--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চলিত বছৰৰ পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণৰ কাৰণে এমাহত ৩ কোটি ৫৩ লাখ লোকে নাম পঞ্জীয়ন কৰে।

ডিজিটেল ডেস্ক :  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বহু চৰ্চিত তথা শিক্ষার্থীৰ মাজত অতি জনপ্রিয় অনুষ্ঠান পৰীক্ষা পে চর্চাই ইতিহাসৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীয়ে বিশ্ব অভিলেখৰ সৃষ্টি কৰে। শিক্ষা মন্ত্রী ধমেন্দ্র প্রধানে এই কথা প্রকাশ কৰে।


চলিত বছৰৰ পৰীক্ষা পে চর্চাই গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছে। অনুষ্ঠানটোৱে কোনো এক নাগৰিক মঞ্চত এমাহত সর্বাধিক সংখ্যক লোকৰ নাম পঞ্জীয়ন আৰু টেলিভিশ্যনত সর্বাধিক সংখ্যক লোকে এই অনুষ্ঠান চোৱাৰ বাবে গীনিজ বুকত স্থান পায়। চলিত বছৰৰ পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণৰ কাৰণে এমাহত ৩ কোটি ৫৩ লাখ লোকে নাম পঞ্জীয়ন কৰে।


আনহাতে এই অনুষ্ঠান টেলিভিশ্যন, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমত প্রায় ২১ কোটিতকৈ অধিক লোকে চাইছিল। সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত ধর্মেন্দ্র প্রধানে কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু জিতিন প্ৰসাদৰ সৈতে গীনিজ বুকৰ পৰা গ্ৰহণ কৰে।


প্ৰধানে কয়, 'মই অশ্বিনী বৈষ্ণৱ আৰু জিতিন প্ৰসাদৰ সৈতে এই প্রমাণ-পত্র গ্রহণ কৰাতো ব্যক্তিগতভাবে সন্তোষ আৰু গৌৰৱৰ কথা।' তেওঁ লগতে কয় যে পৰীক্ষা পে চর্চা এতিয়া এটা অনুষ্ঠান হৈ থকা নাই, এক ৰাষ্ট্ৰজোৰা অভিযান হৈ পৰিছে। এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা আৰু মানসিক চাপ হ্রাস কৰাত সহায় কৰে বুলি তেওঁ কয়। পৰীক্ষা পে চৰ্চা আৰম্ভ কৰা হৈছিল ২০১৮ চনৰ পৰা। সাধাৰণতে ব'ৰ্ডৰ পৰীক্ষাৰ আগে আগে এই অনুষ্ঠান অনুষ্ঠিত হয়।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু