--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চেলিব্ৰিটিৰ জীৱন দেখাৰ দৰে সহজ নহয়। প্ৰায় গোটেই বছৰটো ছবি, বিজ্ঞাপনৰ শ্বুটিং, প্ৰচাৰ, পাৰ্টি আদিত ব্যস্ত থাকিব লাগে। ব্যস্ততাৰ পৰা আহৰি লাভৰ বাবেই বলীউডৰ বহু তাৰকাই কম বেছি পৰিমাণে নিয়মীয়াকৈ মদ খাব লগা হয়।

কিন্তু ইয়াৰ ব্যতিক্ৰমো আছে। যিসকলে মদ খোৱাৰ পৰা বহু দূৰত থাকে, তেওঁলোকে আনকি মদ নুচুৱেই। আনকি বহুতে কোনো পাৰ্টিতো নাযায়। মদৰ পৰা বিৰত থকা এনে ১০ গৰাকী বলীউডৰ তাৰকালৈ এবাৰ চকু ফুৰাওঁ আহক।

এই তালিকাত প্ৰথম স্থানত আছে বলীউডৰ ‘খিলাদি’ অক্ষয় কুমাৰ। অক্ষয়ে ফিটনেছ আৰু ডিচিপ্লিনৰ ওপৰত গুৰুত্ব দিয়াটো সকলোৱে জানে। সেইবাবেই অক্ষয়ে নিজকে মদৰ পৰা আঁতৰাই ৰাখে। ‘দ্য কপিল শৰ্মা শ্ব’ত এই কথা নিজেই কয় অভিনেতাগৰাকীয়ে।

অভিনেতা হৃতিক ৰোশনেও মদ খোৱাৰ পৰা বিৰত থাকে যাতে তেওঁৰ ফিট শৰীৰটো চৰ্বিৰে আবৃত নহয়। লগতে মদৰ সোৱাদ ভাল নাপায় বুলিও তেওঁ কয়।

অভিনেতা অমিতাভ বচ্চনেও বয়সৰ বাবে নিজকে যথেষ্ট কঠোৰ কৰি ৰাখে। ইয়াৰ উপৰিও শাৰীৰিক অসুস্থতাৰ বাবে বিগ বিৰ শৰীৰৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে। গতিকে পৰ্দাত তেওঁক মদ্যপান কৰা দেখিলেও বাস্তৱত তেওঁ মদ স্পৰ্শ নকৰে।

অমিতাভ-পুত্ৰ অভিষেক বচ্চনক বলীউডৰ অন্যতম শক্তিশালী অভিনেতা হিচাপে গণ্য কৰা হয়। দেউতাকৰ দৰে অভিষেকেও নিজকে অনুশাসনৰ অধীনত ৰাখি ভাল পায়।  সেইবাবেই মদ খোৱাৰ পৰা নিজকে আঁতৰাই ৰাখে।

শিল্পা শ্বেট্টী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। শিল্পাক ‘ফিটনেছ কুইন’ বুলিও কোৱা হয়। ব্যায়ামৰ কাৰণে তেওঁ মদ আৰু তেলীয়া আহাৰ নাখায়।

প্ৰবীণ অভিনেতা শত্ৰুঘন সিনহাৰ কন্যা সোনাক্ষী সিনহা বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। শিল্পাৰ দৰে তেওঁও মদ্যপানক বেয়া অভ্যাস বুলি গণ্য কৰে।

জন আব্ৰাহাম বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা। জনক বলীউডৰ ‘হেণ্ডচাম হাংক’ বুলি কোৱা হয়। জনে চৰ্বিযুক্ত খাদ্য আৰু মদ আৰু মিঠাইৰ দৰে পানীয় খোৱাৰ পৰা বিৰত থাকে।

অভিনেত্ৰী দীপিকা পাডুকনেও মদ নাখায়। বৰ্তমান দীপিকা বলীউড জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী। ফিট হৈ থাকিবলৈকে দীপিকাই মদ পৰিহাৰ কৰে। তেওঁৰ স্বামী ৰণবীৰ সিঙকো মদ খোৱা দেখা যায় খুব কমেইহে।

অভিনেত্ৰী পৰিনীতি চোপ্ৰাই অভিনয়ৰ বাবে বলীউডত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’লেও বৰ্তমান বিবাহৰ বাবে চৰ্চাত আছে। আগন্তুক শীতকালত তেওঁ আপৰ সাংসদ ৰাঘৱ চাধাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে। মদ্যপান নকৰে পৰিণীতিয়েও।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু