--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ দেশৰ চাৰি খন চহৰত মুকলি কৰা ডিজিটেল মুদ্ৰাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি ৰখা নাই৷ এই কথাকলৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া হৈছে৷ কাৰণ ভাৰতীয় মুদ্ৰাত  জাতিৰ পিতাৰ ছবি এটা এৰাব নোৱাৰা বিষয় হিচাবে পৰিগণিত হৈ আহিছে৷ শেহতীয়াকৈ ভাৰতীয় নোট আৰু মুদ্ৰাৰ পৰা মহাত্মা গান্ধীৰ ছবি আঁতৰ কৰিবলৈ বিভিন্ন পক্ষই দাবী জনাই আহিছে৷ 

মহাত্মাৰ ঠাইত নোট আৰু মুদ্ৰাত দেৱ-দেৱীৰ ছবি দিয়াৰ কথাও ওলাইছে৷ এনে সময়তে ৰিজাৰ্ভ বেংকে ডিজিটেল মুদ্ৰাত মহাত্মাক ঠাই নিদিয়াৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে৷  বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহাত্মা গান্ধীৰ নাতিয়েকে৷  মহাত্মাৰ নাতিয়েক  তুষাৰ অৰুণ গান্ধীয়ে টুইটাৰত চৰকাৰক কটাক্ষ কৰি  লিখিছে, "নতুনকৈ প্ৰৱৰ্তন কৰা ডিজিটেল মুদ্ৰাত বাপুৰ ছবি অন্তৰ্ভুক্ত নকৰাৰ বাবে আৰবিআই আৰু  ভাৰত চৰকাৰৰ লোকসকলক ধন্যবাদ। এতিয়া অনুগ্ৰহ কৰি কাগজৰ নোটৰ  পৰাও তেওঁৰ ছবি আঁতৰাওক"। 

এই মাহৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ  চাৰিখন ভা চহৰ- মুম্বাই, নতুন দিল্লী, বাংগালুৰু আৰু ভুৱনেশ্বৰত ডিজিটেল মুদ্ৰাৰ  প্ৰথম পাইলট প্ৰকল্প আৰম্ভ কৰিছে। আৰ.বি.আই.য়ে প্ৰচলিত  নগদ ধনৰ সলনি  ডিজিটেল টকা/মুদ্ৰা/ই-টকা প্ৰচলনত এতিয়া গুৰুত্ব দিছে৷ ই-মুদ্ৰা এক ডিজিটেল টোকেনৰ ৰূপত ৰখা হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি ডিজিটেল মুদ্ৰা  সৃষ্টি কৰিছে । গ্ৰাহকসকলে বেংকৰ দ্বাৰা প্ৰদান কৰা তেওঁলোকৰ মোবাইল এপত ডিজিটেল ৱালেটৰ জৰিয়তে ডিজিটেল টকাৰ বাবে  অনুৰোধ জনাব  পাৰিব আৰু গ্ৰাহকে বিচৰা পৰিমাণটো তেওঁলোকৰ ডিজিটেল টকাৰ ৱালেটত জমা হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক