--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মাছৰ বৰষুণ  হোৱাৰ কথা বিভিন্ন সময়ত চৰ্চালৈ আহি আছে যদিও চীনত এইবাৰ হৈছে পোক-পতংগৰ বৰষুণ! এনে বৰষুণৰ ফলত চীনৰ ৰাস্তাত ৰখাই থোৱা গাড়ীবোৰ সম্পূৰ্ণৰূপে পোক-পতংগৰে আবৃত হৈ পৰিছে৷  আনহাতে ৰাস্তাত কিলবিলাই ফুৰিছে পোক-পতংগই। এনে ঘটনাৰ পিছতে বেইজিঙৰ নাগৰিকসকলক ছাতি লৈ ঘৰৰ পৰা ওলাই যাবলৈ পৰামৰ্শ দিয়া হৈছে। চীনৰ ৰাজধানী বেইজিঙত এনে  ধৰণৰ বৰষুণ হৈছে বুলি খবৰ আহিছে। যিসকলে এনে বৰষুণ  দেখিছে তেওঁলোক আচৰিত হৈ পৰিছে৷

আকাশৰ পৰা বৰষুণৰ দৰে পৰি থকা পোক-পতংগৰ ভিডিঅ'  এটা ভাইৰেল হৈ পৰিছে৷ প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে ভিডিঅ’টোৰ সত্য-সত্যতা নিৰূপন কৰা নাই৷  বহু লোকে  ছ'চিয়েল মিডিয়াত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে মানুহে এই ৰহস্যজনক বৰষুণকলৈ বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাজধানী চহৰ খনৰ  বিভিন্ন অঞ্চলত পোক -পৰুৱা বৰষুণ হৈ আছে।


ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ' আৰু ফটোবোৰত দেখা গৈছে  যে ৰাস্তাত ৰখাই থোৱা গাড়ীবোৰ সম্পূৰ্ণৰূপে পোক-পতংগৰে আবৃত হৈ পৰিছে।বেইজিঙৰ বাসিন্দাসকলক অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা ওলাই নাযাবলৈও  কোৱা হৈছে বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ৷

বহুতে এইবুলিও  দাবী কৰিছে  যে সেইবোৰ পোক-পতংগ নহয়, চীনত পোৱা পপলাৰ ফুলহে। এনে ফুল  পোক-পতংগৰ দৰেই দেখা যায়। একে সময়তে, কিছুমান লোকে কৈছে যে এই পতংগবোৰ তীব্ৰ বতাহে ক’ৰবাৰ পৰা উৰুৱাই আনিছে আৰু সেয়াই বৰষুণৰ দৰে  তললৈ সৰি পৰিছে৷একাংশ বিশেষজ্ঞই কৈছে যে তীব্ৰ ধুমুহাৰ সৈতে এনে পোক-পতংগৰ আগমন নতুন কথা নহয়। ঘটনাটোকলৈ আচৰিত হোৱাৰ কোনো প্ৰয়োজন নাই। আগতে, আকাশৰ পৰা মাছৰ বৰষুণৰ হোৱাৰ বহু  ঘটনা ঘটিছে৷ বহু বিশেষজ্ঞৰ মতে এইক্ষেত্ৰত সাগৰৰ মাছৰ বিশাল জাক একোটা প্ৰচণ্ড বতাহে ওপৰলৈ তুলি নিয়ে আৰু সেই বৰষুণৰ ৰূপত ধৰালৈ নামি আহে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী