--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰিকৰী বিজুতিৰ বাবে ভাৰতৰ ‘ব্ৰহ্মছ’ মিছাইল উৰিল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ আকাশত৷ এই সন্দৰ্ভত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, ভাৰতে দুৰ্ঘটনাক্ৰমেহে পাকিস্তানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল৷ পাকিস্তানৰ মতে, মিছাইলটো অৱতৰণ কৰাৰ আগতে তেওঁলোকৰ আকাশসীমাৰ ভিতৰত ৪০,০০০ ফুট উচ্চতাত আৰু শব্দৰ তিনিগুণ বেগত ১০০ কিলোমিটাৰতকৈও অধিক উৰা মাৰিছিল৷ মিছাইলটোত কোনো ৱাৰহেড নাছিল গতিকে ই বিস্ফোৰিত হোৱা নাছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ঘটনাটো ‘কাৰিকৰী বিজুতি’ৰ বাবে সংঘটিত হোৱা বুলি কয় যে, এই সপ্তাহৰ আৰম্ভণিতে ভাৰতৰ ফালৰ পৰা দুৰ্ঘটনাক্ৰমে পাকিস্তানৰ এটা অঞ্চললৈ এটা মিছাইল নিক্ষেপ কৰা হৈছিল যিটো দুখজনক। ৯ মাৰ্চত নিয়মীয়া তত্বাৱধানৰ সময়ত কাৰিকৰী বিজুতিৰ ফলত দুৰ্ঘটনাক্ৰমে মিছাইলটো নিক্ষেপ কৰা হৈছিল। ভাৰত চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা লগতে কোৱা হৈছে যে মিছাইলটো পাকিস্তানৰ এটা অঞ্চলত অৱতৰণ কৰিছিল। যদিও ঘটনাটো গভীৰভাৱে দুখজনক, এইটোও এক সকাহৰ বিষয় যে দুৰ্ঘটনাটোৰ ফলত কোনো প্ৰাণহানি হোৱা নাই৷ আনহাতে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে কৈছিল যে, পাকিস্তানে ঘটনাটোৰ তদন্তৰ বাবে আহ্বান জনাইছিল৷ তেওঁলোকে কৈছিল, ইয়াৰ দ্বাৰা যাত্ৰীবাহী বিমান আৰু অসামৰিক লোকৰ জীৱন বিপদাপন্ন হ’ব পাৰে। পাকিস্তানে এই ঘটনাক আকাশসীমাৰ অপ্ৰৰোচিত উলংঘন বুলি অভিহিত কৰিছে৷ পাকিস্তানে ভাৰতক সতৰ্ক কৰি দি কয় যে, এনে অৱহেলাৰ অপ্ৰীতিকৰ পৰিণামৰ প্ৰতি তেওঁলোক সতৰ্ক হ’ব আৰু ভৱিষ্যতে এনে উলংঘনৰ পুনৰাবৃত্তি কৰিলে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক