--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি কোনো মহিলাই নিজ ইচ্ছা অনুসৰি নিশা কাম কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে কোম্পানীসমূহে মহিলাসকলৰ পৰা লিখিতভাৱে ল’ব লাগিব।

ডিজিটেল ডেস্কঃ বহু প্ৰতিষ্ঠানত নিশা মহিলাই কাম কৰিব লগীয়া হয়। তাৰবাবে মহিলাৰ জীৱনলৈ কেতিয়াবা বিপদো নামি আহে। এই বিষয়ত ওড়িশা চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো প্ৰতিষ্ঠানে বা কোনো কোম্পানীয়ে। মহিলাসকলৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ওড়িশা চৰকাৰে। সিদ্ধান্ত অনুসৰি, কোনো মহিলাক নিশা কাম কৰিবৰ বাবে বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে। 


মহিলাৰ সুৰক্ষাৰ লগত জড়িত বিষয়ৰ ওপৰত অধিসূচনা জাৰি কৰি ওড়িশা চৰকাৰে কৈছে যে মহিলা কৰ্মচাৰীক নিশা কাম কৰাৰ বাবে কোনো মালিক পক্ষই বাধ্য কৰাব নোৱাৰিব। 


অধিসূচনা অনুসৰি কোনো মহিলা কৰ্মচাৰীক নিশা কাম কৰাৰ বাবে জোৰ কৰিব নোৱাৰিব। যদি কোনো মহিলাই নিজ ইচ্ছা অনুসৰি নিশা কাম কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে কোম্পানীসমূহে মহিলাসকলৰ পৰা লিখিতভাৱে ল’ব লাগিব। কোনো মহিলাই নিশাৰ ভাগত অকলে কাম কৰিব নোৱাৰিব, কমেও ৩ গৰাকী মহিলা থাকিব লাগিব। মহিলাসকলৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কোম্পানীসমূহে পিক-আপ আৰু ড্ৰপৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক। 


লগতে কয় যে, মহিলাক অনা-নিয়া কৰা বাহনত জিপিএছ ট্ৰেকিং সজ্জিত হ’ব লাগিব আৰু ঘৰৰ ওচৰত নমাই দিব লাগিব। ইয়াৰোপৰি গাড়ীৰ চালকৰ বায়’ডাটা আৰু আৰক্ষীৰ পৰীক্ষণ বাধ্যতামূলক হ’ব। অহা যোৱাৰ ক্ষেত্ৰত মহিলাৰ সুৰক্ষাৰ প্ৰদানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।


ইয়াৰ লগতে মহিলা কৰ্মচাৰীৰ স্বাস্থ্যকো অগ্ৰাধিকাৰ দিছে চৰকাৰখনে। কোম্পানীসমূহে পৰিষ্কাৰ শৌচাগাৰ আৰু খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব। দিন আৰু ৰাতিৰ ডিউটিৰ মাজত কমেও ৮ ঘন্টা জিৰণি লোৱাৰ সময় থাকিব লাগিব। প্ৰতিষ্ঠানৰ লগতে পথসমূহতো চিচিটিভি থাকিব লাগিব যাতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত হয়।


উল্লেখ্য যে কোম্পানীসমূহে “যৌন নিৰ্যাতনৰ পৰা মহিলাক সুৰক্ষা আইন, ২০১৩”ৰ বিধানসমূহ পালন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে চৰকাৰে।


উল্লেখিত নিয়মসমূহ ভংগ কৰিলে কৰ্তৃপক্ষ শাস্তিৰ সন্মুখীন হ'ব বুলি ঘোষণা।


ওড়িশা চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে একমুখে প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু