--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোভিয়েট ইউনিয়নৰ অন্তিমগৰাকী  ৰাষ্ট্ৰপতি তথা শীতল যুদ্ধৰ অন্তিম গৰাকী নেতা  মিখাইল গৰ্বাচেভৰ আৰু নাই।  মস্কোৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল  ৯১ বছৰ। শান্তিৰ নোবেল বঁটা বিজয়ী ছোভিয়েট নেতাজন দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। তেওঁক মস্কোৰ চেণ্ট্ৰেল ক্লিনিকেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে  তেওঁৰ মৃত্যু হয় বুলি ৰাছিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰাক্তন ৰাজনীতিবিদজনক মস্কোৰ নোভাডেভিক সমাধিক্ষেত্ৰত তেওঁৰ পত্নীৰ সমাধিৰ কাষত সমাধিস্থ কৰা হ'ব।   

শীতল যুদ্ধৰ শান্তিপূৰ্ণ সমাপ্তি আৰু জাৰ্মানীৰ একত্ৰীকৰণত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাক সম্ৰ বিশ্বই আজি পুনৰ এবাৰ মনত পেলাইছে। আমেৰিকা আৰু ৰাছিয়াৰ মাজত দশকৰ পিছত দশক ধৰি চলি থকা  শীতল যুদ্ধ প্ৰশমিত কৰাত গৰ্বাচেভে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জাৰ্মানীৰ একত্ৰীকৰণত আগভাগ লোৱা বাবে বিশেষকৈ, পূব জাৰ্মানৰ লোকসকলে এতিয়াও তেওঁক সন্মান কৰে। ১৯৮০ ৰ দশকত গৰ্বাচেভৰ নেতৃত্বত, ছোভিয়েট ইউনিয়নে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পাৰমাণৱিক নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছিল। 

১৯৯০ চনত গৰ্বাচেভে তেওঁৰ সাহসী সংস্কাৰৰ বাবে শান্তিৰ নবেল বঁটা লাভ কৰে। অৱশ্যে, ছোভিয়েট ইউনিয়নৰ  বৃহৎ অৰ্থনৈতিক তথা ৰাজনৈতিক সংস্কাৰ   স্থায়ী  হোৱা নাছিল। ফলত ছোভিয়েট ইউনিয়নৰ পতন ঘটিল। ১৫ খন নতুন দেশে ৰাছিয়াৰ পৰা পৃথক হৈ নতুন  যাত্ৰা আৰম্ভ কৰিছিল। যাৰ ফলত গৰ্বাচেভ ৰাজনৈতিক জীৱনৰো পতনৰ আৰম্ভ হৈছিল। তেওঁ ১৯৯১ চনত তেওঁ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি  পদৰ পৰা পদত্যাগ কৰিছিল। ৰাছিয়াৰ জনসংখ্যাৰ এক বৃহৎ অংশই সদায় এই প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ছোভিয়েট ইউনিয়নৰ ৰূপকাৰ হিচাবে গণ্য কৰি আহিছে।  ১৯৩১ চনৰ ২ মাৰ্চত  ৰাছিয়াৰ প্ৰিব্লনয়, ষ্টাভৰোপোল ক্ৰাইত জন্মগ্ৰহণ কৰা গৰ্বাচেভে কনষ্টাণ্টিন চেৰ্ণেঙ্কোৰ মৃত্যুৰ পিছত ১৯৮৫ চনত ক্ষমতালৈ আহে আৰু দেশৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আৰু মুখ্য নেতা হিচাপে নিযুক্ত হয়। 

১৯৯০ চনত ছোভিয়েট ইউনিয়নত সাম্যবাদৰ পতনৰ পিছত, তেওঁ দেশৰ প্ৰথম আৰু একমাত্ৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হয়। ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ছোভিয়েট ইউনিয়নৰ আনুষ্ঠানিক বিলুপ্তিৰ দিনা তেওঁ পদত্যাগ কৰে। গৰ্বাচেভৰ পদত্যাগে পৃথিৱীত চাৰি দশকৰ শীতল যুদ্ধৰ ঢৌৰ সমাপ্তি চিহ্নিত কৰিছিল। তেওঁ পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট নীতিৰ প্ৰৱৰ্তক আছিল।তেওঁ ৰাজনৈতিক দল ইণ্ডিপেণ্ডেণ্ট ডেমক্ৰেটিক পাৰ্টি অফ ৰাছিয়াৰ লগতে ইউনিয়ন অফ ছ'চিয়েল ডেমোক্ৰেট  আদি দলক নেতৃত্ব দিছিল।

২০০১-২০০৪ চনলৈ তেওঁ  ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টি অফ ৰাছিয়াকো নেতৃত্ব দিছিল।১৯৫০-১৯৯১ চনলৈ তেওঁ ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ নেতা আছিল।১৯৫৩ চনত তেওঁ ৰাইচা গৰ্বাচেভাক বিবাহ কৰোৱাইছিল। তেওঁলোকৰ পুত্ৰৰ নাম  ইৰিনা বিৰগানস্কায়া। গৰ্বাচেভ মস্কো ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু আদিতে এগৰাকী অধিবক্তা আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য