--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ইটাৱাত ঘৰৰ ছাদৰ পৰা বাগৰি পৰে এগৰাকী মহিলা। খৰখেদাকৈ পৰিয়ালৰ লোকে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতকৰ আঠ বছৰীয়া কন্যাৰ অভিযোগ অনুসৰি পিতৃয়ে প্ৰথমে মাতৃক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁক ছাদৰ পৰা তললৈ পেলাই দিয়া হৈছিল। 

মহিলাগৰাকীৰ স্বামী ৰাজীৱ কুমাৰ পেছাত এগৰাকী শিক্ষক। ১১ বছৰ আগতে তেওঁলোকৰ বিবাহ হৈছিল। তেওঁলোকৰ আঠ বছৰীয়া কন্যাও আছে। কন্যাই পিতৃৰ বিৰুদ্ধে মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কন্যাই কয় যে ৰাতি তাই মাকৰ লগত শুই আছিল। সেইসময়তে পিতৃয়ে মাতৃক ডিঙি চেপি হত্যা কৰে। তাৰপাছত তেওঁক ছাদৰ পৰা তললৈ পেলাই দিয়ে।

ইয়াৰ পিছত পিতৃয়ে ঘৰৰ সকলোকে কয় যে তেওঁৰ পত্নী ছাদৰ পৰা তললৈ পৰি গৈছে। সেই কথা মিছা বুলি জনায় কন্যাই। মৃত মহিলাগৰাকীৰ ভগ্নী গুড্ডিয়ে কয় যে আমাক ৰাজীৱে কৈছিল যে চিৰিৰ পৰা পৰি বাইদেউৰ মৃত্যু হৈছে।

আৰক্ষীয়ে জনায় যে "নিজ কন্যাই পিতৃয়ে মাতৃক হত্যা কৰি ছাদৰ পৰা তললৈ পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে, গতিকে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। আমি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টৰ বাবে অপেক্ষা কৰি আছো। বৰ্তমান ৰাজীৱ কুমাৰ পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এটা দল গঠন কৰিছে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement