--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  শৰীৰত অতিৰিক্ত মেদ জমা হোৱাৰ ফলত নানান ৰোগে আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পায়। তদুপৰি মেদ জমা হ'লে দেহলৈ অলস ভাব আহিব পাৰে।

মেদ হ্ৰাস কৰিবলৈ বহুতেই বহু চেষ্টা কৰে। শৰীৰটো কিদৰে মেদমুক্ত কৰি ৰাখিব তাৰ বহু পদ্ধতি আছে। নিয়মিত ঘৰতে শৰীৰ চৰ্চা কৰাৰ লগতে পুৱাই এবিধ বিশেষ পানীয় খালেও কম দিনতে মেদ বা চৰ্বি কমি যাব।আয়ুৰ্বেদ শাস্ত্ৰত চফগুটিৰ বিভিন্ন গুণাগুণৰ কথা উল্লেখ কৰা হৈছে।প্ৰতিদিনে চফগুটি(বহুতে গুৱামৰি বুলি কয়) খালে দেহৰ চৰ্বি কমি যোৱাৰ লগতে হজম শক্তিও বৃদ্ধি পায়। চফ গুটি এক কথাত স্বাস্থ্যৰ বাবে অতি ভাল।

চফগুটিত থকা পদাৰ্থই শৰীৰৰ চৰ্বি হ্ৰাস কৰা
ত সহায় কৰে। ৰাতি চফগুটি পানীত তিয়াই থৈ পুৱা পানীখিনি চেকিলৈ খালী পেটত খালে কম দিনৰ ভিতৰতে শৰীৰৰ মেদ কমি যায়। চফগুটিয়ে শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। চফগুটিয়ে বুকু জ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে ই শৰীৰৰ বাবে প্ৰয়োজনীয় এনজাইম নিঃসৰণত সহায় কৰে।

উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলেও প্ৰতিদিনে চফগুটি খালে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায়ক হয়।
যদি আপুনি দুপৰীয়া আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চফ গুটি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ