--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আকাশত জিলিকি উঠিব ২০২২ বৰ্ষৰ শেষৰটো ছুপাৰ মুন। যোৱা মাহত যদি আপুনি ছুপাৰমুন চাবলৈ পোৱা নাছিল তেন্তে আজি পুনৰ আহিছে সেই সুযোগ। ২০২২ চনৰ ১১ আগষ্টত দেখা যাব বছৰৰ চতুৰ্থ আৰু শেষ ছুপাৰমুন। ইয়াক ষ্টাৰ্জন মুন বুলিও কোৱা হয়। বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে ইয়াক দেখা যাব। ইয়াৰ পূৰ্বে দুটা ছুপাৰমুন দেখা গৈছে। ইয়াৰ নাম আছিল ষ্ট্ৰবেৰী মুন আৰু থাণ্ডাৰ মুন।

পূৰ্ণিমাৰ নিশা দেখা যাব ষ্টাৰজিন ছুপাৰমুন। নিশা প্ৰায় ০১:৩৬ জিএমটিত ছুপাৰমুন শিখৰত উপনীত হ’ব। বুধবাৰৰ পৰা শুকুৰবাৰলৈ চন্দ্ৰটোক পূৰ্ণ উজ্জ্বলতা আৰু পূৰ্ণতাৰে দেখা যাব। চন্দ্ৰৰ পৰিৱৰ্তন অতি লেহেমীয়া হ’ব, যাৰ বাবে ইয়াক পূৰ্ণিমাৰ দৰে দেখা যাব।

১২ আগষ্টত ভাৰতত দেখা যাব শেষ ছুপাৰমুন। টেলিস্কোপ বা সঁজুলিৰ সহায় নোলোৱাকৈয়ে ভাৰতৰ মানুহে এই বিৰল আকাশী পৰিঘটনাটো পোনপটীয়াকৈ নিজ চকুৰে চাব পাৰিব। আগষ্ট মাহত দেখা পোৱা পূৰ্ণিমাক ষ্টাৰ্জন মুন বোলা হয় কাৰণ আগষ্ট মাহত উত্তৰ আমেৰিকাত ষ্টাৰ্জন মাছ পোৱা যায়।

চন্দ্ৰ পৃথিৱীৰ পৰা ৩,৬০,০০০ কিলোমিটাৰ বা তাতকৈ কম দূৰত্বত থাকিলে এটা ছুপাৰমুন দেখা যায়। ১৯৭৯ চনত জ্যোতিষী ৰিচাৰ্ড নলে ইয়াক প্ৰথমবাৰৰ বাবে ছুপাৰমুন নামেৰে নামাকৰণ কৰিছিল। বছৰত ৩ৰ পৰা ৪ বাৰকৈ ছুপাৰমুন হয়। আজিৰ দিনটোত চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে। সেইবাবেই ইয়াক ডাঙৰ আৰু ১৬ শতাংশ উজ্জ্বল দেখা যায়। ছুপাৰমুন প্ৰভাৱ সাগৰতো দৃষ্টিগোচৰ হ’ব। ছুপাৰমুনৰ বাবে সাগৰত বৃহৎ পৰিসৰৰ উচ্চ আৰু নিম্ন জোৱাৰ দেখা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক