--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত সহায় কৰে।

ডিজিটেল ডেস্কঃ কঁঠালৰ মুচি (কেঁচা কঁঠাল) অসমীয়া সমাজত অতি জনপ্ৰিয় আৰু পুষ্টিকৰ এবিধ খাদ্য। ইয়াৰ তৰকাৰী সোৱাদত মাংসৰ দৰে হয় আৰু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ (fiber), ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। 


হজম শক্তি বৃদ্ধি: উচ্চ আঁহযুক্ত হোৱাৰ বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰে।

ৰোগ প্ৰতিৰোধ: ভিটামিন C-য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

হৃদযন্ত্ৰৰ বাবে উপকাৰী: পটাছিয়াম থকাৰ বাবে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

শক্তি প্ৰদান: ইয়াত থকা প্ৰাকৃতিক চেনি (fructose/sucrose) এ তাৎক্ষণিক শক্তি প্ৰদান কৰে।

ছাল আৰু চুলি: ভিটামিন A-য়ে ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে। 


কঁঠালৰ মুচিৰ তৰকাৰী, ভাজি বা চৰচৰী কৰি অসমীয়া ভোজনত প্ৰধানকৈ গ্ৰীষ্মকালত বা ৰঙালী বিহুৰ সময়ত খোৱা হয়। কঁঠালৰ মুচি অসমীয়া সমাজত অতি জনপ্ৰিয়। পকা কঁঠাল ((Jackfruit) যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ তৰকাৰী বহুতৰে প্রিয়। কেঁচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ তৰকাৰীখনৰ সোৱাদ মাংসৰ জোলৰ সোৱাদতকৈ কোনোগুণে কম নহয়। সেয়েহে হয়তো কঁঠালৰ মুচি ব্যঞ্জনৰ সোৱাদ নোলোৱাকৈ কোনো ভোজন বিলাসী থাকিব নোৱাৰে। 


কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে পাচলি হিচাবে ব্যবহাৰ বেছি হয়। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এণ্টিঅক্সিডেণ্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


কঁঠালৰ মুচিৰ উপকাৰিতা


১)কঁঠালৰ মুচিত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলটৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। ওজন কম কৰিব বিচৰাসকলে কঁঠালৰ মুচি খালে সুফল পাব।


২)কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে।


৩)কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত সহায় কৰে।


৫)প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে।  


৬) কেঁচা কঁঠালে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।


৭)ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 


৮)ইয়াত আইৰণ থকা বাবে ৰক্তহীনতা দূৰ হয়।


৯)এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


গতিকে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ ফল বা পাচলি খাই আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আহক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ