--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চেলিব্ৰিটিৰ জীৱন দেখাৰ দৰে সহজ নহয়। প্ৰায় গোটেই বছৰটো ছবি, বিজ্ঞাপনৰ শ্বুটিং, প্ৰচাৰ, পাৰ্টি আদিত ব্যস্ত থাকিব লাগে। ব্যস্ততাৰ পৰা আহৰি লাভৰ বাবেই বলীউডৰ বহু তাৰকাই কম বেছি পৰিমাণে নিয়মীয়াকৈ মদ খাব লগা হয়।

কিন্তু ইয়াৰ ব্যতিক্ৰমো আছে। যিসকলে মদ খোৱাৰ পৰা বহু দূৰত থাকে, তেওঁলোকে আনকি মদ নুচুৱেই। আনকি বহুতে কোনো পাৰ্টিতো নাযায়। মদৰ পৰা বিৰত থকা এনে ১০ গৰাকী বলীউডৰ তাৰকালৈ এবাৰ চকু ফুৰাওঁ আহক।

এই তালিকাত প্ৰথম স্থানত আছে বলীউডৰ ‘খিলাদি’ অক্ষয় কুমাৰ। অক্ষয়ে ফিটনেছ আৰু ডিচিপ্লিনৰ ওপৰত গুৰুত্ব দিয়াটো সকলোৱে জানে। সেইবাবেই অক্ষয়ে নিজকে মদৰ পৰা আঁতৰাই ৰাখে। ‘দ্য কপিল শৰ্মা শ্ব’ত এই কথা নিজেই কয় অভিনেতাগৰাকীয়ে।

অভিনেতা হৃতিক ৰোশনেও মদ খোৱাৰ পৰা বিৰত থাকে যাতে তেওঁৰ ফিট শৰীৰটো চৰ্বিৰে আবৃত নহয়। লগতে মদৰ সোৱাদ ভাল নাপায় বুলিও তেওঁ কয়।

অভিনেতা অমিতাভ বচ্চনেও বয়সৰ বাবে নিজকে যথেষ্ট কঠোৰ কৰি ৰাখে। ইয়াৰ উপৰিও শাৰীৰিক অসুস্থতাৰ বাবে বিগ বিৰ শৰীৰৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে। গতিকে পৰ্দাত তেওঁক মদ্যপান কৰা দেখিলেও বাস্তৱত তেওঁ মদ স্পৰ্শ নকৰে।

অমিতাভ-পুত্ৰ অভিষেক বচ্চনক বলীউডৰ অন্যতম শক্তিশালী অভিনেতা হিচাপে গণ্য কৰা হয়। দেউতাকৰ দৰে অভিষেকেও নিজকে অনুশাসনৰ অধীনত ৰাখি ভাল পায়।  সেইবাবেই মদ খোৱাৰ পৰা নিজকে আঁতৰাই ৰাখে।

শিল্পা শ্বেট্টী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। শিল্পাক ‘ফিটনেছ কুইন’ বুলিও কোৱা হয়। ব্যায়ামৰ কাৰণে তেওঁ মদ আৰু তেলীয়া আহাৰ নাখায়।

প্ৰবীণ অভিনেতা শত্ৰুঘন সিনহাৰ কন্যা সোনাক্ষী সিনহা বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। শিল্পাৰ দৰে তেওঁও মদ্যপানক বেয়া অভ্যাস বুলি গণ্য কৰে।

জন আব্ৰাহাম বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা। জনক বলীউডৰ ‘হেণ্ডচাম হাংক’ বুলি কোৱা হয়। জনে চৰ্বিযুক্ত খাদ্য আৰু মদ আৰু মিঠাইৰ দৰে পানীয় খোৱাৰ পৰা বিৰত থাকে।

অভিনেত্ৰী দীপিকা পাডুকনেও মদ নাখায়। বৰ্তমান দীপিকা বলীউড জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। ফিট হৈ থাকিবলৈকে দীপিকাই মদ পৰিহাৰ কৰে। তেওঁৰ স্বামী ৰণবীৰ সিঙকো মদ খোৱা দেখা যায় খুব কমেইহে।

অভিনেত্ৰী পৰিনীতি চোপ্ৰাই অভিনয়ৰ বাবে বলীউডত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’লেও বৰ্তমান বিবাহৰ বাবে চৰ্চাত আছে। আগন্তুক শীতকালত তেওঁ আপৰ সাংসদ ৰাঘৱ চাধাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। মদ্যপান নকৰে পৰিণীতিয়েও।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক