--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে প্ৰাক্তন সৌন্দৰ্য্য ৰাণী সুস্মিতা সেনে ছ’চিয়েল মিডিয়াত হাৰ্ট এটেকৰ খবৰ দিছিল। হাৰ্ট এটেকৰ পিছত এঞ্জিওপ্লাষ্টি কৰা হৈছিল, ষ্টেণ্টো লগোৱা হৈছিল। এই খবৰ ৰাজহুৱা হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। এতিয়া কেনে আছা সুস্মিতা?

সুস্মিতাই পুনৰ ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্যৰ খবৰ জনালে। ইনষ্টাগ্ৰাম লাইভত অভিনেত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ বাবে তেওঁ ভালেই আছে। জিৰণি লৈছে। লাহে লাহে সুস্থ হৈছে। ইয়াৰ উপৰিও বিপদৰ সময়ত তেওঁৰ কাষত থিয় দিয়াৰ বাবে তেওঁৰ শুভাকাংক্ষীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

শনিবাৰে ইনষ্টাগ্ৰাম লাইভত আহি সুস্মিতাই কয়, ''মই বৃহৎ হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰিলোঁ। মূল ধমনী ৯৫ শতাংশ বন্ধ হৈ পৰিছিল। মোক সুস্থ কৰি তোলাৰ বাবে চিকিৎসকসকলৰ ওচৰত কৃতজ্ঞ। ইমান ওচৰৰ পৰা মই মৃত্যুক দেখিছো। কিন্তু এই অভিজ্ঞতাই তেওঁক ভয় খুৱাব পৰা নাছিল।’’

লগতে অভিনেত্ৰীগৰাকীয়ে কয়, "কাৰ্ডিঅ'লজিষ্টে মোক কৈছিল, 'মোৰ হৃদয়খন সঁচাকৈয়ে ডাঙৰ'! সেই হৃদয়খন আনন্দ আৰু সাহসেৰে ভৰাই তুলিব বিচাৰো।’’

বাতৰি অনুযায়ী, ২৭ ফেব্ৰুৱাৰীত 'আৰিয়া’ নামৰ ছৱিখনৰ শ্বুটিঙৰ সময়ত সুষমিতা সেনে শাৰীৰিক অস্বস্তি অনুভৱ কৰিছিল। কৰ্মৰ সময়ত অভিনেত্ৰীগৰাকীয়ে হঠাতে বুকুত বিষ হোৱা বুলি কৈছিল। সেই সময়ত অভিনেত্ৰীগৰাকীক শীঘ্ৰে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মুম্বাইৰ নানাৱতী হাস্পতালৰ কাৰ্ডিঅ’লজিষ্টে তেওঁক দেখি অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় বুলি কয়। এঞ্জিওপ্লাষ্টিৰ লগে লগে হৃদযন্ত্ৰত ষ্টেণ্ট লগোৱা হয়। আৰু এদিন পৰ্যবেক্ষণৰ অন্তত ১ মাৰ্চত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়। বৰ্তমান তেওঁ ঘৰতে জিৰণি লৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক