--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয়ক লৈ ভাৰতক ট্রাম্পে বাৰম্বাৰ ভাবুকি দি আহিছে।

ডিজিটেল ডেস্কঃ নিজকে বিশ্বৰ সৰ্বময় নেতাৰূপে জাহিৰ কৰিবলৈ বিচৰা আৰু বিশ্বত আমেৰিকাৰ নিয়ন্ত্ৰণ স্থানৰ বাবে শুল্কক অস্ত্রৰূপে ব্যৱহাৰ কৰিবলৈ বিচৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক ভাৰতে কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়ে। ট্রাম্পে এনে ধৰণৰ ভাবুকিৰে বিশ্বৰ আটাইতকৈ দ্রুত গতিত আগবঢ়া অর্থনীতি ভাৰতক দমন কৰি ৰাখিবলৈ চলোৱা প্রচেষ্টাই দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি কৰাটো স্পষ্ট হৈ পৰিছে।


উল্লেখযোগ্য যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয়ক লৈ ভাৰতক ট্রাম্পে বাৰম্বাৰ ভাবুকি দি আহিছে। সোমবাৰেও তেওঁ এই বুলি ভাবুকি দিয়ে যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকাৰ কাৰণে ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপ কৰিব। ট্রাম্পে এনে ধৰণেৰে বাৰম্বাৰ দি অহা ভাবুকিৰ প্ৰত্যুত্তৰ ভাৰতেও কঠোৰভাৱে দিয়ে।


ভাৰতে প্ৰথম বাৰৰ বাবে আমেৰিকাৰ নাম লৈ মুকলিকৈ ট্রাম্পক প্রত্যুত্তৰ দিয়ে। ইয়াৰ লগতে ভাৰতে আমেৰিকা আৰু ইউৰোপৰ দুমুখীয়া নীতিকো বিশ্বৰ আগত ৰাজহুৱা কৰে। ট্রাম্পে কালি সামাজিক মাধ্যমত এই বুলি কৈছিল, 'ৰাছিয়াৰ আক্ৰমণত কিমান মানুহ মৰিছে তাৰ প্ৰতি ভাৰতে কাণসাৰ কৰা নাই। সেয়েহে মই ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপ কৰিম।' ভাৰতে ট্রাম্পৰ এনে ধৰণৰ মন্তব্যক প্রত্যক্ষভাৱে খাৰিজ কৰে। ট্রাম্পৰ এই মন্তব্যক ভাৰতে অন্যায়পূর্ণ আৰু অযুক্তিকৰ বুলি অভিহিত কৰে। ট্রাম্পে ভাৰতৰ ক্ষেত্ৰত দুমুখীয়া নীতি গ্রহণ কৰা বুলিও কয়।


উল্লেখযোগ্য যে ভাৰতে প্ৰথমবাৰলৈ ট্রাম্পৰ মন্তব্যক কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ে। ট্রাম্পৰ মন্তব্যৰ পাছতে কালি শেহ নিশা বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ইউক্রেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰাই আমেৰিকা আৰু ইউৰোপৰ দেশবোৰে ভাৰতক লক্ষ্য কৰি লৈছে। কিন্তু প্রকৃত সত্যটো হ'ল ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল কৰিবলৈ লয়, যেতিয়া ইউক্রেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছত বিশ্বৰ পৰম্পৰাগত খাৰুৱা তেলৰ বজাৰৰ পৰা ইউৰোপলৈ খাৰুৱা তেল প্ৰেৰণ কৰিবলৈ লোৱা হয় তেতিয়াৰ পৰা। তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিছে যাতে দেশৰ জনসাধাৰণৰ সুলভ দামত ইন্ধনৰ যোগান ধৰিব পাৰে। কিন্তু প্রকৃত সত্যটো হ'ল যিবিলাক দেশে ভাৰতৰ বিৰুদ্ধে অভিযোগ কৰিছে, সেই দেশবোৰে নিজেই ৰাছিয়াৰ সৈতে ব্যৱসায় কৰি আছে। আৰু এই দেশবোৰে সেই কাম কৰি থকাটো তেওঁলোকৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ ভিতৰত নপৰে। জয়ছোৱালে কয় যে ইউৰোপীয়ান ইউনিয়নে যোৱা বছৰ ৰাছিয়াৰ সৈতে ৬৭৫০ কোটি ডলাৰৰ ব্যৱসায় কৰিছে। ই ভাৰত আৰু ৰাছিয়াৰ মুঠ ব্যৱসায়তকৈ অধিক। তেওঁ কয় যে ইউৰোপ আৰু ৰাছিয়াৰ মাজত এতিয়াও সাৰ, খনিজাত সামগ্ৰী, ৰসায়ন, লোহা আৰু ইস্পাত আদিৰ ব্যৱসায় চলি আছে। আনহাতে আমেৰিকাই এতিয়াও ৰাছিয়াৰ পৰা ইউৰেনিয়াম ক্ৰয় কৰি আছে।


ইয়াৰ লগতে নিজৰ ইলেক্ট্রনিক উদ্যোগৰ বাবে আমেৰিকাই ৰাছিয়াৰ পৰা পেলেডিয়াম, সাৰ আৰু ৰাসায়নিক সামগ্রী ক্ৰয় কৰি আছে। এনে অৱস্থাত ভাৰতক লক্ষ্য কৰি লোৱাটো অন্যায়পূৰ্ণ আৰু অনুচিত বুলি জয়ছোৱালে কয়। তেওঁ কয় যে আন দেশৰ ভাৰতেও নিজৰ ৰাষ্ট্ৰীয় স্বার্থ আৰু অর্থনৈতিক সুৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰে। উল্লেখযোগ্য যে ট্রাম্পে কালি সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত এই বুলি কয় যে ভাৰতে ৰাছিয়াৰ পৰা কেৱল কম দামত খাৰুৱা তেল ক্ৰয় কৰাই নহয়, মুকলি বজাৰত ইয়াৰে অধিকাংশ বিক্রী কৰি বৃহৎ পৰিমাণৰ মুনাফা লুটি আছে। ইউক্রেইনত কিমান মানুহ মৰি আছে তাৰ প্ৰতি তেওঁলোকৰ অকণো কাণসাৰ নাই। সেয়েহে মই ভাৰতৰ বিৰুদ্ধে বৃহৎ হাৰত শুল্ক আৰোপ কৰিম।'


উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে বিগত ৮-৯ দিনত একেৰাহে ভাৰতৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দি আহিছে। ইয়াৰ আগলৈকে বিদেশ মন্ত্রালয়ে তেওঁৰ মন্তব্যত অতি সতর্কতাৰে প্রতিক্রিয়া প্রকাশ কৰিছিল। ট্রাম্পে আনকি ভাৰতীয় অর্থনীতি মৃত বুলিও মন্তব্য দিছিল। উল্লেখযোগ্য যে ভাৰতে কালি ট্রাম্পৰ মন্তব্যৰ যিধৰণে প্ৰত্যুত্তৰ দিয়ে, তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে বিদেশ মন্ত্রালয়ে এইবাৰ প্রতিক্রিয়া প্ৰকাশ কৰোতে কূটনীতিক গুৰুত্ব দিয়া নাই।


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ ঘোষণা ইতিমধ্যে কৰিছে। ৭ আগষ্টৰ পৰা তেওঁৰ এই ঘোষণা কাৰ্যকৰী কৰা হ'ব। ইফালে সূত্ৰসমূহে প্রকাশ কৰা মতে ট্রাম্পে নিজৰ সুবিধা মতে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ বিচাৰিছিল, কিন্তু ভাৰতে নিজৰ দেশৰ দুগ্ধ, কৃষি সামগ্ৰীৰ বজাৰ তথা কৃষকক প্ৰভাৱিত কৰিব পৰা কোনো চর্ত মানি ল'বলৈ অস্বীকাৰ কৰি আহিছে। সেয়েহে ট্রাম্পে প্রথমে ভাৰতৰ ওপৰত চাপ প্রয়োগ কৰে যদিও ই কামত নিদিলে। এনে অৱস্থাত এতিয়া ৰাষ্ট্ৰপতিজনে ভাৰতক ভাবুকি দিবলৈ লৈছে। মন কৰিবলগীয়া যে ভাৰতক ভাবুকি দি সেৱ কৰিবলৈ বিচৰা


আমেৰিকাই নিজে যোৱা বছৰ ৰাছিয়াৰ পৰা ৩০০ কোটি ডলাৰৰ সামগ্রী আমদানি কৰিছিল। আনকি চলিত বছৰৰ প্ৰথম পাঁচ মাহত আমেৰিকাৰ ৰাছিয়াৰ পৰা ২০৯ কোটি টকাৰ অৰ্থাৎ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত প্রায় ২৪% অধিক সামগ্রী আমদানি কৰিছে।



আনহাতে ইউৰোপীয়ান ইউনিয়নে যোৱা বছৰ ৰাছিয়াৰ সৈতে প্রায় ৭২৯ কোটি ডলাৰৰ ব্যৱসায় কৰে। ৰাছিয়াৰ পৰা চীনে ৪৭%, ভাৰতে ৩৮%, ইউৰোপীয়ান ইউনিয়নে ৬% খাৰুৱা তেল আমদানি কৰিছে ।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু