--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগ্ৰাসী ৰূপ ধাৰণ কৰি চীনত পুনৰ কোভিডে সংহাৰ চলাইছে৷  চীনত শেহতীয়াকৈ বিএফ৭ৰ  সংক্ৰমণ বৃদ্ধি হোৱাৰ মাজতে কেইবাজনো প্ৰখ্যাত শিল্পী, অভিনেতা, অপেৰা গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু লেখকে প্ৰাণ হেৰুৱাইছে।

 চীনৰ মূল ভূখণ্ডত অভিনেতা ঝাং মু, ৰেন জুন, চু লানলান, চেং জিংহুয়া, য়ু য়ুহেং, জিয়ং ইংঝেং, হাউ মেংলান আৰু ঝাও ঝিয়ুৱানৰ দৰে কেইবাজনো অভিনেতাই কোভিডত প্ৰাণ হেৰুৱাইছে। চলচ্চিত্ৰত মাও জেদঙৰ চৰিত্ৰ ৰূপায়ণ কৰা  অভিনেতা ঝাং মুৰ  যোৱা নিষা কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়। ঝাং এজন কেলিগ্ৰাফাৰ আৰু চাইনা অপেৰা এণ্ড ডান্স ড্ৰামা থিয়েটাৰ অপেৰা দলৰ পৰিচালক আছিল।

 ঝাঙৰ জন্ম ১৯৩০ চনত হৈছিল আৰু ১৬ বছৰ বয়সতে উত্তৰ-পূব চীনত চিচিপি বিপ্লৱী বাহিনীত যোগদান কৰিছিল।  ২১ বছৰ বয়সত তেওঁ  চিচিপিৰ কলা দলত অপেৰা গায়ক হিচাপে যোগদান কৰিছিল। চীনত শেহতীয়াকৈ কোভিডত অভিনেতা  চং বাওগুয়াঙৰ  মৃত্যু ঘটিছে৷ চঙে জিয়াংচু প্ৰভিন্সিয়েল এছ'চিয়েচন অফ ষ্টেজ পাৰফৰ্মাৰ্ছৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু জিয়াংচু প্ৰাদেশিক  আইনসভাৰো সদস্য আছিল।

একেদৰে কোভিডত আক্ৰান্ত হৈয়েই শিল্পী ৰেন জুনৰ ১৭ ডিচেম্বৰত বেইজিঙত মৃত্যু হৈছে৷ ৷ আন এগৰাকী শিল্পী , চিত্ৰ নাট্যকাৰ য়াং লিনৰ ২১ ডিচেম্বৰত হেনান প্ৰদেশত কোভিডত আক্ৰান্ত হৈয়েই মৃত্যু হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement