--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে পাঁচ বছৰৰ তৃতীয় কাৰ্যকাল লাভ কৰিব পাৰে। ১৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া শাসকীয় কমিউনিষ্ট পাৰ্টিৰ অধিৱেশনত তেওঁ আজীৱন এই পদত অব্যাহত থকাৰ অনুমোদন লাভ কৰিবলৈ ওলাইছে। কিন্তু এই বিশেষাধিকাৰ এতিয়ালৈকে কেৱল দলটোৰ প্ৰতিষ্ঠাপক মাও চেটঙৰ হাততহে আছিল।

ছিৰ উপৰিও বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ বাবে নতুন চৰকাৰী দলৰ অনুমোদনৰ বাবে সমগ্ৰ দেশৰ পৰা ২০০০ৰো অধিক প্ৰতিনিধিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিব। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা দলৰ অধিৱেশনত অধিকাংশ শীৰ্ষ বিষয়ববীয়াই হয় অৱসৰ ল’ব নহয় নতুন পদ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী লি কেকিয়াঙে বিগত ১০ বছৰ ধৰি ক্ষমতাত আছে।

মঙলবাৰে ৬৯ বছৰীয়া ছি জিনপিঙে চিপিচিৰ পলিটিকেল ব্যুৰোৰ এখন বৈঠকৰ সভাপতিত্ব কৰিছিল বুলি আনুষ্ঠানিক ঘোষণাত প্ৰকাশ পাইছে। সভাত সিদ্ধান্ত লোৱা হয় যে অহা ৯ অক্টোবৰত দলৰ বিষয়ববীয়াসকলৰ অংশগ্ৰহণেৰে এখন পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ’ব। ১৬ অক্টোবৰত বেইজিঙত ২০ সংখ্যক অধিবেশন অনুষ্ঠিত হ’ব বুলি প্ৰস্তাৱ আগবঢ়োৱা হ’ব।

জিনপিং নেতৃত্বাধীন ৰাজনৈতিক ব্যুৰোৰ বৈঠকত জোৰ দি কয় যে এই জটিল সময়ত চিপিচিৰ ২০ সংখ্যক অধিবেশন অতি গুৰুত্বপূৰ্ণ, কিয়নো সমগ্ৰ দল আৰু সামগ্ৰিকভাৱে জাতিটোৱে এখন আধুনিক সমাজবাদী দেশ গঢ়ি তোলাৰ দিশত এক নতুন যাত্ৰা গ্ৰহণ কৰিছে।আৰু ইয়াৰ দিশত আগবাঢ়িব দ্বিতীয় শতিকাৰ লক্ষ্য।


চিপিচিয়ে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সকলো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে, য’ত চৰকাৰ আৰু দলৰ কাম-কাজ পৰ্যালোচনা কৰি অহা পাঁচ বছৰৰ পৰিকল্পনাত অনুমোদন জনায়। বৰ্তমান দলীয় পৰম্পৰা অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে নেতৃত্ব আৰু শীৰ্ষ বিষয়ববীয়া সলনি কৰা হয়।

দহ বছৰ সম্পূৰ্ণ কৰি অৱসৰ লোৱা তেওঁৰ পূৰ্বৰ নেতাসকলৰ দৰে নহয়, ৬৯ বছৰীয়া ছি জিনপিঙে ২০ সংখ্যক অধিবেশনত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে। জিনপিঙে চলিত বৰ্ষত পাঁচ বছৰৰ দ্বিতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ ওলাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ