--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰে। নতুন শুল্ক ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও এসপ্তাহ পিছুৱাই দিয়ে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে। তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰিছে আৰু এই তেলৰ এটা বৃহৎ অংশ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি বৃহৎ পৰিমাণৰ মুনাফা লুটি আছে। ভাৰত ইউক্রেইনৰ মানৱীয় দুর্যোগৰ প্ৰতি উদাসীন হৈ থকা বুলি অভিযোগ কৰি ট্রাম্পে কয়, 'ৰাছিয়াৰ যুদ্ধ মেচিনে ইউক্রেইনত কিমান মানুহ মাৰিছে তাৰ প্ৰতি ভাৰতে অকণো পৰোৱা কৰা নাই। সেই কাৰণে মই ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত শুল্কৰ হাৰ বৃহৎ হাৰত বৃদ্ধি কৰিম।'


উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰে। নতুন শুল্ক ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও এসপ্তাহ পিছুৱাই দিয়ে। ইফালে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে ট্রাম্পৰ এজন সহযোগীয়েও পুনৰ ভাৰতক ভাবুকি দিয়ে। দেওবাৰে হোৱাইট হাউছৰ উপদেষ্টা ষ্টিফেন মিলাৰে ভাৰতক অধিক হাৰত শুল্ক আৰোপৰ ভাবুকি দিয়ে। ভাৰতে ইউক্রেইন যুদ্ধত ৰাছিয়াক পুঁজিৰ যোগান ধৰা বুলি প্রত্যক্ষভাৱে অভিযোগ কৰে। ফক্স নিউজক দেওবাৰে দিয়া এটা সাক্ষাৎকাৰত মিলাৰে কয়, 'ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যুদ্ধলৈ বৰঙনি যোগান ধৰি থকাটো গ্রহণযোগ্য নহয়।' তেওঁ এই বুলি দাবী কৰে যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰত এতিয়া চীনৰ প্ৰায় সমপর্যায়ত। মিলাৰে কয়, 'তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰত প্ৰকৃততে চীনৰ সমপর্যায়ত আছে। ই এক আশ্চৰ্যকৰ তথ্য বুলি তেওঁ কয়।'


অৱশ্যে তেওঁ লগতে কয় যে প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ সম্পৰ্ক 'শক্তিশালী আৰু ভাল'। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ কাৰণে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰু জৰিমনা আৰোপ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ লগতে ট্রাম্পে এই বুলিও ইংগিত দিয়ে যে কোনো দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো অব্যাহত থাকিলে তেনে দেশৰ বিৰুদ্ধে ১০০% শুল্ক আৰোপ কৰা হ'ব পাৰে। ইফালে ৰাষ্ট্ৰপতি ট্রাম্পে নিউজাচীত কয় যে তেওঁৰ শুল্ক নীতিৰ ফলত আমেৰিকাই বৃহৎ পৰিমণাৰ ধন সংগ্ৰহ কৰিব পাৰিব। তেওঁৰ মতে আমেৰিকাই বহুত আগতেই এই কাম কৰিব লাগিছিল। ট্রাম্পে কয়, 'মই কাকো হেঁচা দিবলৈ বিচৰা নাই। মই মাত্ৰ ঔচিত্যহে বিচাৰিছোঁ। আমি যিমান পাৰি সমান সমান হোৱাটো বিচাৰিছোঁ।' ৰাষ্ট্ৰপতিজনে কয় যে শুল্কৰ জৰিয়তে পোৱা ধনৰ এটা অংশ দেশৰ ধাৰ মৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰে একাংশ দেশৰ দুখীয়া লোকৰ মাজত বিলোৱা হ'ব।


ট্রাম্পে কয়, 'আমাৰ দেশৰ মধ্য আৰু নিম্ন আয়ৰ লোকসকলক লাভাংশৰূপে দিয়া হ'ব।' ইফালে বি বি চিয়ে আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি কয় যে দেশখনে চলিত বছৰত জুলাইলৈকে শুল্ক আৰু আবকাৰীৰ শুল্কৰ জৰিয়তে প্রায় ১৩.৩৬ লাখ কোটি টকা (১৫২০০ কোটি ডলাৰ) সংগ্ৰহ কৰে। কেৱল জুন মাহতে গড় হিচাপত তিনি গুণতকৈ অধিক অর্থাৎ প্রায় ২.৪৫ লাখ কোটি টকা (২৮০০ কোটি ডলাৰ) কৰ আৰু শুল্ক সংগ্ৰহ হয়। ট্রাম্পৰ মতে নতুন শুল্কৰ ফলত আমেৰিকাৰ ধাৰৰ বোজা অহা দহ বছৰৰ ভিতৰত ২.৫ লাখ কোটি ডলাৰ (প্রায় ২১৯.৭০ লাখ কোটি টকা) কম হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু