--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট এৰি আৰক্ষী বিষয়া হ’ল নেকি মহেন্দ্ৰ সিং ধোনী? শেহতীয়াকৈ আৰক্ষীৰ ৰূপত ধোনীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত ধোনীক আৰক্ষীৰ খাকী পোছাক পিন্ধি পথৰ কাষত গৈছে।  ছবিখন দেখি ধোনীৰ অনুৰাগীসকলো হতবাক হৈ পৰিছে।

ভাৰতৰ কিংবদন্তী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ সংস্কৰণৰ আগতে প্ৰশিক্ষণ আৰম্ভ কৰিছে। এগৰাকী ক্ৰিকেটাৰ হিচাপে ধোনীয়ে যথেষ্ট সফলতা লাভ কৰিছে। মিডল অৰ্ডাৰ বেটছমেন, ফিনিচাৰ, উইকেট-কিপাৰ, আৰু অধিনায়ক – যি ভূমিকাতে নহওক, সফলতাই তেওঁক ছানি ধৰিছে।

উল্লেখ্য যে ধোনী ভাৰতীয় টেৰিটৰিয়েল আৰ্মীৰ সৈতেও জড়িত। তেওঁ লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবীত অধিষ্ঠিত। কিন্তু এইবাৰ তেওঁক এজন আৰক্ষীৰ চৰিত্ৰত দেখা গৈছে। কিন্তু এইবাৰ ধোনীক এক সম্পূৰ্ণ নতুন চৰিত্ৰত দেখা পোৱা গৈছে। তেওঁক এজন আৰক্ষী বিষয়াৰ ভূমিকাত দেখা গৈছে।

অনুৰাগীসকলৰ মনৰ প্ৰশ্নটো হ’ল, ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আই পি এলৰ আগন্তুক ছিজনত কিয় ক্ৰিকেট এৰি এজন আৰক্ষীৰ ভূমিকা পালন কৰিছে?  জানিব পৰা গৈছে যে ধোনী কোনো বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ বাবে এজন আৰক্ষী বিষয়া হৈ পৰিছে। সেই বিজ্ঞাপনটো সোনকালেই দেখা যাব।

অৱশ্যে প্ৰথম বাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও ধোনীয়ে এজন আৰক্ষী বিষয়াৰ ৰূপ লৈছিল। তেতিয়াও ভাইৰেল হৈ পৰিছিল ধোনীৰ লুকটো। সেইখনো এটা বিজ্ঞাপনৰেই ফটো আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু