--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চলিত বছৰৰ পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণৰ কাৰণে এমাহত ৩ কোটি ৫৩ লাখ লোকে নাম পঞ্জীয়ন কৰে।

ডিজিটেল ডেস্ক :  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বহু চৰ্চিত তথা শিক্ষার্থীৰ মাজত অতি জনপ্রিয় অনুষ্ঠান পৰীক্ষা পে চর্চাই ইতিহাসৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীয়ে বিশ্ব অভিলেখৰ সৃষ্টি কৰে। শিক্ষা মন্ত্রী ধমেন্দ্র প্রধানে এই কথা প্রকাশ কৰে।


চলিত বছৰৰ পৰীক্ষা পে চর্চাই গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছে। অনুষ্ঠানটোৱে কোনো এক নাগৰিক মঞ্চত এমাহত সর্বাধিক সংখ্যক লোকৰ নাম পঞ্জীয়ন আৰু টেলিভিশ্যনত সর্বাধিক সংখ্যক লোকে এই অনুষ্ঠান চোৱাৰ বাবে গীনিজ বুকত স্থান পায়। চলিত বছৰৰ পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণৰ কাৰণে এমাহত ৩ কোটি ৫৩ লাখ লোকে নাম পঞ্জীয়ন কৰে।


আনহাতে এই অনুষ্ঠান টেলিভিশ্যন, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত প্রায় ২১ কোটিতকৈ অধিক লোকে চাইছিল। সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত ধর্মেন্দ্র প্রধানে কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু জিতিন প্ৰসাদৰ সৈতে গীনিজ বুকৰ পৰা গ্ৰহণ কৰে।


প্ৰধানে কয়, 'মই অশ্বিনী বৈষ্ণৱ আৰু জিতিন প্ৰসাদৰ সৈতে এই প্রমাণ-পত্র গ্রহণ কৰাতো ব্যক্তিগতভাবে সন্তোষ আৰু গৌৰৱৰ কথা।' তেওঁ লগতে কয় যে পৰীক্ষা পে চর্চা এতিয়া এটা অনুষ্ঠান হৈ থকা নাই, এক ৰাষ্ট্ৰজোৰা অভিযান হৈ পৰিছে। এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা আৰু মানসিক চাপ হ্রাস কৰাত সহায় কৰে বুলি তেওঁ কয়। পৰীক্ষা পে চৰ্চা আৰম্ভ কৰা হৈছিল ২০১৮ চনৰ পৰা। সাধাৰণতে ব'ৰ্ডৰ পৰীক্ষাৰ আগে আগে এই অনুষ্ঠান অনুষ্ঠিত হয়।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ