--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন বলীউডৰ অন্যতম আকৰ্ষণীয় দম্পতী। দুয়ো ১৬ বছৰে সংসাৰ কৰি আছে। বছৰ বছৰ ধৰি একেলগে থকাৰ পাছতো বিগত কেইমাহমানৰ পৰা ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সম্পৰ্ক ভাল নহয় বুলি অহৰহ চৰ্চা চলি আছে। 

শেহতীয়া কিছু পৰিঘটনাৰ পিছত দুয়োৰে বিচ্ছেদ হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ বিবাহ বিচ্ছেদ হ’ব নেকি? যোৱা কিছুদিনত নেটিজেনে এনে ছবি বিচাৰি পাইছে য’ত অভিষেক বচ্চনক বিয়াৰ আঙঠি নোহোৱাকৈ দেখা গৈছে। লগতে বহুদিন ধৰি বচ্চন পৰিয়ালৰ এনে কোনো ছবি দেখা পোৱা নাই য’ত সকলো একেলগে আছে।

অভিষেকে শেহতীয়াকৈ ৰাজহুৱাভাৱে উপস্থিত থকা কিছুমান অনুষ্ঠানত বিয়াৰ আঙঠি পিন্ধা নাই। শেহতীয়া এক অনুষ্ঠানত অভিষেকক পুনৰ বিনা অঙঠিত দেখা গল। ইয়াৰ পৰাই নেটিজেনসকলে ঐশ্বৰ্য ৰায় বচ্চনৰ জীৱনত কিবা অসুবিধা আছে নেকি সেই বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছে। ২০০৭ চনৰ ২০ এপ্ৰিলত ঐশ্বৰ্য আৰু অভিষেকৰ বিবাহ হৈছিল। দুয়োৰে এগৰাকী কন্যা আছে আৰাধ্যা বচ্চন।

এই আলোচনাৰ মাজতে বহুতে কৈছে যে দুই তাৰকাই আগবাঢ়ি আহি পৰিস্থিতি স্পষ্ট কৰক। বহুতে বিশ্বাস কৰে যে এই সকলোবোৰ অসাৰ কথা। বচ্চন পৰিয়ালে নিজৰ ব্যক্তিগত জীৱনক সদায় ৰাজহুৱা জীৱনৰ পৰা আঁতৰাই ৰাখিছে। কিন্তু ইয়াৰ পিছতো এনেকুৱা মানুহো কম নহয় যিয়ে বিশ্বাস কৰে যে কিছুমান কথা এতিয়াও প্ৰকাশ হোৱা নাই। শেহতীয়াকৈ ঐশ্বৰ্য ৰায় বচ্চনৰ জন্মদিনত অভিষেকৰ বাহিৰেও পৰিয়ালৰ কোনো সদস্যই ছ’চিয়েল মিডিয়াত তেওঁক শুভেচ্ছা জনোৱা নাছিল। যোৱা এবছৰত মুক্তি পোৱা পন্নিয়ান চেলভান ছিৰিজৰ ছবিবোৰতো ঐশ্বৰ্যৰ প্ৰতি পৰিয়ালৰ কোনো সঁহাৰি নাছিল। শেহতীয়া অনুষ্ঠানবোৰত ঐশ্বৰ্যক কেৱল কন্যাৰ সৈতেহে দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান