--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি কোনো মহিলাই নিজ ইচ্ছা অনুসৰি নিশা কাম কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে কোম্পানীসমূহে মহিলাসকলৰ পৰা লিখিতভাৱে ল’ব লাগিব।

ডিজিটেল ডেস্কঃ বহু প্ৰতিষ্ঠানত নিশা মহিলাই কাম কৰিব লগীয়া হয়। তাৰবাবে মহিলাৰ জীৱনলৈ কেতিয়াবা বিপদো নামি আহে। এই বিষয়ত ওড়িশা চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো প্ৰতিষ্ঠানে বা কোনো কোম্পানীয়ে। মহিলাসকলৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ওড়িশা চৰকাৰে। সিদ্ধান্ত অনুসৰি, কোনো মহিলাক নিশা কাম কৰিবৰ বাবে বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে। 


মহিলাৰ সুৰক্ষাৰ লগত জড়িত বিষয়ৰ ওপৰত অধিসূচনা জাৰি কৰি ওড়িশা চৰকাৰে কৈছে যে মহিলা কৰ্মচাৰীক নিশা কাম কৰাৰ বাবে কোনো মালিক পক্ষই বাধ্য কৰাব নোৱাৰিব। 


অধিসূচনা অনুসৰি কোনো মহিলা কৰ্মচাৰীক নিশা কাম কৰাৰ বাবে জোৰ কৰিব নোৱাৰিব। যদি কোনো মহিলাই নিজ ইচ্ছা অনুসৰি নিশা কাম কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে কোম্পানীসমূহে মহিলাসকলৰ পৰা লিখিতভাৱে ল’ব লাগিব। কোনো মহিলাই নিশাৰ ভাগত অকলে কাম কৰিব নোৱাৰিব, কমেও ৩ গৰাকী মহিলা থাকিব লাগিব। মহিলাসকলৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কোম্পানীসমূহে পিক-আপ আৰু ড্ৰপৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক। 


লগতে কয় যে, মহিলাক অনা-নিয়া কৰা বাহনত জিপিএছ ট্ৰেকিং সজ্জিত হ’ব লাগিব আৰু ঘৰৰ ওচৰত নমাই দিব লাগিব। ইয়াৰোপৰি গাড়ীৰ চালকৰ বায়’ডাটা আৰু আৰক্ষীৰ পৰীক্ষণ বাধ্যতামূলক হ’ব। অহা যোৱাৰ ক্ষেত্ৰত মহিলাৰ সুৰক্ষাৰ প্ৰদানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।


ইয়াৰ লগতে মহিলা কৰ্মচাৰীৰ স্বাস্থ্যকো অগ্ৰাধিকাৰ দিছে চৰকাৰখনে। কোম্পানীসমূহে পৰিষ্কাৰ শৌচাগাৰ আৰু খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব। দিন আৰু ৰাতিৰ ডিউটিৰ মাজত কমেও ৮ ঘন্টা জিৰণি লোৱাৰ সময় থাকিব লাগিব। প্ৰতিষ্ঠানৰ লগতে পথসমূহতো চিচিটিভি থাকিব লাগিব যাতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত হয়।


উল্লেখ্য যে কোম্পানীসমূহে “যৌন নিৰ্যাতনৰ পৰা মহিলাক সুৰক্ষা আইন, ২০১৩”ৰ বিধানসমূহ পালন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে চৰকাৰে।


উল্লেখিত নিয়মসমূহ ভংগ কৰিলে কৰ্তৃপক্ষ শাস্তিৰ সন্মুখীন হ'ব বুলি ঘোষণা।


ওড়িশা চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে একমুখে প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ