--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত সহায় কৰে।

ডিজিটেল ডেস্কঃ কঁঠালৰ মুচি (কেঁচা কঁঠাল) অসমীয়া সমাজত অতি জনপ্ৰিয় আৰু পুষ্টিকৰ এবিধ খাদ্য। ইয়াৰ তৰকাৰী সোৱাদত মাংসৰ দৰে হয় আৰু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ (fiber), ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। 


হজম শক্তি বৃদ্ধি: উচ্চ আঁহযুক্ত হোৱাৰ বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰে।

ৰোগ প্ৰতিৰোধ: ভিটামিন C-য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

হৃদযন্ত্ৰৰ বাবে উপকাৰী: পটাছিয়াম থকাৰ বাবে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

শক্তি প্ৰদান: ইয়াত থকা প্ৰাকৃতিক চেনি (fructose/sucrose) এ তাৎক্ষণিক শক্তি প্ৰদান কৰে।

ছাল আৰু চুলি: ভিটামিন A-য়ে ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে। 


কঁঠালৰ মুচিৰ তৰকাৰী, ভাজি বা চৰচৰী কৰি অসমীয়া ভোজনত প্ৰধানকৈ গ্ৰীষ্মকালত বা ৰঙালী বিহুৰ সময়ত খোৱা হয়। কঁঠালৰ মুচি অসমীয়া সমাজত অতি জনপ্ৰিয়। পকা কঁঠাল ((Jackfruit) যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ তৰকাৰী বহুতৰে প্রিয়। কেঁচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ তৰকাৰীখনৰ সোৱাদ মাংসৰ জোলৰ সোৱাদতকৈ কোনোগুণে কম নহয়। সেয়েহে হয়তো কঁঠালৰ মুচি ব্যঞ্জনৰ সোৱাদ নোলোৱাকৈ কোনো ভোজন বিলাসী থাকিব নোৱাৰে। 


কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে পাচলি হিচাবে ব্যবহাৰ বেছি হয়। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এণ্টিঅক্সিডেণ্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


কঁঠালৰ মুচিৰ উপকাৰিতা


১)কঁঠালৰ মুচিত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলটৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। ওজন কম কৰিব বিচৰাসকলে কঁঠালৰ মুচি খালে সুফল পাব।


২)কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে।


৩)কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত সহায় কৰে।


৫)প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে।  


৬) কেঁচা কঁঠালে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।


৭)ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 


৮)ইয়াত আইৰণ থকা বাবে ৰক্তহীনতা দূৰ হয়।


৯)এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


গতিকে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ ফল বা পাচলি খাই আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আহক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু