--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট এৰি আৰক্ষী বিষয়া হ’ল নেকি মহেন্দ্ৰ সিং ধোনী? শেহতীয়াকৈ আৰক্ষীৰ ৰূপত ধোনীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত ধোনীক আৰক্ষীৰ খাকী পোছাক পিন্ধি পথৰ কাষত গৈছে।  ছবিখন দেখি ধোনীৰ অনুৰাগীসকলো হতবাক হৈ পৰিছে।

ভাৰতৰ কিংবদন্তী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ সংস্কৰণৰ আগতে প্ৰশিক্ষণ আৰম্ভ কৰিছে। এগৰাকী ক্ৰিকেটাৰ হিচাপে ধোনীয়ে যথেষ্ট সফলতা লাভ কৰিছে। মিডল অৰ্ডাৰ বেটছমেন, ফিনিচাৰ, উইকেট-কিপাৰ, আৰু অধিনায়ক – যি ভূমিকাতে নহওক, সফলতাই তেওঁক ছানি ধৰিছে।

উল্লেখ্য যে ধোনী ভাৰতীয় টেৰিটৰিয়েল আৰ্মীৰ সৈতেও জড়িত। তেওঁ লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবীত অধিষ্ঠিত। কিন্তু এইবাৰ তেওঁক এজন আৰক্ষীৰ চৰিত্ৰত দেখা গৈছে। কিন্তু এইবাৰ ধোনীক এক সম্পূৰ্ণ নতুন চৰিত্ৰত দেখা পোৱা গৈছে। তেওঁক এজন আৰক্ষী বিষয়াৰ ভূমিকাত দেখা গৈছে।

অনুৰাগীসকলৰ মনৰ প্ৰশ্নটো হ’ল, ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আই পি এলৰ আগন্তুক ছিজনত কিয় ক্ৰিকেট এৰি এজন আৰক্ষীৰ ভূমিকা পালন কৰিছে?  জানিব পৰা গৈছে যে ধোনী কোনো বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ বাবে এজন আৰক্ষী বিষয়া হৈ পৰিছে। সেই বিজ্ঞাপনটো সোনকালেই দেখা যাব।

অৱশ্যে প্ৰথম বাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও ধোনীয়ে এজন আৰক্ষী বিষয়াৰ ৰূপ লৈছিল। তেতিয়াও ভাইৰেল হৈ পৰিছিল ধোনীৰ লুকটো। সেইখনো এটা বিজ্ঞাপনৰেই ফটো আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক