--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰৰ সম্পৰ্কৰ বাতৰিয়ে প্ৰায়ে শিৰোনাম দখল কৰে। অৱশ্যে এতিয়ালৈকে শুভমন-ছাৰাই নিজৰ সম্পৰ্কৰ বিষয়ে একো নিশ্চিত কৰা নাই। অৱশ্যে শুভমন গীলে আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে৷ দৰাচলতে বৰ্তমান শুভমন গীলে অভিনেত্ৰী অভনীত কৌৰৰ সৈতে লণ্ডন ভ্ৰমণ কৰি আছে।কাৰণ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বহু ছবি। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰৰ মাজত বিচ্ছেদ ঘটিছে। এতিয়া শুভমন গীলে অভিনেত্ৰী অভনীত কৌৰক ডেটিং কৰি আছে, কিন্তু এই দাবীসমূহত কিমান সত্যতা আছে? সবিশেষ জানো আহক…


ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত অভনীত কৌৰ আৰু শুভমন গীলক লণ্ডনৰ ৰাজপথত দেখা গৈছে। অৱশ্যে এই ফটোখনত আন বন্ধুও আছে, অৰ্থাৎ গ্ৰুপ ফটো। ব্ৰাউন ৰঙৰ লং ব্লেজাৰত দেখা গৈছে শুভমন গীলক, অভনীত কৌৰক অল ব্লেক লুকত দেখা গৈছে।উল্লেখ্য যে শুভমন গীল আৰু অভনীত কৌৰৰ সম্পৰ্ক নাই যদিও দুয়োকে একেলগে দেখাৰ অন্য কাৰণহে আছে। কিছু কিছু সংবাদমাধ্যমৰ মতে দুয়োজনক একেলগে মিউজিক ভিডিঅ’ কৰা দেখা যাব। অৰ্থাৎ ক্ৰিকেটৰ বাহিৰেও শুভমন গীলক মিউজিক ভিডিঅ’ত দেখা যাব পাৰে।


স্মৰ্তব্য যে শুভমন গীল আৰু ছাৰা টেণ্ডুলকাৰৰ সম্পৰ্কৰ খবৰ আহিয়েই থাকে, কিন্তু এতিয়ালৈকে দুয়োজনেই আগবাঢ়ি আহি নিজৰ সম্পৰ্কৰ বিষয়ে একো কোৱা নাই। অৰ্থাৎ এইসমূহ কথাত কিমান সত্যতা আছে সেয়া এই মুহূৰ্তত স্পষ্ট হোৱা নাই। কিন্তু ইয়াৰ পূৰ্বে বিশ্বকাপৰ সময়ত ভাৰতৰ খেলৰ সময়ত ষ্টেডিয়ামত ছাৰাক দেখা গৈছিল, তাৰ পাছতে অনুৰাগীৰ মাজত জল্পনা-কল্পনা অধিক হৈ পৰিছিল।এতিয়া পুনৰবাৰ ভাইৰেল হোৱা ফটোখন সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক