--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰৰ সম্পৰ্কৰ বাতৰিয়ে প্ৰায়ে শিৰোনাম দখল কৰে। অৱশ্যে এতিয়ালৈকে শুভমন-ছাৰাই নিজৰ সম্পৰ্কৰ বিষয়ে একো নিশ্চিত কৰা নাই। অৱশ্যে শুভমন গীলে আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে৷ দৰাচলতে বৰ্তমান শুভমন গীলে অভিনেত্ৰী অভনীত কৌৰৰ সৈতে লণ্ডন ভ্ৰমণ কৰি আছে।কাৰণ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বহু ছবি। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰৰ মাজত বিচ্ছেদ ঘটিছে। এতিয়া শুভমন গীলে অভিনেত্ৰী অভনীত কৌৰক ডেটিং কৰি আছে, কিন্তু এই দাবীসমূহত কিমান সত্যতা আছে? সবিশেষ জানো আহক…


ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত অভনীত কৌৰ আৰু শুভমন গীলক লণ্ডনৰ ৰাজপথত দেখা গৈছে। অৱশ্যে এই ফটোখনত আন বন্ধুও আছে, অৰ্থাৎ গ্ৰুপ ফটো। ব্ৰাউন ৰঙৰ লং ব্লেজাৰত দেখা গৈছে শুভমন গীলক, অভনীত কৌৰক অল ব্লেক লুকত দেখা গৈছে।উল্লেখ্য যে শুভমন গীল আৰু অভনীত কৌৰৰ সম্পৰ্ক নাই যদিও দুয়োকে একেলগে দেখাৰ অন্য কাৰণহে আছে। কিছু কিছু সংবাদমাধ্যমৰ মতে দুয়োজনক একেলগে মিউজিক ভিডিঅ’ কৰা দেখা যাব। অৰ্থাৎ ক্ৰিকেটৰ বাহিৰেও শুভমন গীলক মিউজিক ভিডিঅ’ত দেখা যাব পাৰে।


স্মৰ্তব্য যে শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰৰ সম্পৰ্কৰ খবৰ আহিয়েই থাকে, কিন্তু এতিয়ালৈকে দুয়োজনেই আগবাঢ়ি আহি নিজৰ সম্পৰ্কৰ বিষয়ে একো কোৱা নাই। অৰ্থাৎ এইসমূহ কথাত কিমান সত্যতা আছে সেয়া এই মুহূৰ্তত স্পষ্ট হোৱা নাই। কিন্তু ইয়াৰ পূৰ্বে বিশ্বকাপৰ সময়ত ভাৰতৰ খেলৰ সময়ত ষ্টেডিয়ামত ছাৰাক দেখা গৈছিল, তাৰ পাছতে অনুৰাগীৰ মাজত জল্পনা-কল্পনা অধিক হৈ পৰিছিল।এতিয়া পুনৰবাৰ ভাইৰেল হোৱা ফটোখন সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান