--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰহস্যময় বেলুনৰ পিছত আমেৰিকাত এইবাৰ পৰিল   এটা চীনা ৰকেটৰ ধ্বংসাৱশেষ । এটা সামৰিক উপগ্ৰহ কঢ়িয়াই অনা ৰকেটৰ ধ্বংসাৱশেষ টেক্সাছত পতিত হোৱাৰ খবৰ পোৱা গৈছে। ইউএছ স্পেচ কমাণ্ডৰ মতে ৰকেটটোৰ কিছু অংশই নিয়ন্ত্ৰণ হেৰুৱাই আমেৰিকাত পতিত হয়। এই ঘটনাৰ পিছতে মহাকাশ গৱেষকসকলে বিপদৰ আশংকা ব্যক্ত কৰিছে৷

চীনৰ 'লং মাৰ্চ' ৰকেটটোৱে দক্ষিণ চীন সাগৰত গতিবিধি নিৰীক্ষণ কৰিবলৈ পৃথিৱীৰ কক্ষপথলৈ তিনিটা সামৰিক কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিছিল৷কিন্তু হঠাতে  চীনা ৰকেটটোৱে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । ৰকেটটো  তীব্ৰ গতিত পৃথিৱীলৈ উভতি  আহিছে। ইয়াৰ ধ্বংসাৱশেষ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে। খবৰ অনুসৰি  এটা অংশই আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি ঘণ্টাত ১৭,০০০ মাইল বেগত আহি আঘাত কৰিছে। মহাকাশ গৱেষকসকলে এই ঘটনাটোত বিপদৰ ইংগিত পাইছে৷
তেওঁলোকে কয় যে মহাকাশত আৱৰ্জনাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। যি ঘটনাই ভৱিষ্যতে পৃথিৱী বা কৃত্ৰিম উপগ্ৰহৰ বাবে ভয়ানক বিপদ মাতি আনিব পাৰে৷

খবৰ পোৱা গৈছে যে ২৪ জুলাইত এটা চীনে  লং মাৰ্চ ৫বি ৰকেট উৎক্ষেপণ কৰিছিল। ৰকেটটো নিৰ্মাণ কৰা অলাভজনক সংস্থাটোৱে  আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়াক ৰকেটটো পৃথিৱীলৈ আহি থকাৰ কথা পূৰ্বে জনাইছিল৷
আনকি ভাৰততো এই ৰকেটৰ অংশ আহি  পতিত হোৱাৰ  আশংকা আছে। অৱশ্যে চীনে ৰকেটটো ধবংস হোৱাৰ খবৰ  অস্বীকাৰ কৰি আহিছে৷ কৰে। চীনে  দাবী কৰিছে যে আমেৰিকাই মহাকাশত চীনৰ উন্নতি  সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে এনে ধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰি আছে৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী