--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত মেচ জয়ী ইনিংছ খেলে ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই। দলক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰোহিতৰ ফাইনেলত ৭৬ ৰান আছিল জয়ৰ টার্নিং পইণ্ট। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে ভাৰতীয় অ'পেনাৰগৰাকীয়ে। 

সমগ্র প্রতিযোগিতাখনত ৰোহিতৰ অধিনায়কত্বৰ ভূয়সী প্রশংসা কৰা হয়। ইমানৰ পাছতো আই চি চি চেম্পিয়নছ ট্রফীৰ শ্ৰেষ্ঠ দলত স্থান নাপালে ৰোহিতে। আই চি চিয়ে প্ৰকাশ কৰা শ্ৰেষ্ঠ দলত ৰোহিতে স্থান নোপোৱাৰ বাবে সকলোকে অবাক কৰিছে। 

আই চি চিৰ শ্ৰেষ্ঠ একাদশৰ বাবে নেতৃত্বৰ দায়িত্ব অর্পণ কৰা হৈছে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰক। ইফালে, চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন দল ভাৰতৰ ৫গৰাকী খেলুৱৈয়ে আই চি চিৰ একাদশত স্থান পাইছে। 

তেওঁলোক হ'ল বিৰাট কোহলী, লোকেশ ৰাহুল, শ্রেয়াষ অয়াৰ, মহম্মদ ছামী আৰু বৰুণ চক্রৱর্তী। আই চি চিৰ শ্ৰেষ্ঠ একাদশঃ ৰাচিন ৰবীন্দ্ৰ, ইব্রাহিম জড্রান, বিৰাট কোহলী, শ্রেয়াষ আয়াৰ, লোকেশ ৰাহুল, গ্লেন ফিলিপ্‌ছ, আজমাত উল্লাহ ওমৰজাই, মহম্মদ ছামী, মেট হেনৰী, বৰুণ চক্ৰৱৰ্তী। দ্বাদশ খেলুৱৈ : অক্ষৰ পেটেল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ