--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুই থকা এটি ২ মহীয়া শিশুক এটা বান্দৰে উঠাই নিয়াৰ ফলত ঘটিল এক কৰুণ ঘটনা। শিশুটিক শুই থকা অৱস্থাতে বান্দৰটোৱে উঠাই নি ছাদৰ পৰা তললৈ পেলাই দিয়ে। এই ঘটনাত ফুলকুমলীয়া শিশুটিৰ থিতাতে বেদনাদায়ক মৃত্যু হয়। এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গই মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শিশুটিৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাণ্ডাত। 

বিশ্বেশ্বৰ বাৰ্মাৰ ২ মহীয়া পুত্ৰক ঘৰৰ বাৰান্দাত সন্ধিয়া সময়ত শুৱাই ৰাখিছিল মাতৃয়ে। শিশুটিক শুৱাই মাতৃগৰাকী ঘৰৰ আন আন কামত নিয়োজিত হৈ আছিল। ইয়াৰ মাজতে হঠাৎ বান্দৰ এটা আহি শিশুটিক তুলি ছিৰিৰ সহায়ত উঠি ছাদৰ ওপৰলৈ লৈ যায়। 

শিশুটিৰ কান্দোন শুনি ঘৰৰ মানুহ ওলাই আহি এই দৃশ্য দেখি হুলস্থুল কৰিবলৈ ধৰিলে। সেই সময়তে বান্দৰটোৱে শিশুটিক ছাদৰ পৰা তললৈ পেলাই দিয়ে। শিশুটিক খৰখেদাকৈ হাস্পতাললৈ লৈ যায় পৰিয়ালৰ লোকে। শিশুটিক মৃত বুলি ঘোষণা কৰে চিকিৎসকে।

ইয়াৰ পিছত পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শিশুটিৰ শেষ ৰীতি-নীতিও সম্পন্ন কৰে। এই ঘটনাত মাতৃসহ পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে। 

গাঁওবুঢ়াকে ধৰি গাঁৱৰ ৰাইজে বনবিভাগক বান্দৰ ধৰিবলৈ অভিযোগ দাখিল কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক