--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আকাশত জিলিকি উঠিব ২০২২ বৰ্ষৰ শেষৰটো ছুপাৰ মুন। যোৱা মাহত যদি আপুনি ছুপাৰমুন চাবলৈ পোৱা নাছিল তেন্তে আজি পুনৰ আহিছে সেই সুযোগ। ২০২২ চনৰ ১১ আগষ্টত দেখা যাব বছৰৰ চতুৰ্থ আৰু শেষ ছুপাৰমুন। ইয়াক ষ্টাৰ্জন মুন বুলিও কোৱা হয়। বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে ইয়াক দেখা যাব। ইয়াৰ পূৰ্বে দুটা ছুপাৰমুন দেখা গৈছে। ইয়াৰ নাম আছিল ষ্ট্ৰবেৰী মুন আৰু থাণ্ডাৰ মুন।

পূৰ্ণিমাৰ নিশা দেখা যাব ষ্টাৰজিন ছুপাৰমুন। নিশা প্ৰায় ০১:৩৬ জিএমটিত ছুপাৰমুন শিখৰত উপনীত হ’ব। বুধবাৰৰ পৰা শুকুৰবাৰলৈ চন্দ্ৰটোক পূৰ্ণ উজ্জ্বলতা আৰু পূৰ্ণতাৰে দেখা যাব। চন্দ্ৰৰ পৰিৱৰ্তন অতি লেহেমীয়া হ’ব, যাৰ বাবে ইয়াক পূৰ্ণিমাৰ দৰে দেখা যাব।

১২ আগষ্টত ভাৰতত দেখা যাব শেষ ছুপাৰমুন। টেলিস্কোপ বা সঁজুলিৰ সহায় নোলোৱাকৈয়ে ভাৰতৰ মানুহে এই বিৰল আকাশী পৰিঘটনাটো পোনপটীয়াকৈ নিজ চকুৰে চাব পাৰিব। আগষ্ট মাহত দেখা পোৱা পূৰ্ণিমাক ষ্টাৰ্জন মুন বোলা হয় কাৰণ আগষ্ট মাহত উত্তৰ আমেৰিকাত ষ্টাৰ্জন মাছ পোৱা যায়।

চন্দ্ৰ পৃথিৱীৰ পৰা ৩,৬০,০০০ কিলোমিটাৰ বা তাতকৈ কম দূৰত্বত থাকিলে এটা ছুপাৰমুন দেখা যায়। ১৯৭৯ চনত জ্যোতিষী ৰিচাৰ্ড নলে ইয়াক প্ৰথমবাৰৰ বাবে ছুপাৰমুন নামেৰে নামাকৰণ কৰিছিল। বছৰত ৩ৰ পৰা ৪ বাৰকৈ ছুপাৰমুন হয়। আজিৰ দিনটোত চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে। সেইবাবেই ইয়াক ডাঙৰ আৰু ১৬ শতাংশ উজ্জ্বল দেখা যায়। ছুপাৰমুন প্ৰভাৱ সাগৰতো দৃষ্টিগোচৰ হ’ব। ছুপাৰমুনৰ বাবে সাগৰত বৃহৎ পৰিসৰৰ উচ্চ আৰু নিম্ন জোৱাৰ দেখা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু