--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বিজেপি ত্যাগ কৰিলে তামিলনাডুৰ নেত্ৰী তথা অভিনেত্ৰী গায়ত্ৰী ৰঘুৰামে৷ গায়ত্ৰী ৰঘুৰামে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক গোটৰ মুৰব্বী কে আন্নামালাইক তেওঁৰ দল ত্যাগ কৰাৰ সিদ্ধান্তৰ বাবে দোষাৰোপ কৰিছে। ইয়াৰ আগতেও অভিনেত্ৰীগৰাকীয়ে আন্নামালাইৰ  প্ৰতি আক্ৰমণাত্মক হৈ আছিল।

নিলম্বিত বিজেপি নেতা তথা অভিনেত্ৰী গায়ত্ৰী ৰঘুৰামে দল ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা  ঘোষণা কৰাৰ লগে লগে তেওঁৰ সমৰ্থক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পদত্যাগৰ সময়ছোৱাত তেওঁ তামিলনাডু বিজেপিৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় "বিজেপিৰ ৰাজ্যিক গোটে দলৰ প্ৰকৃত কৰ্মীসকলৰ বিষয়ে  একো  চিন্তা নকৰে।" তেওঁ লগতে কয় যে  তামিলনাডু বিজেপিত মহিলাসকল মুঠেও সুৰক্ষিত নহয়। 


প্ৰাপ্ত তথ্য অনুসৰি গায়ত্ৰী ৰঘুৰামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দলৰ নেতাসকলক ইতিমধ্যে  সাক্ষাৎ কৰিছে। ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি.এল. সন্তোষক টেগ কৰি তেওঁ এটা টুইটৰ জৰিয়তে পদত্যাগৰ কথা ঘোষণা কৰে। "গভীৰ দুখেৰে  মই তামিলনাডু বিজেপিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ৷কিয়নো দলটোত  মহিলাসকলক নিজকে প্ৰকাশ কৰাৰ সুযোগ দিয়া নহয় আৰু মহিলাৰ বাবে সমান অধিকাৰ তথা  সন্মান নাই। আন্নামালাইৰ নেতৃত্বত মহিলাসকল সুৰক্ষিত নহয়। কোনেও প্ৰকৃত কৰ্মীৰ বিষয়ে চিন্তা নকৰে, অন্নমালাইৰ একমাত্ৰ লক্ষ্য হৈছে প্ৰকৃত কৰ্মীসকলক আঁতৰাই ৰখা। বিজেপিলৈ মোৰ শুভেচ্ছা থাকিল। '

উল্লেখ্য দলৰ বিৰুদ্ধে কোৱাৰ বাবেই গায়ত্ৰী ৰঘুৰামক যোৱা বছৰৰ ২৩ নৱেম্বৰত ছমাহৰ বাবে দলৰ পৰা নিলম্বিত কৰা হৈছিল। তেওঁক "দলটোক বদনাম কৰা কাৰ্যকলাপত লিপ্ত"  থকা বুলি অভিযুক্ত কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু