--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেজহগ-নামটো শুনাৰ লগে লগে চাজাৰুৰ দৰে দেখাত সৰু প্ৰাণীবিধৰ এখন ছবি সাধাৰণতে ভাঁহি আহে। সম্প্ৰতি ইউক্ৰেইনত ৰাছিয়ান টেংকৰ আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত এই হেজহগেই অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিৰোধক হৈ পৰিছে। নামৰ মিল থাকিলেও কিন্তু এই হেজহগ আপুনি মই ভবাৰ দৰে সৰু প্ৰাণীবিধ নহয়। ডাঙৰ ডাঙৰ লোৰ বীমবোৰ কাটি সেইবোৰ জোৰা লগাই তৈয়াৰ কৰা হয় গাৰ্ডৰেল। জানিবলৈ পোৱা মতে, এই গাৰ্ডৰেলে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ চহৰসমূহত ৰাছিয়ান টেংকৰ গতি অৱৰোধ কৰাত সহায় কৰিছে। ৰাছিয়াৰ বিৰুদ্ধে এই অস্ত্ৰসমূহ ইউক্ৰেইনৰ সৈন্য আৰু অসামৰিক লোকসকলে ব্যৱহাৰ কৰিলেও কিন্তু এই হেজহগৰ জন্মস্থানত পূৰ্বৰ চেকোস্লোভাকিয়াত। এইবোৰক 'এণ্টি-টেংক আক্ৰমণাত্মক প্ৰতিৰক্ষা' বুলি কোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাতল আৰু মজলীয়া আকাৰৰ টেংকৰ গতিৰোধ কৰিবলৈ এই হেজহগৰ প্ৰাচীৰবোৰ পৰ্যাপ্ত ভাৱে কাৰ্যকৰী হৈছিল। যদি গাড়ী বা টেংক এখন লৌহ নিৰ্মিত প্ৰাচীৰৰ ওপৰেৰে পাৰ হ'বলৈ চেষ্টা কৰে তেন্তে আবদ্ধ হৈ পৰিব। আনকি ক্ষতিগ্ৰস্ত হোৱাৰো সম্ভাৱনা অধিক। এএফপি সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, যিদিনা ৰাছিয়াই ইউক্ৰেইনত সামৰিক আক্ৰমণ আৰম্ভ কৰিছিল, পশ্চিম ইউক্ৰেইনৰ লুভিভেউভ চহৰৰ এদল লোকে ইউটিউব চাই হেজহগ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ওচৰে পাজৰে পোৱালোৰ সামগ্ৰীৰে এটাৰ পাছত আনটো হেজহগ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকে। ছ’চিয়েল মিডিয়াটো এই বিষয়ে বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে, আক্ৰমণকাৰী ৰুছ টেংক সমূহক বাধা দিবলৈ এই অস্ত্ৰ অতি কাৰ্যকৰী। এটা হেজহগৰ ওজন প্ৰায় ১০০ কিলোগ্ৰাম। BFC new

FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি