--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মাছৰ বৰষুণ  হোৱাৰ কথা বিভিন্ন সময়ত চৰ্চালৈ আহি আছে যদিও চীনত এইবাৰ হৈছে পোক-পতংগৰ বৰষুণ! এনে বৰষুণৰ ফলত চীনৰ ৰাস্তাত ৰখাই থোৱা গাড়ীবোৰ সম্পূৰ্ণৰূপে পোক-পতংগৰে আবৃত হৈ পৰিছে৷  আনহাতে ৰাস্তাত কিলবিলাই ফুৰিছে পোক-পতংগই। এনে ঘটনাৰ পিছতে বেইজিঙৰ নাগৰিকসকলক ছাতি লৈ ঘৰৰ পৰা ওলাই যাবলৈ পৰামৰ্শ দিয়া হৈছে। চীনৰ ৰাজধানী বেইজিঙত এনে  ধৰণৰ বৰষুণ হৈছে বুলি খবৰ আহিছে। যিসকলে এনে বৰষুণ  দেখিছে তেওঁলোক আচৰিত হৈ পৰিছে৷

আকাশৰ পৰা বৰষুণৰ দৰে পৰি থকা পোক-পতংগৰ ভিডিঅ'  এটা ভাইৰেল হৈ পৰিছে৷ প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা নিৰূপন কৰা নাই৷  বহু লোকে  ছ'চিয়েল মিডিয়াত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে মানুহে এই ৰহস্যজনক বৰষুণকলৈ বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাজধানী চহৰ খনৰ  বিভিন্ন অঞ্চলত পোক -পৰুৱা বৰষুণ হৈ আছে।


ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ' আৰু ফটোবোৰত দেখা গৈছে  যে ৰাস্তাত ৰখাই থোৱা গাড়ীবোৰ সম্পূৰ্ণৰূপে পোক-পতংগৰে আবৃত হৈ পৰিছে।বেইজিঙৰ বাসিন্দাসকলক অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা ওলাই নাযাবলৈও  কোৱা হৈছে বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷

বহুতে এইবুলিও  দাবী কৰিছে  যে সেইবোৰ পোক-পতংগ নহয়, চীনত পোৱা পপলাৰ ফুলহে। এনে ফুল  পোক-পতংগৰ দৰেই দেখা যায়। একে সময়তে, কিছুমান লোকে কৈছে যে এই পতংগবোৰ তীব্ৰ বতাহে ক’ৰবাৰ পৰা উৰুৱাই আনিছে আৰু সেয়াই বৰষুণৰ দৰে  তললৈ সৰি পৰিছে৷একাংশ বিশেষজ্ঞই কৈছে যে তীব্ৰ ধুমুহাৰ সৈতে এনে পোক-পতংগৰ আগমন নতুন কথা নহয়। ঘটনাটোকলৈ আচৰিত হোৱাৰ কোনো প্ৰয়োজন নাই। আগতে, আকাশৰ পৰা মাছৰ বৰষুণৰ হোৱাৰ বহু  ঘটনা ঘটিছে৷ বহু বিশেষজ্ঞৰ মতে এইক্ষেত্ৰত সাগৰৰ মাছৰ বিশাল জাক একোটা প্ৰচণ্ড বতাহে ওপৰলৈ তুলি নিয়ে আৰু সেই বৰষুণৰ ৰূপত ধৰালৈ নামি আহে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ