--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বিজেপি ত্যাগ কৰিলে তামিলনাডুৰ নেত্ৰী তথা অভিনেত্ৰী গায়ত্ৰী ৰঘুৰামে৷ গায়ত্ৰী ৰঘুৰামে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক গোটৰ মুৰব্বী কে আন্নামালাইক তেওঁৰ দল ত্যাগ কৰাৰ সিদ্ধান্তৰ বাবে দোষাৰোপ কৰিছে। ইয়াৰ আগতেও অভিনেত্ৰীগৰাকীয়ে আন্নামালাইৰ  প্ৰতি আক্ৰমণাত্মক হৈ আছিল।

নিলম্বিত বিজেপি নেতা তথা অভিনেত্ৰী গায়ত্ৰী ৰঘুৰামে দল ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা  ঘোষণা কৰাৰ লগে লগে তেওঁৰ সমৰ্থক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পদত্যাগৰ সময়ছোৱাত তেওঁ তামিলনাডু বিজেপিৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় "বিজেপিৰ ৰাজ্যিক গোটে দলৰ প্ৰকৃত কৰ্মীসকলৰ বিষয়ে  একো  চিন্তা নকৰে।" তেওঁ লগতে কয় যে  তামিলনাডু বিজেপিত মহিলাসকল মুঠেও সুৰক্ষিত নহয়। 


প্ৰাপ্ত তথ্য অনুসৰি গায়ত্ৰী ৰঘুৰামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দলৰ নেতাসকলক ইতিমধ্যে  সাক্ষাৎ কৰিছে। ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি.এল. সন্তোষক টেগ কৰি তেওঁ এটা টুইটৰ জৰিয়তে পদত্যাগৰ কথা ঘোষণা কৰে। "গভীৰ দুখেৰে  মই তামিলনাডু বিজেপিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ৷কিয়নো দলটোত  মহিলাসকলক নিজকে প্ৰকাশ কৰাৰ সুযোগ দিয়া নহয় আৰু মহিলাৰ বাবে সমান অধিকাৰ তথা  সন্মান নাই। আন্নামালাইৰ নেতৃত্বত মহিলাসকল সুৰক্ষিত নহয়। কোনেও প্ৰকৃত কৰ্মীৰ বিষয়ে চিন্তা নকৰে, অন্নমালাইৰ একমাত্ৰ লক্ষ্য হৈছে প্ৰকৃত কৰ্মীসকলক আঁতৰাই ৰখা। বিজেপিলৈ মোৰ শুভেচ্ছা থাকিল। '

উল্লেখ্য দলৰ বিৰুদ্ধে কোৱাৰ বাবেই গায়ত্ৰী ৰঘুৰামক যোৱা বছৰৰ ২৩ নৱেম্বৰত ছমাহৰ বাবে দলৰ পৰা নিলম্বিত কৰা হৈছিল। তেওঁক "দলটোক বদনাম কৰা কাৰ্যকলাপত লিপ্ত"  থকা বুলি অভিযুক্ত কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক