--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অনুৰ্ধ-১৯  টি-২০ বিশ্বকাপত ভাৰতৰ শেফালী বাৰ্মাৰ দলে জিলিকি উঠাৰ পিছত এইবাৰ ফুটবলৰ ক্ষেত্ৰত দেশৰ মহিলা দলটো জিলিকি উঠিল। এক কথাত ক’বলৈ গ’লে ক্ৰিকেটৰ লগতে ভাৰতৰ ছোৱালীয়ে ফুটবলতো আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । শুকুৰবাৰে অনুৰ্ধ-২০ ছাফ  কাপত ভূটানৰ বিৰুদ্ধে ভাৰতৰ ছোৱালীৰ দলটোৱে  ১২ টা গ'ল কৰে।

বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত ভাৰতে ভূটানক ১২-০ গ'লত পৰাস্ত কৰে। তিনিগৰাকী ভাৰতীয় ফুটবলাৰে হেট্ৰিক অৰ্জন কৰিছিল। প্ৰথম  খেল হোৱাৰ বাবেই  ভাৰতে আৰম্ভনিৰে পৰাই  সতৰ্কতাৰে খেলিবলৈ  আৰম্ভ কৰিছিল। খেলৰ ২৯ মিনিটত দলটোৰ হৈ প্ৰথমটো গ'ল কৰে অপৰ্ণা নাৰ্জাৰীয়ে। 

ভাৰতে ৩৬ মিনিটত তেওঁৰ দ্বিতীয়টো গ'লৰ দ্বাৰা ব্যৱধান বৃদ্ধি কৰে। দলটোৰ তৃতীয়টো গ'ল ৪৩ মিনিটত নীতু লিণ্ডাৰ ভৰিৰ পৰা বাগৰি আহে৷  প্ৰথমাৰ্ধত ৪-০ ত আগবাঢ়ি থকা ভাৰতীয় দলটোক দ্বিতীয়াৰ্ধত অধিক আত্মবিশ্বাসী দেখা গৈছিল। ভাৰতৰ অনুৰ্ধ-২০ মহিলা ফুটবলাৰসকলে ভূটানৰ দলটোক সকলো পিনৰ পৰাই বান্ধি পেলাইছিল৷  খেলৰ ৯০ মিনিটত  দলটোৰ দ্বাদশ গ'লটো নেহাই দিয়ে।   ভাৰতীয় দলৰ আক্ৰমণৰ সন্মুখত ভূটানৰ প্ৰতিৰক্ষা সম্পূৰ্ণ ৰূপে তছনছ হৈ পৰে৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক