--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে আমেৰিকাকো সমালোচনা কৰে। বিদেশ মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিত কয় যে ভাৰতে এনে ধৰণৰ ভাবুকিক ভয় নকৰে।

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ফিল্ড মার্শাল জেনেৰেল আছিম মুনিৰে আমেৰিকা-ভ্ৰমণৰ সময়ত দিয়া পাৰমাণৱিক অস্ত্র ব্যৱহাৰৰ ভাবুকিত ভাৰতে তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰিছে।


ইয়াৰ লগতে ভাৰতে আমেৰিকাকো সমালোচনা কৰে। বিদেশ মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিত কয় যে ভাৰতে এনে ধৰণৰ ভাবুকিক ভয় নকৰে। বিদেশ মন্ত্র্যালয়ে বিবৃতিটোত কয়, 'পাকিস্তানৰ সেনা প্রধানে আমেৰিকা ভ্ৰমণৰ সময়ত কৰা মন্তব্যই আমাৰ মনোযোগ আকর্ষণ কৰিছে। পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিয়াটো পাকিস্তানৰ পুৰণি অভ্যাস। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে পাকিস্তানৰ এই দায়িত্বজ্ঞানহীন মন্তব্যক গুৰুত্ব দি সিদ্ধান্তত উপনীত হ'ব পাৰে। পাকিস্তান কেৱল আঞ্চলিক নিৰাপত্তাই নহয় বিশ্বৰ সুৰক্ষাৰ প্রতিও ভাবুকি।'


ভাৰত চৰকাৰে লগতে কয়, 'এখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ ভূমিৰ পৰা এনেধৰণৰ মন্তব্য কৰাটো খেদজনক। ভাৰতে আগতেই স্পষ্ট কৰি দিছে এনেধৰণৰ পাৰমাণৱিক ব্লেকমেইলিং কেতিয়াও সহ্য নকৰে। আমি আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিম।' ভাৰতে লগতে কয় যে এনে ধৰণৰ দীলি দায়িত্বজ্ঞানহীন মন্তব্যৰ পাছত বিশ্বই পাকিস্তানৰ পাৰমাণৱিক ক্ষমতাক লৈ উদ্বিগ্ন হোৱা উচিত। উল্লেখযোগ্য যে আমেৰিকা ভ্ৰমণলৈ যোৱা জেনেৰেল মুনিৰে দম্ভালি মাৰি কৈছিল যে ভবিষ্যতে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধ তেওঁৰ দেশৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় তেতিয়া সমগ্র অঞ্চলটোক পাৰমাণবিক যুদ্ধৰ মাজলৈ ঠেলি দিব। মুনিৰে কৈছিল, 'আমি এখন পাৰমাণবিক অস্ত্র সম্পন্ন ৰাষ্ট্ৰ আৰু আমি আমাৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি হোৱা বুলি অনুভৱ কৰিলে আমি আধা বিশ্বকো আমাৰ লগত ডুবাম।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু