--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন বলীউডৰ অন্যতম আকৰ্ষণীয় দম্পতী। দুয়ো ১৬ বছৰে সংসাৰ কৰি আছে। বছৰ বছৰ ধৰি একেলগে থকাৰ পাছতো বিগত কেইমাহমানৰ পৰা ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সম্পৰ্ক ভাল নহয় বুলি অহৰহ চৰ্চা চলি আছে। 

শেহতীয়া কিছু পৰিঘটনাৰ পিছত দুয়োৰে বিচ্ছেদ হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ বিবাহ বিচ্ছেদ হ’ব নেকি? যোৱা কিছুদিনত নেটিজেনে এনে ছবি বিচাৰি পাইছে য’ত অভিষেক বচ্চনক বিয়াৰ আঙঠি নোহোৱাকৈ দেখা গৈছে। লগতে বহুদিন ধৰি বচ্চন পৰিয়ালৰ এনে কোনো ছবি দেখা পোৱা নাই য’ত সকলো একেলগে আছে।

অভিষেকে শেহতীয়াকৈ ৰাজহুৱাভাৱে উপস্থিত থকা কিছুমান অনুষ্ঠানত বিয়াৰ আঙঠি পিন্ধা নাই। শেহতীয়া এক অনুষ্ঠানত অভিষেকক পুনৰ বিনা অঙঠিত দেখা গল। ইয়াৰ পৰাই নেটিজেনসকলে ঐশ্বৰ্য ৰায় বচ্চনৰ জীৱনত কিবা অসুবিধা আছে নেকি সেই বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছে। ২০০৭ চনৰ ২০ এপ্ৰিলত ঐশ্বৰ্য আৰু অভিষেকৰ বিবাহ হৈছিল। দুয়োৰে এগৰাকী কন্যা আছে আৰাধ্যা বচ্চন।

এই আলোচনাৰ মাজতে বহুতে কৈছে যে দুই তাৰকাই আগবাঢ়ি আহি পৰিস্থিতি স্পষ্ট কৰক। বহুতে বিশ্বাস কৰে যে এই সকলোবোৰ অসাৰ কথা। বচ্চন পৰিয়ালে নিজৰ ব্যক্তিগত জীৱনক সদায় ৰাজহুৱা জীৱনৰ পৰা আঁতৰাই ৰাখিছে। কিন্তু ইয়াৰ পিছতো এনেকুৱা মানুহো কম নহয় যিয়ে বিশ্বাস কৰে যে কিছুমান কথা এতিয়াও প্ৰকাশ হোৱা নাই। শেহতীয়াকৈ ঐশ্বৰ্য ৰায় বচ্চনৰ জন্মদিনত অভিষেকৰ বাহিৰেও পৰিয়ালৰ কোনো সদস্যই ছ’চিয়েল মিডিয়াত তেওঁক শুভেচ্ছা জনোৱা নাছিল। যোৱা এবছৰত মুক্তি পোৱা পন্নিয়ান চেলভান ছিৰিজৰ ছবিবোৰতো ঐশ্বৰ্যৰ প্ৰতি পৰিয়ালৰ কোনো সঁহাৰি নাছিল। শেহতীয়া অনুষ্ঠানবোৰত ঐশ্বৰ্যক কেৱল কন্যাৰ সৈতেহে দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক