--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুট দাইল বিশেষকৈ ৰুটী, পৰঠা, লুচি, পুৰিৰ সৈতে সুস্বাদু ব্যঞ্জন হিচাপে গ্ৰহণ কৰা হয়। প্ৰটিনৰ অভাৱ আৰু পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বুট দাইল এক সুস্বাদু খাদ্য।

ডিজিটেল ডেস্ক: ভাৰতীয় পাকঘৰত বুট দাইল জনপ্ৰিয় ব্যঞ্জন। বুট দাইল (Chana Dal) এক পুষ্টিকৰ দাইল, যি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ইয়াক সাধাৰণতে পিয়াঁজ, নহৰু, আদা, আৰু বিভিন্ন মছলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।


বুট দাইল বিশেষকৈ ৰুটী, পৰঠা, লুচি, পুৰিৰ সৈতে সুস্বাদু ব্যঞ্জন হিচাপে গ্ৰহণ কৰা হয়। প্ৰটিনৰ অভাৱ আৰু পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বুট দাইল এক সুস্বাদু খাদ্য। বুট দাইলত প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, ফলেট, আইৰণ, ফছফৰাছ আৰু কেলচিয়াম থাকে।


বুট দাইলৰ নানা উপকাৰিতা 


১) মহিলাৰ স্বাস্থ্যৰ বাবে (ঋতুস্ৰাৱ, গৰ্ভধাৰণত) অত্যন্ত উপকাৰী। 


২) বুট দাইলত গ্লিচেমিক ইনডেক্স অতি কম সেয়েহে ই ডায়েবেটিছ ৰোগীৰ বাবেও এক আদৰ্শ খাদ্য। 


৩) বুট দাইলে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। 


৪) ইয়াত খাদ্য আঁহ থাকে, যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। 


৫) যিসকলৰ ৰেড মীট খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেওঁলোকৰ বাবে এই বুট দাইল এক উত্তম খাদ্য হ’ব পাৰে। কাৰণ ইয়াত মাছ, মাংস বা কণীৰ সমতুল্য প্ৰটিন থাকে। 


৬) পৰিপাক প্রণালীৰ লগতে শৰীৰৰ পৰা বিষাক্ত দ্রব্য বুট দাইলে উলিয়াই পঠিওৱাত সহায় কৰে৷


৭) স্তন কৰ্কটৰ আশংকা হ্ৰাস কৰিব পাৰে।

কথিত আছে যে ঔৰাংগজেৱে পিতৃ ছাহজাহানক আগ্রা দুর্গত বন্দী কৰি ৰখাৰ সময়ত জীৱনৰ বাকী অৱস্থাত তেওঁক একমাত্র এবিধ খাদ্যহে খাবলৈ দিয়া হৈছিল৷ পিতৃৰ প্রতি ঔৰংগজেৱ কিছু সদয় হৈ তেওঁক এবিধ খাদ্য ইচ্ছামতে বাছি ল’বলৈ সুযোগ দিছিল৷

অভিজ্ঞতাপুষ্ট ছাহজাহানে খাদ্য হিচাপে বাছি লৈছিল বুট আৰু বুট দাইলক। খাদ্য হিচাপে বুটৰ গুণাগুণ ভবাতকৈ বহু বেছি৷ সেয়ে ছাহজাহানে বুটক তেওঁৰ ‘ৰাজখাদ্য’ত স্থান দিছিল।


গতিকে আপুনিও আপোনাৰ খাদ্য তালিকাত মাজে-সময়ে বুট দাইলক স্থান দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র