--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে, ছি জিনপিং চৰকাৰে চীনত পুনৰ লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছে। চীনৰ উত্তৰ-পূবৰ চহৰ জিলিন প্ৰদেশৰ ৰাজধানী চাংচুনত শুকুৰবাৰে প্ৰশাসনে লকডাউন ঘোষণা কৰিছে। এই চহৰখনৰ মুঠ জনসংখ্যা হৈছে ৯ নিযুত। কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ জনবসতিপূৰ্ণ অঞ্চলটোৰ বাসিন্দাসকলক গৃহবন্দী কৰি ৰখা হৈছে। এইটো জানিব পৰা গৈছে যে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বা অত্যধিক প্ৰয়োজন নোহোৱালৈকে এই চহৰখনৰ বাসিন্দাসকলক বাহিৰলৈ যাবলৈ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি, চীনৰ সংশ্লিষ্ট চহৰসমূহত বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান বন্ধ কৰিবলৈয়ো নিৰ্দেশনা দিয়া হৈছে। লগতে ইয়াকো জানিব পৰা গৈছে যে এই চহৰখনৰ বাসিন্দাসকলক দৈনিক তিনিবাৰকৈ ক’ভিডৰ বাবে পৰীক্ষা কৰা হ’ব। যদিও পৃথিৱীৰ আন দেশবোৰত ক’ভিডৰ গ্ৰাফ যথেষ্ট নিয়ন্ত্ৰণত আছে, যদিও চীন দেশ আকৌ এবাৰ ক’ভিডৰ কৱলত পৰা ঘটনাই আন্তঃজাৰ্তিক মহলত এতিয়া চিন্তিত কৰি তুলিছে। চুবুৰীয়া দেশখনত শেহতীয়াকৈ ৩৯৭ গৰাকী লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁলোকৰ ভিতৰত ৯৮জন চীনৰ চাংচুন চহৰৰ ওচৰৰ জিলিন প্ৰদেশৰ বাসিন্দা। তাৎপৰ্যপূৰ্ণভাৱে, চীনে ক’ভিডৰ বিৰুদ্ধে এক ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছে। অৰ্থাৎ যদি কৰ’না সংক্ৰমণ ক’ৰবাত ধৰা পৰে, তেনেহ’লে সেই অঞ্চল বা অংশত লকডাউন আৰোপ কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত কৰ’না পৰীক্ষাও কৰা হৈছে। ঘটনাক্ৰমে, কৰ’নাৰ সংক্ৰামক প্ৰকাৰ অ’মিক্ৰনৰ বাবে, চীনত কৰ’না সংক্ৰমণো বৃদ্ধি পাইছিল। মন কৰিব লগীয়া যে, ২০২০ চনৰ আৰম্ভণিৰ পৰা ২০২২ চনলৈ, এই দীঘলীয়া সময়ৰ বাবে চীনত এসপ্তাহত কৰ’না সংক্ৰমণ হাজাৰৰ ঘৰ অতিক্ৰম কৰা নাছিল। অৱশ্যে, এই সপ্তাহত চীনত হাজাৰ হাজাৰ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে-লগে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সমান্তৰালকৈ ভাৰততো চীনৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক