--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বখ্যাত বিপ্লৱী নেতা চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰা বলিভিয়াৰ প্ৰাক্তন সেনাগৰাকীৰ মৃত্যু ঘটিছে। চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰা বলিভিয়াৰ প্ৰাক্তন সৈনিকজনৰ নাম আছিল মাৰিঅ’ টেৰান ছালাজাৰ। ৮০ বছৰ বয়সত বৃহস্পতিবাৰে বলিভিয়াৰ প্ৰাক্তন সৈনিকজনৰ মৃত্যু ঘটে। ১৯৬৭ চনৰ ৯ অক্টোবৰত বলিভিয়াৰ পূব ছাণ্টা ক্ৰুজত বৈপ্লৱিক নৱজাগৰণৰ সৃষ্টি কৰা চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰিছিল মাৰিঅ’ টেৰান ছালাজাৰেই। [caption id="attachment_136953" align="aligncenter" width="300"] মাৰিঅ’ টেৰান ছালাজাৰ[/caption] মৃত্যুৰ সময়ত চে’ গুৱেভাৰাৰ বয়স হৈছিল মাত্ৰ ৩৯ বছৰ। মাত্ৰ ৩৯ বছৰতে জীৱন নাট সামৰা চে’ গুৱেভাৰা যুগ যুগান্তৰলৈ কিংবদন্তী হৈ ৰ’ব। সেইসময়ৰ কমিউনিষ্ট বিৰোধী বলিভিয়ান ৰাষ্ট্ৰপতি ৰেনে বেৰিণ্টোছৰ নিৰ্দেশত মাৰিঅ’ টেৰান ছালাজাৰে চে’ গুৱেভাৰাক গুলীয়াই হত্যা কৰিছিল। ৩০ বছৰ ধৰি সেনা হিচাপে সেৱা আগবঢ়োৱাৰ পাছত মাৰিঅ’ টেৰান ছালাজাৰে কৰ্মজীৱনৰ পৰা অৱসৰ লৈছিল। এবাৰ এক সাক্ষাৎকাৰত মাৰিঅ’ টেৰান ছালাজাৰে চে’ গুৱেভাৰাক হত্যা কৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল বুলি কৈছিল। [caption id="attachment_136955" align="aligncenter" width="300"] বিপ্লৱৰ মহানায়ক চে’ গুৱেভাৰা[/caption] বলিভিয়ান সেনাগৰাকীয়ে কৈছিল-“চে’ক হত্যা কৰাটো মোৰ জীৱনৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল। মৃত্যুৰ কথা জানিও চে’ বীৰৰ দৰে আছিল। তেওঁৰ চকুদুটা তীব্ৰভাৱে জিলিকি আছিল। যেতিয়া তেওঁ মোৰ ফালে দৃষ্টি নিক্ষেপ কৰিছিল তেতিয়া মোৰ মূৰ ঘূৰোৱা যেন অনুভৱ হৈছিল। মই ভাবিছিলো যে এক সাধাৰণ চেষ্টাৰ দ্বাৰাই চে’য়ে মোক নিৰস্ত্ৰ কৰিব পাৰিব। সেই মুহূৰ্ততে চে’ই মোক কৈছিল ‘‘শান্ত হওক আৰু ভালদৰে লক্ষ্য পোনাই আপোনাৰ কাম কৰক। আপুনি এজন মানুহক হত্যা কৰিবলৈ গৈ আছে।” চে’ৰ সেই কথা শুনি মই কঁপি উঠিছিলো কিন্তু ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মানিবলৈ মই বাধ্য আছিলোঁ। মই দুৱাৰমুখৰ ফালে পিছুৱাই আহিছিলো আৰু চে’লৈ লক্ষ্য কৰি চকু মুদি মই গুলীচালনা কৰিছিলোঁ।”— চে’ক হত্যাৰ মুহূৰ্ত স্মৰণ কৰি আৱেগিক হৈ এনেদৰে কৈছিল মাৰিঅ’ টেৰান ছালাজাৰে। [caption id="attachment_136954" align="aligncenter" width="300"] মৃত্যুৰ পাছত চে’ গুৱেভাৰা[/caption] উল্লেখ্য যে চে’ গুৱেভাৰাৰ সম্পূৰ্ণ নাম আৰ্নেষ্ট' চে’ গুৱেভাৰা। তেওঁ আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা আছিল চে’ গুৱেভাৰা। বিপ্লৱৰ ইতিহাসত অজৰ-অমৰ হৈ এতিয়াও উজলি আছে চে’ গুৱেভাৰাৰ নাম। আৰু পঢ়কঃ কৰ্মই ধৰ্ম! ড্ৰাইভাৰ হৈ গ্ৰাহকক সেৱা আগবঢ়ায় উবেৰ ইণ্ডিয়াৰ মূৰব্বী প্ৰভজিৎ সিঙে Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু