--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বখ্যাত বিপ্লৱী নেতা চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰা বলিভিয়াৰ প্ৰাক্তন সেনাগৰাকীৰ মৃত্যু ঘটিছে। চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰা বলিভিয়াৰ প্ৰাক্তন সৈনিকজনৰ নাম আছিল মাৰিঅ’ টেৰান ছালাজাৰ। ৮০ বছৰ বয়সত বৃহস্পতিবাৰে বলিভিয়াৰ প্ৰাক্তন সৈনিকজনৰ মৃত্যু ঘটে। ১৯৬৭ চনৰ ৯ অক্টোবৰত বলিভিয়াৰ পূব ছাণ্টা ক্ৰুজত বৈপ্লৱিক নৱজাগৰণৰ সৃষ্টি কৰা চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰিছিল মাৰিঅ’ টেৰান ছালাজাৰেই। [caption id="attachment_136953" align="aligncenter" width="300"] মাৰিঅ’ টেৰান ছালাজাৰ[/caption] মৃত্যুৰ সময়ত চে’ গুৱেভাৰাৰ বয়স হৈছিল মাত্ৰ ৩৯ বছৰ। মাত্ৰ ৩৯ বছৰতে জীৱন নাট সামৰা চে’ গুৱেভাৰা যুগ যুগান্তৰলৈ কিংবদন্তী হৈ ৰ’ব। সেইসময়ৰ কমিউনিষ্ট বিৰোধী বলিভিয়ান ৰাষ্ট্ৰপতি ৰেনে বেৰিণ্টোছৰ নিৰ্দেশত মাৰিঅ’ টেৰান ছালাজাৰে চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰিছিল। ৩০ বছৰ ধৰি সেনা হিচাপে সেৱা আগবঢ়োৱাৰ পাছত মাৰিঅ’ টেৰান ছালাজাৰে কৰ্মজীৱনৰ পৰা অৱসৰ লৈছিল। এবাৰ এক সাক্ষাৎকাৰত মাৰিঅ’ টেৰান ছালাজাৰে চে’ গুৱেভাৰাক হত্যা কৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল বুলি কৈছিল। [caption id="attachment_136955" align="aligncenter" width="300"] বিপ্লৱৰ মহানায়ক চে’ গুৱেভাৰা[/caption] বলিভিয়ান সেনাগৰাকীয়ে কৈছিল-“চে’ক হত্যা কৰাটো মোৰ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল। মৃত্যুৰ কথা জানিও চে’ বীৰৰ দৰে আছিল। তেওঁৰ চকুদুটা তীব্ৰভাৱে জিলিকি আছিল। যেতিয়া তেওঁ মোৰ ফালে দৃষ্টি নিক্ষেপ কৰিছিল তেতিয়া মোৰ মূৰ ঘূৰোৱা যেন অনুভৱ হৈছিল। মই ভাবিছিলো যে এক সাধাৰণ চেষ্টাৰ দ্বাৰাই চে’য়ে মোক নিৰস্ত্ৰ কৰিব পাৰিব। সেই মুহূৰ্ততে চে’ই মোক কৈছিল ‘‘শান্ত হওক আৰু ভালদৰে লক্ষ্য পোনাই আপোনাৰ কাম কৰক। আপুনি এজন মানুহক হত্যা কৰিবলৈ গৈ আছে।” চে’ৰ সেই কথা শুনি মই কঁপি উঠিছিলো কিন্তু ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মানিবলৈ মই বাধ্য আছিলোঁ। মই দুৱাৰমুখৰ ফালে পিছুৱাই আহিছিলো আৰু চে’লৈ লক্ষ্য কৰি চকু মুদি মই গুলীচালনা কৰিছিলোঁ।”— চে’ক হত্যাৰ মুহূৰ্ত স্মৰণ কৰি আৱেগিক হৈ এনেদৰে কৈছিল মাৰিঅ’ টেৰান ছালাজাৰে। [caption id="attachment_136954" align="aligncenter" width="300"] মৃত্যুৰ পাছত চে’ গুৱেভাৰা[/caption] উল্লেখ্য যে চে’ গুৱেভাৰাৰ সম্পূৰ্ণ নাম আৰ্নেষ্ট' চে’ গুৱেভাৰা। তেওঁ আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা আছিল চে’ গুৱেভাৰা। বিপ্লৱৰ ইতিহাসত অজৰ-অমৰ হৈ এতিয়াও উজলি আছে চে’ গুৱেভাৰাৰ নাম। আৰু পঢ়কঃ কৰ্মই ধৰ্ম! ড্ৰাইভাৰ হৈ গ্ৰাহকক সেৱা আগবঢ়ায় উবেৰ ইণ্ডিয়াৰ মূৰব্বী প্ৰভজিৎ সিঙে Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ