--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছোৱালীৰ গ্ৰুপ-থ্রী শাখাত প্রতিদ্বন্দ্বিতা কৰা কস্তুৰীয়ে ১০০ মিটাৰ ব্ৰেষ্টষ্ট্রোক ইভেন্টত শীর্ষ পদকটো জয়ৰ বেলিকা ১:২০
  • ৪৭ ছেকেণ্ড সময় লৈ লক্ষ্যত উপনীত হয়।

ডিজিটেল ডেস্ক : বেংগালুৰুত সোমবাৰৰ পৰা আৰম্ভ হোৱা ৪১ সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰত প্ৰথম দিনাই অসমৰ কস্তুৰী গগৈয়ে স্বর্ণপদক অর্জন কৰিছে। ছোৱালীৰ গ্ৰুপ-থ্রী শাখাত প্রতিদ্বন্দ্বিতা কৰা কস্তুৰীয়ে ১০০ মিটাৰ ব্ৰেষ্টষ্ট্রোক ইভেন্টত শীর্ষ পদকটো জয়ৰ বেলিকা ১:২০.৪৭ ছেকেণ্ড সময় লৈ লক্ষ্যত উপনীত হয়।


আনহাতে, একেদিনাই গ্রুপ-থ্রী ল'ৰাৰ ৪×৫০ মিটাৰ ফ্ৰীষ্টাইল ৰীলে ইভেন্টত অসমৰ দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসমক প্রতিনিধিত্ব কৰা বীহান ব্ৰহ্মচার্য, আহান তালুকদাৰ, চৌৰিশ দত্ত আৰু অভিজ্ঞান মোহনৰ সন্মিলিত শক্তিয়ে ব্ৰঞ্জ জয়ৰ বেলিকা সময় লয় ১:৫৭.৮৯ ছেকেণ্ড।


দলটোৰ প্রশিক্ষক বাবুল গুৰুং আৰু মেনেজাৰৰ দায়িত্বত আছে জেমছ মৰাণ। ইফালে গুজৰাটৰ আহমেদাবাদস্থিত নাৰণপুৰা স্পর্টছ কমপ্লেক্সত (৩-৭ আগষ্ট) চলি থকা ৫১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰত সোমবাৰে দ্বিতীয় দিনা অসমৰ প্ৰয়াস গগৈ আৰু জ্ঞানদীপ বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে।


ইয়াৰে গ্ৰুপ-টুৰ ২০০ মিটাৰ ফ্ৰী-ষ্টাইল ইভেন্টত প্রয়াসে ব্রঞ্জজয়ী সফলতা অর্জন কৰে ২:০৩.১৫ ছেকেণ্ড সময় লৈ। আনহাতে, জ্ঞানদীপে ১০০ মিটাৰ বেকষ্ট্ৰোক ইভেন্টত ব্ৰঞ্জৰ পদক অৰ্জনৰ বেলিকা সময় লয় ১:০৫.৬১ ছেকেণ্ড।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ