--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে প্ৰাক্তন সৌন্দৰ্য্য ৰাণী সুস্মিতা সেনে ছ’চিয়েল মিডিয়াত হাৰ্ট এটেকৰ খবৰ দিছিল। হাৰ্ট এটেকৰ পিছত এঞ্জিওপ্লাষ্টি কৰা হৈছিল, ষ্টেণ্টো লগোৱা হৈছিল। এই খবৰ ৰাজহুৱা হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। এতিয়া কেনে আছা সুস্মিতা?

সুস্মিতাই পুনৰ ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্যৰ খবৰ জনালে। ইনষ্টাগ্ৰাম লাইভত অভিনেত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ বাবে তেওঁ ভালেই আছে। জিৰণি লৈছে। লাহে লাহে সুস্থ হৈছে। ইয়াৰ উপৰিও বিপদৰ সময়ত তেওঁৰ কাষত থিয় দিয়াৰ বাবে তেওঁৰ শুভাকাংক্ষীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

শনিবাৰে ইনষ্টাগ্ৰাম লাইভত আহি সুস্মিতাই কয়, ''মই বৃহৎ হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰিলোঁ। মূল ধমনী ৯৫ শতাংশ বন্ধ হৈ পৰিছিল। মোক সুস্থ কৰি তোলাৰ বাবে চিকিৎসকসকলৰ ওচৰত কৃতজ্ঞ। ইমান ওচৰৰ পৰা মই মৃত্যুক দেখিছো। কিন্তু এই অভিজ্ঞতাই তেওঁক ভয় খুৱাব পৰা নাছিল।’’

লগতে অভিনেত্ৰীগৰাকীয়ে কয়, "কাৰ্ডিঅ'লজিষ্টে মোক কৈছিল, 'মোৰ হৃদয়খন সঁচাকৈয়ে ডাঙৰ'! সেই হৃদয়খন আনন্দ আৰু সাহসেৰে ভৰাই তুলিব বিচাৰো।’’

বাতৰি অনুযায়ী, ২৭ ফেব্ৰুৱাৰীত 'আৰিয়া’ নামৰ ছৱিখনৰ শ্বুটিঙৰ সময়ত সুষমিতা সেনে শাৰীৰিক অস্বস্তি অনুভৱ কৰিছিল। কৰ্মৰ সময়ত অভিনেত্ৰীগৰাকীয়ে হঠাতে বুকুত বিষ হোৱা বুলি কৈছিল। সেই সময়ত অভিনেত্ৰীগৰাকীক শীঘ্ৰে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মুম্বাইৰ নানাৱতী হাস্পতালৰ কাৰ্ডিঅ’লজিষ্টে তেওঁক দেখি অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় বুলি কয়। এঞ্জিওপ্লাষ্টিৰ লগে লগে হৃদযন্ত্ৰত ষ্টেণ্ট লগোৱা হয়। আৰু এদিন পৰ্যবেক্ষণৰ অন্তত ১ মাৰ্চত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়। বৰ্তমান তেওঁ ঘৰতে জিৰণি লৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী