--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুই থকা এটি ২ মহীয়া শিশুক এটা বান্দৰে উঠাই নিয়াৰ ফলত ঘটিল এক কৰুণ ঘটনা। শিশুটিক শুই থকা অৱস্থাতে বান্দৰটোৱে উঠাই নি ছাদৰ পৰা তললৈ পেলাই দিয়ে। এই ঘটনাত ফুলকুমলীয়া শিশুটিৰ থিতাতে বেদনাদায়ক মৃত্যু হয়। এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গই মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শিশুটিৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে। এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাণ্ডাত। 

বিশ্বেশ্বৰ বাৰ্মাৰ ২ মহীয়া পুত্ৰক ঘৰৰ বাৰান্দাত সন্ধিয়া সময়ত শুৱাই ৰাখিছিল মাতৃয়ে। শিশুটিক শুৱাই মাতৃগৰাকী ঘৰৰ আন আন কামত নিয়োজিত হৈ আছিল। ইয়াৰ মাজতে হঠাৎ বান্দৰ এটা আহি শিশুটিক তুলি ছিৰিৰ সহায়ত উঠি ছাদৰ ওপৰলৈ লৈ যায়। 

শিশুটিৰ কান্দোন শুনি ঘৰৰ মানুহ ওলাই আহি এই দৃশ্য দেখি হুলস্থুল কৰিবলৈ ধৰিলে। সেই সময়তে বান্দৰটোৱে শিশুটিক ছাদৰ পৰা তললৈ পেলাই দিয়ে। শিশুটিক খৰখেদাকৈ হাস্পতাললৈ লৈ যায় পৰিয়ালৰ লোকে। শিশুটিক মৃত বুলি ঘোষণা কৰে চিকিৎসকে।

ইয়াৰ পিছত পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে শিশুটিৰ শেষ ৰীতি-নীতিও সম্পন্ন কৰে। এই ঘটনাত মাতৃসহ পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে। 

গাঁওবুঢ়াকে ধৰি গাঁৱৰ ৰাইজে বনবিভাগক বান্দৰ ধৰিবলৈ অভিযোগ দাখিল কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু