--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গৰমৰ দিনবোৰ আকৌ আহিছে। এই সময়ছোৱাত  সূৰ্যৰ তীব্ৰতাই শৰীৰৰ অত্যাৱশ্যকীয় খনিজ, ছডিয়াম আদি শোষণ কৰিব পাৰে।  দেহত ছডিয়াম হ্ৰাস পালে নানান অথন্তৰে দেখা দিব পাৰে।   আপুনি কেনেকৈ জানিব ছডিয়ামৰ অভাৱৰ কথা? 
যেতিয়া আপুনি ঘৰৰ বাহিৰলৈ যায়, দেহৰ পৰা প্ৰচুৰ  ঘাম ওলায়।  ঘামৰ সৈতে বহু পৰিমাণৰ নিমখো দেহৰ পৰা  ওলায়।ফলত দেহত  ছডিয়ামৰ অভাৱ ঘটিব পাৰে। যদি ছডিয়ামৰ  ভাৰসাম্য হেৰুয়, , শৰীৰত নানান অথন্তৰে দেখা দিব  পাৰে।  অলসতা, মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিব পাৰে।  

আমাক  ছডিয়াম কিয় লাগে?

ছডিয়াম  তেজত অধিক মাত্ৰাত  থাকে।ই কোষত  খুব কম প্ৰৱেশ কৰে। এয়া  এটা অত্যাৱশ্যকীয় ইলেক্ট্ৰলাইট যিয়ে কোষক  কাৰ্যক্ষম কৰি ৰাখে। ছডিয়ামে কোষ আৱৰণ গঠন কৰাত সহায় কৰে।  দৈনিক ৭০-৮০ এমইকিউ ছডিয়ামৰ প্ৰয়োজন। সকলো বয়সৰ লোকৰ বাবে  তেজৰ ছডিয়ামৰ স্বাভাৱিক স্তৰ হৈছে ১৩৫-১৪৫ এমইকে/এল। তাতকৈ কম হ'লেই সমস্যা।

হাইপো নেট্ৰেমিয়া তিনি প্ৰকাৰৰ হয়।
মৃদু হাইপো নেট্ৰিমিয়া ১৩০-১৩৪  এমইকে/লিটাৰ
মজলীয়া হাইপো নেট্ৰিমিয়া ১২৫-১২৯ এমইকে/লিটাৰ
যদি ছডিয়ামৰ স্তৰ ১২৫এমইকিউ / লিটাৰৰ তলত থাকে তেনেহ'লে গুৰুতৰ হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।

ছডিয়াম হ্ৰাস পোৱাক হাইপোনেট্ৰেমিয়া। তিনিটা কাৰক আছে যিয়ে ছডিয়াম হ্ৰাস কৰিব পাৰে।যদি যথেষ্ট বমি বা পেটৰ বিকাৰ বা তীব্ৰ ঘাম ওলায়, শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পালে  নিমখ বা ছডিয়ামৰ পৰিমাণো হ্ৰাস পায়। ইয়াক হাইপোভোলেমিক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।
আকৌ, যদি এ.ডি.এইচ. হৰমন নিঃসৰণৰ সমস্যা হয়, শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি হয়। তাৰ তুলনাত ছডিয়ামৰ পৰিমাণ বৃদ্ধি নহয়।তেতিয়া প্ৰস্ৰাৱত ছডিয়ামৰ পৰিমাণ হ্ৰাস হয়। এই ক্ষেত্ৰত শাৰীৰিক সমস্যাও হোৱা  দেখা যায়। এই ধৰণৰ সমস্যাক ইউ ভলেমিক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।

যদি যকৃতৰ চিৰোচিছ, বৃক্ক বিকল হোৱা বা হৃদযন্ত্ৰৰ বিফলতাৰ দৰে সমস্যা হয়, শৰীৰত পানী আৰু ছডিয়ামৰ ভাৰসাম্য হেৰাই যায়। ইয়াক হাইপাৰভ'লেমিক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।

তিনি প্ৰকাৰৰ সমস্যাৰ চিকিৎসাও বেলেগ বেলেগ হয়।

হাইপোভোলেমিকৰ  ক্ষেত্ৰত  সাধাৰণ চেলাইন প্ৰয়োগ কৰা হয়। নিমখ থকা পানীয় খোৱাৰ পৰামৰ্শ দিয়া হয়।
ইউভলেমিকৰ ক্ষেত্ৰত পানী নিয়ন্ত্ৰণ কৰা হয়। খাদ্যত নিমখৰ পৰিমাণ বৃদ্ধি কৰা হয়।
হাইপাৰভ'লেমিক নেট্ৰমিয়াৰ ক্ষেত্ৰত বিশেষ চিকিৎসা পদ্ধতিৰ জৰিয়তে শৰীৰৰ পৰা পানী আঁতৰ কৰা হয়। ই ছডিয়ামৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে।

শৰীৰত ছডিয়ামৰ স্তৰ বজাই ৰাখিবলৈ কি  কৰা প্ৰয়োজন?
প্ৰতিদিনে কমেও তিনি লিটাৰ পানী খাব।
ছডিয়াম সমৃদ্ধ খাদ্য খাব।

যদি আপুনি অত্যধিক ঘামে বা বমি কৰে সঘনাই নিমখ-চেনী পানী খাব।
তৰল অ'আৰএছৰ সলনি অ'আৰএছৰ পেকেট  কিনি পানীত দ্ৰৱীভূত কৰক আৰু ইয়াক খাওক।
অত্যধিক ৰ'দ পৰিহাৰ কৰিব। পৰ্যাপ্ত পাচলি আৰু ফল খাব।
প্ৰায়  সকলো খাদ্যতে ছডিয়াম যথেষ্ট  পৰিমাণে থাকে । অৱশ্যে, ছডিয়ামৰ অভাৱ কেৱল নিমখ খাইহে দূৰ কৰিব পাৰি বুলি  প্ৰচলিত  ধাৰণাটো ভুল। বেছিকৈ নিমখ খালে বৃক্কৰ ক্ষতি হ'ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ