--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ইটাৱাত ঘৰৰ ছাদৰ পৰা বাগৰি পৰে এগৰাকী মহিলা। খৰখেদাকৈ পৰিয়ালৰ লোকে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতকৰ আঠ বছৰীয়া কন্যাৰ অভিযোগ অনুসৰি পিতৃয়ে প্ৰথমে মাতৃক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁক ছাদৰ পৰা তললৈ পেলাই দিয়া হৈছিল। 

মহিলাগৰাকীৰ স্বামী ৰাজীৱ কুমাৰ পেছাত এগৰাকী শিক্ষক। ১১ বছৰ আগতে তেওঁলোকৰ বিবাহ হৈছিল। তেওঁলোকৰ আঠ বছৰীয়া কন্যাও আছে। কন্যাই পিতৃৰ বিৰুদ্ধে মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কন্যাই কয় যে ৰাতি তাই মাকৰ লগত শুই আছিল। সেইসময়তে পিতৃয়ে মাতৃক ডিঙি চেপি হত্যা কৰে। তাৰপাছত তেওঁক ছাদৰ পৰা তললৈ পেলাই দিয়ে।

ইয়াৰ পিছত পিতৃয়ে ঘৰৰ সকলোকে কয় যে তেওঁৰ পত্নী ছাদৰ পৰা তললৈ পৰি গৈছে। সেই কথা মিছা বুলি জনায় কন্যাই। মৃত মহিলাগৰাকীৰ ভগ্নী গুড্ডিয়ে কয় যে আমাক ৰাজীৱে কৈছিল যে চিৰিৰ পৰা পৰি বাইদেউৰ মৃত্যু হৈছে।

আৰক্ষীয়ে জনায় যে "নিজ কন্যাই পিতৃয়ে মাতৃক হত্যা কৰি ছাদৰ পৰা তললৈ পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে, গতিকে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। আমি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টৰ বাবে অপেক্ষা কৰি আছো। বৰ্তমান ৰাজীৱ কুমাৰ পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এটা দল গঠন কৰিছে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু