--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গৰমৰ দিনবোৰ আকৌ আহিছে। এই সময়ছোৱাত  সূৰ্যৰ তীব্ৰতাই শৰীৰৰ অত্যাৱশ্যকীয় খনিজ, ছডিয়াম আদি শোষণ কৰিব পাৰে।  দেহত ছডিয়াম হ্ৰাস পালে নানান অথন্তৰে দেখা দিব পাৰে।   আপুনি কেনেকৈ জানিব ছডিয়ামৰ অভাৱৰ কথা? 
যেতিয়া আপুনি ঘৰৰ বাহিৰলৈ যায়, দেহৰ পৰা প্ৰচুৰ  ঘাম ওলায়।  ঘামৰ সৈতে বহু পৰিমাণৰ নিমখো দেহৰ পৰা  ওলায়।ফলত দেহত  ছডিয়ামৰ অভাৱ ঘটিব পাৰে। যদি ছডিয়ামৰ  ভাৰসাম্য হেৰুয়, , শৰীৰত নানান অথন্তৰে দেখা দিব  পাৰে।  অলসতা, মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিব পাৰে।  

আমাক  ছডিয়াম কিয় লাগে?

ছডিয়াম  তেজত অধিক মাত্ৰাত  থাকে।ই কোষত  খুব কম প্ৰৱেশ কৰে। এয়া  এটা অত্যাৱশ্যকীয় ইলেক্ট্ৰলাইট যিয়ে কোষক  কাৰ্যক্ষম কৰি ৰাখে। ছডিয়ামে কোষ আৱৰণ গঠন কৰাত সহায় কৰে।  দৈনিক ৭০-৮০ এমইকিউ ছডিয়ামৰ প্ৰয়োজন। সকলো বয়সৰ লোকৰ বাবে  তেজৰ ছডিয়ামৰ স্বাভাৱিক স্তৰ হৈছে ১৩৫-১৪৫ এমইকে/এল। তাতকৈ কম হ'লেই সমস্যা।

হাইপো নেট্ৰেমিয়া তিনি প্ৰকাৰৰ হয়।
মৃদু হাইপো নেট্ৰিমিয়া ১৩০-১৩৪  এমইকে/লিটাৰ
মজলীয়া হাইপো নেট্ৰিমিয়া ১২৫-১২৯ এমইকে/লিটাৰ
যদি ছডিয়ামৰ স্তৰ ১২৫এমইকিউ / লিটাৰৰ তলত থাকে তেনেহ'লে গুৰুতৰ হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।

ছডিয়াম হ্ৰাস পোৱাক হাইপোনেট্ৰেমিয়া। তিনিটা কাৰক আছে যিয়ে ছডিয়াম হ্ৰাস কৰিব পাৰে।যদি যথেষ্ট বমি বা পেটৰ বিকাৰ বা তীব্ৰ ঘাম ওলায়, শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পালে  নিমখ বা ছডিয়ামৰ পৰিমাণো হ্ৰাস পায়। ইয়াক হাইপোভোলেমিক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।
আকৌ, যদি এ.ডি.এইচ. হৰমন নিঃসৰণৰ সমস্যা হয়, শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি হয়। তাৰ তুলনাত ছডিয়ামৰ পৰিমাণ বৃদ্ধি নহয়।তেতিয়া প্ৰস্ৰাৱত ছডিয়ামৰ পৰিমাণ হ্ৰাস হয়। এই ক্ষেত্ৰত শাৰীৰিক সমস্যাও হোৱা  দেখা যায়। এই ধৰণৰ সমস্যাক ইউ ভলেমিক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।

যদি যকৃতৰ চিৰোচিছ, বৃক্ক বিকল হোৱা বা হৃদযন্ত্ৰৰ বিফলতাৰ দৰে সমস্যা হয়, শৰীৰত পানী আৰু ছডিয়ামৰ ভাৰসাম্য হেৰাই যায়। ইয়াক হাইপাৰভ'লেমিক হাইপোনেট্ৰেমিয়া বুলি কোৱা হয়।

তিনি প্ৰকাৰৰ সমস্যাৰ চিকিৎসাও বেলেগ বেলেগ হয়।

হাইপোভোলেমিকৰ  ক্ষেত্ৰত  সাধাৰণ চেলাইন প্ৰয়োগ কৰা হয়। নিমখ থকা পানীয় খোৱাৰ পৰামৰ্শ দিয়া হয়।
ইউভলেমিকৰ ক্ষেত্ৰত পানী নিয়ন্ত্ৰণ কৰা হয়। খাদ্যত নিমখৰ পৰিমাণ বৃদ্ধি কৰা হয়।
হাইপাৰভ'লেমিক নেট্ৰমিয়াৰ ক্ষেত্ৰত বিশেষ চিকিৎসা পদ্ধতিৰ জৰিয়তে শৰীৰৰ পৰা পানী আঁতৰ কৰা হয়। ই ছডিয়ামৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে।

শৰীৰত ছডিয়ামৰ স্তৰ বজাই ৰাখিবলৈ কি  কৰা প্ৰয়োজন?
প্ৰতিদিনে কমেও তিনি লিটাৰ পানী খাব।
ছডিয়াম সমৃদ্ধ খাদ্য খাব।

যদি আপুনি অত্যধিক ঘামে বা বমি কৰে সঘনাই নিমখ-চেনী পানী খাব।
তৰল অ'আৰএছৰ সলনি অ'আৰএছৰ পেকেট  কিনি পানীত দ্ৰৱীভূত কৰক আৰু ইয়াক খাওক।
অত্যধিক ৰ'দ পৰিহাৰ কৰিব। পৰ্যাপ্ত পাচলি আৰু ফল খাব।
প্ৰায়  সকলো খাদ্যতে ছডিয়াম যথেষ্ট  পৰিমাণে থাকে । অৱশ্যে, ছডিয়ামৰ অভাৱ কেৱল নিমখ খাইহে দূৰ কৰিব পাৰি বুলি  প্ৰচলিত  ধাৰণাটো ভুল। বেছিকৈ নিমখ খালে বৃক্কৰ ক্ষতি হ'ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু