--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগ্ৰাসী ৰূপ ধাৰণ কৰি চীনত পুনৰ কোভিডে সংহাৰ চলাইছে৷  চীনত শেহতীয়াকৈ বিএফ৭ৰ  সংক্ৰমণ বৃদ্ধি হোৱাৰ মাজতে কেইবাজনো প্ৰখ্যাত শিল্পী, অভিনেতা, অপেৰা গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু লেখকে প্ৰাণ হেৰুৱাইছে।

 চীনৰ মূল ভূখণ্ডত অভিনেতা ঝাং মু, ৰেন জুন, চু লানলান, চেং জিংহুয়া, য়ু য়ুহেং, জিয়ং ইংঝেং, হাউ মেংলান আৰু ঝাও ঝিয়ুৱানৰ দৰে কেইবাজনো অভিনেতাই কোভিডত প্ৰাণ হেৰুৱাইছে। চলচ্চিত্ৰত মাও জেদঙৰ চৰিত্ৰ ৰূপায়ণ কৰা  অভিনেতা ঝাং মুৰ  যোৱা নিষা কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়। ঝাং এজন কেলিগ্ৰাফাৰ আৰু চাইনা অপেৰা এণ্ড ডান্স ড্ৰামা থিয়েটাৰ অপেৰা দলৰ পৰিচালক আছিল।

 ঝাঙৰ জন্ম ১৯৩০ চনত হৈছিল আৰু ১৬ বছৰ বয়সতে উত্তৰ-পূব চীনত চিচিপি বিপ্লৱী বাহিনীত যোগদান কৰিছিল।  ২১ বছৰ বয়সত তেওঁ  চিচিপিৰ কলা দলত অপেৰা গায়ক হিচাপে যোগদান কৰিছিল। চীনত শেহতীয়াকৈ কোভিডত অভিনেতা  চং বাওগুয়াঙৰ  মৃত্যু ঘটিছে৷ চঙে জিয়াংচু প্ৰভিন্সিয়েল এছ'চিয়েচন অফ ষ্টেজ পাৰফৰ্মাৰ্ছৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু জিয়াংচু প্ৰাদেশিক  আইনসভাৰো সদস্য আছিল।

একেদৰে কোভিডত আক্ৰান্ত হৈয়েই শিল্পী ৰেন জুনৰ ১৭ ডিচেম্বৰত বেইজিঙত মৃত্যু হৈছে৷ ৷ আন এগৰাকী শিল্পী , চিত্ৰ নাট্যকাৰ য়াং লিনৰ ২১ ডিচেম্বৰত হেনান প্ৰদেশত কোভিডত আক্ৰান্ত হৈয়েই মৃত্যু হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু