--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ দেশৰ চাৰি খন চহৰত মুকলি কৰা ডিজিটেল মুদ্ৰাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি ৰখা নাই৷ এই কথাকলৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া হৈছে৷ কাৰণ ভাৰতীয় মুদ্ৰাত  জাতিৰ পিতাৰ ছবি এটা এৰাব নোৱাৰা বিষয় হিচাবে পৰিগণিত হৈ আহিছে৷ শেহতীয়াকৈ ভাৰতীয় নোট আৰু মুদ্ৰাৰ পৰা মহাত্মা গান্ধীৰ ছবি আঁতৰ কৰিবলৈ বিভিন্ন পক্ষই দাবী জনাই আহিছে৷ 

মহাত্মাৰ ঠাইত নোট আৰু মুদ্ৰাত দেৱ-দেৱীৰ ছবি দিয়াৰ কথাও ওলাইছে৷ এনে সময়তে ৰিজাৰ্ভ বেংকে ডিজিটেল মুদ্ৰাত মহাত্মাক ঠাই নিদিয়াৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে৷  বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহাত্মা গান্ধীৰ নাতিয়েকে৷  মহাত্মাৰ নাতিয়েক  তুষাৰ অৰুণ গান্ধীয়ে টুইটাৰত চৰকাৰক কটাক্ষ কৰি  লিখিছে, "নতুনকৈ প্ৰৱৰ্তন কৰা ডিজিটেল মুদ্ৰাত বাপুৰ ছবি অন্তৰ্ভুক্ত নকৰাৰ বাবে আৰবিআই আৰু  ভাৰত চৰকাৰৰ লোকসকলক ধন্যবাদ। এতিয়া অনুগ্ৰহ কৰি কাগজৰ নোটৰ  পৰাও তেওঁৰ ছবি আঁতৰাওক"। 

এই মাহৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ  চাৰিখন ভা চহৰ- মুম্বাই, নতুন দিল্লী, বাংগালুৰু আৰু ভুৱনেশ্বৰত ডিজিটেল মুদ্ৰাৰ  প্ৰথম পাইলট প্ৰকল্প আৰম্ভ কৰিছে। আৰ.বি.আই.য়ে প্ৰচলিত  নগদ ধনৰ সলনি  ডিজিটেল টকা/মুদ্ৰা/ই-টকা প্ৰচলনত এতিয়া গুৰুত্ব দিছে৷ ই-মুদ্ৰা এক ডিজিটেল টোকেনৰ ৰূপত ৰখা হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি ডিজিটেল মুদ্ৰা  সৃষ্টি কৰিছে । গ্ৰাহকসকলে বেংকৰ দ্বাৰা প্ৰদান কৰা তেওঁলোকৰ মোবাইল এপত ডিজিটেল ৱালেটৰ জৰিয়তে ডিজিটেল টকাৰ বাবে  অনুৰোধ জনাব  পাৰিব আৰু গ্ৰাহকে বিচৰা পৰিমাণটো তেওঁলোকৰ ডিজিটেল টকাৰ ৱালেটত জমা হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু