--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় নায়কক লৈ আচৰিত মন্তব্য কৰিছে 'ধক ধক গাৰ্ল' মাধুৰী দীক্ষিতে। ১৯৯০ চনৰ পৰা ২০০০ চনলৈ বলীউডত সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰীৰ ভিতৰত অন্যতম আছিল তেওঁ। ৰূপালী পৰ্দাত তেওঁৰ সাৱলীল অভিনয়ে সকলোৰে অন্তৰ চুই যায়। বলীউডৰ 'ধক ধক গাৰ্ল' মাধুৰী দীক্ষিতে এইবাৰ মুম্বাইৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ সৈতে অভিনয় কৰা নায়কসকলৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে। মাধুৰীয়ে কয়, ‘শ্বাহৰূখ এজন অতি সাহসী ব্যক্তি। ছবিৰ শ্বুটিঙৰ সময়ত সহকৰ্মীৰ প্ৰতি তেওঁ সদা সচেতন। ঠিকে আছোনে? কোনো সমস্যাই দেখা দিছে নেকি? ইত্যাদি কথাবোৰৰ প্ৰতি শ্বাহৰূখ সদায় সতৰ্ক। তেওঁ অতি যত্নবান।’ অক্ষয় কুমাৰৰ প্ৰসংগত মাধুৰীয়ে কয়, ‘অক্ষয় এজন বাস্তৱবাদী ব্যক্তি। তেওঁ সকলো সময়তে নিজকে প্ৰমাণ কৰি থাকে। শ্বুটিঙৰ মজিয়াত অক্ষয়ে ধেমেলীয়া কৌতুক শুনাইছিল। অক্ষয় সম্পূৰ্ণ এটা জোকাৰ।’ ইয়াতেই ক্ষান্ত হোৱা নাই মাধুৰী। বলীউডৰ চুলবুল পাণ্ডেৰ সৈতেও কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ যাওতে মাধুৰী কয়, ‘শ্বুটিঙৰ সময়ত মনে মনে থাকে ছলমানে। কিন্তু ভীষণ দুষ্ট ছলমান। তেওঁৰ মূৰত বিভিন্ন ধৰণৰ দুষ্ট চিন্তা চলি থাকে। ছলমান এজন ফেশ্ব’নেবল মানুহ।’ স্মৰ্তব্য যে, ২৫ ফেব্ৰুৱাৰীত মুক্তি পাইছে ‘দ্য ফেম গেম’। মাধুৰী দীক্ষিতৰ প্ৰথম ৱেব ছিৰিজ। অনামিকা আনন্দৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব মাধুৰী দীক্ষিতক। নেটফ্লিক্সৰ শীৰ্ষ ১০ টা ৱেব ছিৰিজৰ তালিকাত স্থান পাইছে ‘দ্য ফেম গেম'-এ ।    

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু