰু ২০২৩ চনৰ ভিতৰত  বিশ্বৰ মুঠ অস্ত্ৰ আমদানিৰ ৯.৮ শতাংশ ভাৰতৰ আছিল। ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা  প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। ২০১৪ ৰ পৰা ২০১৮  আৰু ২০১৯ ৰ পৰা ২০২৩ চনলৈ ভাৰতৰ অস্ত্ৰ আমদানি ৪.৭ শতাংশ বৃদ্ধি পাইছে। 

ভাৰতলৈ  সৰ্বাধিক অস্ত্ৰ সৰবৰাহ সাধাৰণতে ৰাছিয়াৰ পৰা হয়। যোৱা কেইবছৰমানত চীনৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধিৰ ফলত দেশখনৰ প্ৰতিৰক্ষা শক্তিশালী কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। যোৱা কেইবছৰমানত ৰাছিয়াৰ বাহিৰেও ভাৰতে অস্ত্ৰৰ বাবে ফ্ৰান্স, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। তথ্য অনুসৰি ভাৰতে ৩৬ শতাংশ অস্ত্ৰ ৰাছিয়াৰ পৰা আমদানি কৰে। অৱশ্যে  ৰাছিয়াৰ পৰা আমদানি কৰা  অস্ত্ৰ-শস্ত্ৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। 

২০১৪-১৮ আৰু ২০১৯-২৩ বৰ্ষত ৰাছিয়াৰ পৰা অস্ত্ৰ আমদানিৰ পৰিমাণ আছিল ৩৪ শতাংশ। তাৰ পিছতে ৩৩ শতাংশৰ সৈতে ফ্ৰান্স আছে। আমেৰিকা তৃতীয় স্থানত আছে। শেহতীয়াকৈ  ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক অধিক অস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈছে। 

ভাৰত পিছতে  চৌদি আৰৱ হৈছে দ্বিতীয় সৰ্ববৃহৎ অস্ত্ৰ আমদানিকৰ্তা দেশ ।  ইয়াৰ পিছত আছে কাটাৰ, ইউক্ৰেইন, পাকিস্তান, জাপান, ইজিপ্ত, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, চীন আদি দেশসমূহ । আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ অস্ত্ৰ ৰপ্তানিকৰ্তা। ইয়াৰ পিছতে আছে ফ্ৰান্স, ৰাছিয়া, চীন, জাৰ্মানী, ইটালী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ