--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অনুৰ্ধ-১৯  টি-২০ বিশ্বকাপত ভাৰতৰ শেফালী বাৰ্মাৰ দলে জিলিকি উঠাৰ পিছত এইবাৰ ফুটবলৰ ক্ষেত্ৰত দেশৰ মহিলা দলটো জিলিকি উঠিল। এক কথাত ক’বলৈ গ’লে ক্ৰিকেটৰ লগতে ভাৰতৰ ছোৱালীয়ে ফুটবলতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । শুকুৰবাৰে অনুৰ্ধ-২০ ছাফ  কাপত ভূটানৰ বিৰুদ্ধে ভাৰতৰ ছোৱালীৰ দলটোৱে  ১২ টা গ'ল কৰে।

বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত ভাৰতে ভূটানক ১২-০ গ'লত পৰাস্ত কৰে। তিনিগৰাকী ভাৰতীয় ফুটবলাৰে হেট্ৰিক অৰ্জন কৰিছিল। প্ৰথম  খেল হোৱাৰ বাবেই  ভাৰতে আৰম্ভনিৰে পৰাই  সতৰ্কতাৰে খেলিবলৈ  আৰম্ভ কৰিছিল। খেলৰ ২৯ মিনিটত দলটোৰ হৈ প্ৰথমটো গ'ল কৰে অপৰ্ণা নাৰ্জাৰীয়ে। 

ভাৰতে ৩৬ মিনিটত তেওঁৰ দ্বিতীয়টো গ'লৰ দ্বাৰা ব্যৱধান বৃদ্ধি কৰে। দলটোৰ তৃতীয়টো গ'ল ৪৩ মিনিটত নীতু লিণ্ডাৰ ভৰিৰ পৰা বাগৰি আহে৷  প্ৰথমাৰ্ধত ৪-০ ত আগবাঢ়ি থকা ভাৰতীয় দলটোক দ্বিতীয়াৰ্ধত অধিক আত্মবিশ্বাসী দেখা গৈছিল। ভাৰতৰ অনুৰ্ধ-২০ মহিলা ফুটবলাৰসকলে ভূটানৰ দলটোক সকলো পিনৰ পৰাই বান্ধি পেলাইছিল৷  খেলৰ ৯০ মিনিটত  দলটোৰ দ্বাদশ গ'লটো নেহাই দিয়ে।   ভাৰতীয় দলৰ আক্ৰমণৰ সন্মুখত ভূটানৰ প্ৰতিৰক্ষা সম্পূৰ্ণ ৰূপে তছনছ হৈ পৰে৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু