--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰে। নতুন শুল্ক ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও এসপ্তাহ পিছুৱাই দিয়ে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে। তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰিছে আৰু এই তেলৰ এটা বৃহৎ অংশ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি বৃহৎ পৰিমাণৰ মুনাফা লুটি আছে। ভাৰত ইউক্রেইনৰ মানৱীয় দুর্যোগৰ প্ৰতি উদাসীন হৈ থকা বুলি অভিযোগ কৰি ট্রাম্পে কয়, 'ৰাছিয়াৰ যুদ্ধ মেচিনে ইউক্রেইনত কিমান মানুহ মাৰিছে তাৰ প্ৰতি ভাৰতে অকণো পৰোৱা কৰা নাই। সেই কাৰণে মই ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত শুল্কৰ হাৰ বৃহৎ হাৰত বৃদ্ধি কৰিম।'


উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰে। নতুন শুল্ক ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও এসপ্তাহ পিছুৱাই দিয়ে। ইফালে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে ট্রাম্পৰ এজন সহযোগীয়েও পুনৰ ভাৰতক ভাবুকি দিয়ে। দেওবাৰে হোৱাইট হাউছৰ উপদেষ্টা ষ্টিফেন মিলাৰে ভাৰতক অধিক হাৰত শুল্ক আৰোপৰ ভাবুকি দিয়ে। ভাৰতে ইউক্রেইন যুদ্ধত ৰাছিয়াক পুঁজিৰ যোগান ধৰা বুলি প্রত্যক্ষভাৱে অভিযোগ কৰে। ফক্স নিউজক দেওবাৰে দিয়া এটা সাক্ষাৎকাৰত মিলাৰে কয়, 'ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যুদ্ধলৈ বৰঙনি যোগান ধৰি থকাটো গ্রহণযোগ্য নহয়।' তেওঁ এই বুলি দাবী কৰে যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰত এতিয়া চীনৰ প্ৰায় সমপর্যায়ত। মিলাৰে কয়, 'তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰত প্ৰকৃততে চীনৰ সমপর্যায়ত আছে। ই এক আশ্চৰ্যকৰ তথ্য বুলি তেওঁ কয়।'


অৱশ্যে তেওঁ লগতে কয় যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ সম্পৰ্ক 'শক্তিশালী আৰু ভাল'। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰু জৰিমনা আৰোপ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ লগতে ট্রাম্পে এই বুলিও ইংগিত দিয়ে যে কোনো দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো অব্যাহত থাকিলে তেনে দেশৰ বিৰুদ্ধে ১০০% শুল্ক আৰোপ কৰা হ'ব পাৰে। ইফালে ৰাষ্ট্ৰপতি ট্রাম্পে নিউজাচীত কয় যে তেওঁৰ শুল্ক নীতিৰ ফলত আমেৰিকাই বৃহৎ পৰিমণাৰ ধন সংগ্ৰহ কৰিব পাৰিব। তেওঁৰ মতে আমেৰিকাই বহুত আগতেই এই কাম কৰিব লাগিছিল। ট্রাম্পে কয়, 'মই কাকো হেঁচা দিবলৈ বিচৰা নাই। মই মাত্ৰ ঔচিত্যহে বিচাৰিছোঁ। আমি যিমান পাৰি সমান সমান হোৱাটো বিচাৰিছোঁ।' ৰাষ্ট্ৰপতিজনে কয় যে শুল্কৰ জৰিয়তে পোৱা ধনৰ এটা অংশ দেশৰ ধাৰ মৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰে একাংশ দেশৰ দুখীয়া লোকৰ মাজত বিলোৱা হ'ব।


ট্রাম্পে কয়, 'আমাৰ দেশৰ মধ্য আৰু নিম্ন আয়ৰ লোকসকলক লাভাংশৰূপে দিয়া হ'ব।' ইফালে বি বি চিয়ে আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি কয় যে দেশখনে চলিত বছৰত জুলাইলৈকে শুল্ক আৰু আবকাৰীৰ শুল্কৰ জৰিয়তে প্রায় ১৩.৩৬ লাখ কোটি টকা (১৫২০০ কোটি ডলাৰ) সংগ্ৰহ কৰে। কেৱল জুন মাহতে গড় হিচাপত তিনি গুণতকৈ অধিক অর্থাৎ প্রায় ২.৪৫ লাখ কোটি টকা (২৮০০ কোটি ডলাৰ) কৰ আৰু শুল্ক সংগ্ৰহ হয়। ট্রাম্পৰ মতে নতুন শুল্কৰ ফলত আমেৰিকাৰ ধাৰৰ বোজা অহা দহ বছৰৰ ভিতৰত ২.৫ লাখ কোটি ডলাৰ (প্রায় ২১৯.৭০ লাখ কোটি টকা) কম হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ