--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মানৱ জীৱনত ৰাতিপুৱাৰ আহাৰৰ বিশেষ গুৰুত্ব থাকে। ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা খায়। চিৰাত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে।

ডিজিটেল ডেস্কঃ অসমীয়া জলপানসমূহ অসমীয়া খাদ্য-সংস্কৃতিৰ এক সন্মানীয় অংগ। চিৰা অসমীয়া জলপানসমূহৰ ভিতৰত অন্যতম। মানৱ জীৱনত ৰাতিপুৱাৰ আহাৰৰ বিশেষ গুৰুত্ব থাকে। ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা খায়। চিৰাত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। ৰাতিপুৱাৰ আহাৰত চিৰা সপ্তাহত কমেও দুই বা চাৰিবাৰ খাব লাগে। কাৰণ চিৰা বহু পুষ্টিৰে সমৃদ্ধ। 


অসমীয়া সমাজত সাধাৰণতে দৈ, গাখীৰ, গুড়, চেনি, কলৰ সৈতে চিৰা জলপান হিচাপে খোৱা হয়, যিটো অতি পুষ্টিকৰ আৰু তৃপ্তিদায়ক।ইয়াক খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। চিৰা স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, সহজপাচ্য আৰু পুষ্টিকৰ জলপান। ই শৰীৰত তাৎক্ষণিক শক্তি যোগায়, আইৰণৰ পৰিমাণ বৃদ্ধি কৰে, আৰু চাউলৰ তুলনাত কম কেলৰি থকাৰ বাবে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াত থকা প্ৰ'বায়'টিকে হজম ক্ষমতা উন্নত কৰে, লগতে উচ্চ ৰক্তচাপ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ৰাতিপুৱাৰ আহাৰত চিৰা কিয় খাব লাগে জানো আহক।


চিৰাৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ:


১)সহজপাচ্য আৰু শক্তিদায়ী: চিৰা সহজে হজম হয় আৰু পুৱাৰ আহাৰত খালে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে।


২) আইৰণৰ উৎস: চিৰাত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে আৰু এনিমিয়া ৰোধ কৰাত সহায় কৰে।


৩) ওজন হ্ৰাসত সহায়ক: কম কেলৰি আৰু অধিক আঁহ (Fiber) থকাৰ বাবে, ৰাতিপুৱাৰ আহাৰত চিৰা খালে ওজন নিয়ন্ত্ৰণত থাকে।


৪) হজম ক্ষমতা উন্নত কৰে: দৈত থকা প্ৰ'বায়'টিকৰ সৈতে চিৰা খালে পেটৰ স্বাস্থ্য ভালে থাকে আৰু হজম শক্তি বৃদ্ধি হয়।


৫) ৰক্ত শৰ্কৰাৰ নিয়ন্ত্ৰণ: তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।


৬) কম চৰ্বি: চাউলৰ তুলনাত চিৰাত চৰ্বিৰ পৰিমাণ কম, যাৰ বাবে ইয়াক স্বাস্থ্যসন্মত খাদ্য বুলি গণ্য কৰা হয়।


৭) গেছ বা বদহজমৰ কোনো সমস্যা নাইঃ ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে সমস্যা নহয়। একে সময়তে, কোষ্ঠকাঠিন্য হ্ৰাস হোৱাত চিৰাই সহায় কৰে। ইয়াক খোৱাৰ ফলত পেট গধুৰো নহয়।


সাধাৰণতে চিৰা মিঠা জলপান হিচাপে খোৱা হয় যদিও কিছুমানে কেতিয়াবা ইয়াক নিমখীয়া হিচাপেও গ্ৰহণ কৰে। নিমখীয়াকে প্ৰস্তুত কৰিবলৈ হ’লে তিয়াই থোৱা চিৰাখিনি কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি, কাজু-কিচমিচ আদি ব্যৱহাৰ কৰা হয়। যেনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।


গতিকে অসমীয়া স্বাস্থ্যসন্মত জলপান চিৰা খাই নিজেও স্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটোকো স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র