--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে, ছি জিনপিং চৰকাৰে চীনত পুনৰ লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছে। চীনৰ উত্তৰ-পূবৰ চহৰ জিলিন প্ৰদেশৰ ৰাজধানী চাংচুনত শুকুৰবাৰে প্ৰশাসনে লকডাউন ঘোষণা কৰিছে। এই চহৰখনৰ মুঠ জনসংখ্যা হৈছে ৯ নিযুত। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ জনবসতিপূৰ্ণ অঞ্চলটোৰ বাসিন্দাসকলক গৃহবন্দী কৰি ৰখা হৈছে। এইটো জানিব পৰা গৈছে যে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বা অত্যধিক প্ৰয়োজন নোহোৱালৈকে এই চহৰখনৰ বাসিন্দাসকলক বাহিৰলৈ যাবলৈ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি, চীনৰ সংশ্লিষ্ট চহৰসমূহত বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান বন্ধ কৰিবলৈয়ো নিৰ্দেশনা দিয়া হৈছে। লগতে ইয়াকো জানিব পৰা গৈছে যে এই চহৰখনৰ বাসিন্দাসকলক দৈনিক তিনিবাৰকৈ ক’ভিডৰ বাবে পৰীক্ষা কৰা হ’ব। যদিও পৃথিৱীৰ আন দেশবোৰত ক’ভিডৰ গ্ৰাফ যথেষ্ট নিয়ন্ত্ৰণত আছে, যদিও চীন দেশ আকৌ এবাৰ ক’ভিডৰ কৱলত পৰা ঘটনাই আন্তঃজাৰ্তিক মহলত এতিয়া চিন্তিত কৰি তুলিছে। চুবুৰীয়া দেশখনত শেহতীয়াকৈ ৩৯৭ গৰাকী লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁলোকৰ ভিতৰত ৯৮জন চীনৰ চাংচুন চহৰৰ ওচৰৰ জিলিন প্ৰদেশৰ বাসিন্দা। তাৎপৰ্যপূৰ্ণভাৱে, চীনে ক’ভিডৰ বিৰুদ্ধে এক ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছে। অৰ্থাৎ যদি কৰ’না সংক্ৰমণ ক’ৰবাত ধৰা পৰে, তেনেহ’লে সেই অঞ্চল বা অংশত লকডাউন আৰোপ কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত কৰ’না পৰীক্ষাও কৰা হৈছে। ঘটনাক্ৰমে, কৰ’নাৰ সংক্ৰামক প্ৰকাৰ অ’মিক্ৰনৰ বাবে, চীনত কৰ’না সংক্ৰমণো বৃদ্ধি পাইছিল। মন কৰিব লগীয়া যে, ২০২০ চনৰ আৰম্ভণিৰ পৰা ২০২২ চনলৈ, এই দীঘলীয়া সময়ৰ বাবে চীনত এসপ্তাহত কৰ’না সংক্ৰমণ হাজাৰৰ ঘৰ অতিক্ৰম কৰা নাছিল। অৱশ্যে, এই সপ্তাহত চীনত হাজাৰ হাজাৰ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে-লগে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সমান্তৰালকৈ ভাৰততো চীনৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু