--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় নায়কক লৈ আচৰিত মন্তব্য কৰিছে 'ধক ধক গাৰ্ল' মাধুৰী দীক্ষিতে। ১৯৯০ চনৰ পৰা ২০০০ চনলৈ বলীউডত সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰীৰ ভিতৰত অন্যতম আছিল তেওঁ। ৰূপালী পৰ্দাত তেওঁৰ সাৱলীল অভিনয়ে সকলোৰে অন্তৰ চুই যায়। বলীউডৰ 'ধক ধক গাৰ্ল' মাধুৰী দীক্ষিতে এইবাৰ মুম্বাইৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ সৈতে অভিনয় কৰা নায়কসকলৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে। মাধুৰীয়ে কয়, ‘শ্বাহৰূখ এজন অতি সাহসী ব্যক্তি। ছবিৰ শ্বুটিঙৰ সময়ত সহকৰ্মীৰ প্ৰতি তেওঁ সদা সচেতন। ঠিকে আছোনে? কোনো সমস্যাই দেখা দিছে নেকি? ইত্যাদি কথাবোৰৰ প্ৰতি শ্বাহৰূখ সদায় সতৰ্ক। তেওঁ অতি যত্নবান।’ অক্ষয় কুমাৰৰ প্ৰসংগত মাধুৰীয়ে কয়, ‘অক্ষয় এজন বাস্তৱবাদী ব্যক্তি। তেওঁ সকলো সময়তে নিজকে প্ৰমাণ কৰি থাকে। শ্বুটিঙৰ মজিয়াত অক্ষয়ে ধেমেলীয়া কৌতুক শুনাইছিল। অক্ষয় সম্পূৰ্ণ এটা জোকাৰ।’ ইয়াতেই ক্ষান্ত হোৱা নাই মাধুৰী। বলীউডৰ চুলবুল পাণ্ডেৰ সৈতেও কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ যাওতে মাধুৰী কয়, ‘শ্বুটিঙৰ সময়ত মনে মনে থাকে ছলমানে। কিন্তু ভীষণ দুষ্ট ছলমান। তেওঁৰ মূৰত বিভিন্ন ধৰণৰ দুষ্ট চিন্তা চলি থাকে। ছলমান এজন ফেশ্ব’নেবল মানুহ।’ স্মৰ্তব্য যে, ২৫ ফেব্ৰুৱাৰীত মুক্তি পাইছে ‘দ্য ফেম গেম’। মাধুৰী দীক্ষিতৰ প্ৰথম ৱেব ছিৰিজ। অনামিকা আনন্দৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব মাধুৰী দীক্ষিতক। নেটফ্লিক্সৰ শীৰ্ষ ১০ টা ৱেব ছিৰিজৰ তালিকাত স্থান পাইছে ‘দ্য ফেম গেম'-এ ।    

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু