--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে আমেৰিকাকো সমালোচনা কৰে। বিদেশ মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিত কয় যে ভাৰতে এনে ধৰণৰ ভাবুকিক ভয় নকৰে।

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ফিল্ড মার্শাল জেনেৰেল আছিম মুনিৰে আমেৰিকা-ভ্ৰমণৰ সময়ত দিয়া পাৰমাণৱিক অস্ত্র ব্যৱহাৰৰ ভাবুকিত ভাৰতে তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰিছে।


ইয়াৰ লগতে ভাৰতে আমেৰিকাকো সমালোচনা কৰে। বিদেশ মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিত কয় যে ভাৰতে এনে ধৰণৰ ভাবুকিক ভয় নকৰে। বিদেশ মন্ত্র্যালয়ে বিবৃতিটোত কয়, 'পাকিস্তানৰ সেনা প্রধানে আমেৰিকা ভ্ৰমণৰ সময়ত কৰা মন্তব্যই আমাৰ মনোযোগ আকর্ষণ কৰিছে। পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিয়াটো পাকিস্তানৰ পুৰণি অভ্যাস। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে পাকিস্তানৰ এই দায়িত্বজ্ঞানহীন মন্তব্যক গুৰুত্ব দি সিদ্ধান্তত উপনীত হ'ব পাৰে। পাকিস্তান কেৱল আঞ্চলিক নিৰাপত্তাই নহয় বিশ্বৰ সুৰক্ষাৰ প্রতিও ভাবুকি।'


ভাৰত চৰকাৰে লগতে কয়, 'এখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ ভূমিৰ পৰা এনেধৰণৰ মন্তব্য কৰাটো খেদজনক। ভাৰতে আগতেই স্পষ্ট কৰি দিছে এনেধৰণৰ পাৰমাণৱিক ব্লেকমেইলিং কেতিয়াও সহ্য নকৰে। আমি আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিম।' ভাৰতে লগতে কয় যে এনে ধৰণৰ দীলি দায়িত্বজ্ঞানহীন মন্তব্যৰ পাছত বিশ্বই পাকিস্তানৰ পাৰমাণৱিক ক্ষমতাক লৈ উদ্বিগ্ন হোৱা উচিত। উল্লেখযোগ্য যে আমেৰিকা ভ্ৰমণলৈ যোৱা জেনেৰেল মুনিৰে দম্ভালি মাৰি কৈছিল যে ভবিষ্যতে যদি ভাৰতৰ সৈতে হোৱা যুদ্ধ তেওঁৰ দেশৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় তেতিয়া সমগ্র অঞ্চলটোক পাৰমাণবিক যুদ্ধৰ মাজলৈ ঠেলি দিব। মুনিৰে কৈছিল, 'আমি এখন পাৰমাণবিক অস্ত্র সম্পন্ন ৰাষ্ট্ৰ আৰু আমি আমাৰ অস্তিত্বৰ প্ৰতি সংকটৰ সৃষ্টি হোৱা বুলি অনুভৱ কৰিলে আমি আধা বিশ্বকো আমাৰ লগত ডুবাম।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ