--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেজহগ-নামটো শুনাৰ লগে লগে চাজাৰুৰ দৰে দেখাত সৰু প্ৰাণীবিধৰ এখন ছবি সাধাৰণতে ভাঁহি আহে। সম্প্ৰতি ইউক্ৰেইনত ৰাছিয়ান টেংকৰ আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত এই হেজহগেই অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিৰোধক হৈ পৰিছে। নামৰ মিল থাকিলেও কিন্তু এই হেজহগ আপুনি মই ভবাৰ দৰে সৰু প্ৰাণীবিধ নহয়। ডাঙৰ ডাঙৰ লোৰ বীমবোৰ কাটি সেইবোৰ জোৰা লগাই তৈয়াৰ কৰা হয় গাৰ্ডৰেল। জানিবলৈ পোৱা মতে, এই গাৰ্ডৰেলে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ চহৰসমূহত ৰাছিয়ান টেংকৰ গতি অৱৰোধ কৰাত সহায় কৰিছে। ৰাছিয়াৰ বিৰুদ্ধে এই অস্ত্ৰসমূহ ইউক্ৰেইনৰ সৈন্য আৰু অসামৰিক লোকসকলে ব্যৱহাৰ কৰিলেও কিন্তু এই হেজহগৰ জন্মস্থানত পূৰ্বৰ চেকোস্লোভাকিয়াত। এইবোৰক 'এণ্টি-টেংক আক্ৰমণাত্মক প্ৰতিৰক্ষা' বুলি কোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাতল আৰু মজলীয়া আকাৰৰ টেংকৰ গতিৰোধ কৰিবলৈ এই হেজহগৰ প্ৰাচীৰবোৰ পৰ্যাপ্ত ভাৱে কাৰ্যকৰী হৈছিল। যদি গাড়ী বা টেংক এখন লৌহ নিৰ্মিত প্ৰাচীৰৰ ওপৰেৰে পাৰ হ'বলৈ চেষ্টা কৰে তেন্তে আবদ্ধ হৈ পৰিব। আনকি ক্ষতিগ্ৰস্ত হোৱাৰো সম্ভাৱনা অধিক। এএফপি সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, যিদিনা ৰাছিয়াই ইউক্ৰেইনত সামৰিক আক্ৰমণ আৰম্ভ কৰিছিল, পশ্চিম ইউক্ৰেইনৰ লুভিভেউভ চহৰৰ এদল লোকে ইউটিউব চাই হেজহগ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ওচৰে পাজৰে পোৱালোৰ সামগ্ৰীৰে এটাৰ পাছত আনটো হেজহগ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকে। ছ’চিয়েল মিডিয়াটো এই বিষয়ে বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে, আক্ৰমণকাৰী ৰুছ টেংক সমূহক বাধা দিবলৈ এই অস্ত্ৰ অতি কাৰ্যকৰী। এটা হেজহগৰ ওজন প্ৰায় ১০০ কিলোগ্ৰাম। BFC new

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু