--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটাত ভাঙি থানবান হৈছে বহু উঠি অহা যুৱক-যুৱতীৰ সপোন৷ চিকিৎসক, অভিযন্তা হোৱাৰ দৌৰত চিৰদিনৰ বাবে অকালতে হেৰাই গৈছে বহু প্ৰতিভা৷   কোটাই বহু শিক্ষাৰ্থীৰ হতাশা  দূৰ কৰিব পৰা নাই। ২০২৪  চনৰ আৰম্ভণিতে কোটাত  পুনৰ এজন শিক্ষাৰ্থীয়ে  আত্মহত্যাৰ পথ বাছি লৈছে৷ জানিব পৰা মতে ছাত্ৰজনে তেওঁৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰিছে। চলিতবৰ্ষত এয়া কোটাত  শিক্ষাৰ্থীৰ আত্মহত্যাৰ চতুৰ্থটো ঘটনা৷ 

মৃত ছাত্ৰ জনক   শুভ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। ঝাৰখণ্ডৰ বাসিন্দা শুভই যোৱা দুবছৰ ধৰি কোটাত কোছিং  কৰি আছিল। তেওঁ আশা কৰিছিল  আইআইটিত নামভৰ্তি কৰাৰ। ইয়াৰ বাবে তেওঁ দুবছৰ হোষ্টেলতে আছিল৷   তেওঁ  যুটীয়া প্ৰৱেশ পৰীক্ষাও দিছিল। যুটীয়া প্ৰৱেশ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হৈছিল।কিন্তু ফলাফল লাভৰ  পিছতে  ছাত্ৰজনৰ হতাশ হৈ পৰে। তেওঁ জেইই পৰীক্ষাত আশা কৰা মতে ভাল প্ৰদৰ্শন কৰিব পৰা  নাছিল। 

ছাত্ৰজনে হোষ্টেললৈ উভতি গৈছিল আৰু চৰম সিদ্ধান্ত লৈছিল৷ । পিছত ছাত্ৰ জনৰ  মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷  উল্লেখ্য ২০২৩ চনত কোটাত ২৯ গৰাকী  শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল। এই বছৰ ৪৫ দিনত চাৰিটা আত্মহত্যাৰ ঘটনা ঘটিছে। এই প্ৰশ্ন বাৰে বাৰে উত্থাপিত হৈছে  প্ৰৱেশ পৰীক্ষাৰ  প্ৰশিক্ষণৰ বাবে সৰ্বশ্ৰেষ্ঠ ঠিকনা হৈ পৰা কোটা কিয়  মৃত্যুৰস্থলীলৈ পৰিৱৰ্তিত হৈছে? কোটাৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত মানসিক শক্তি বিকাশৰ   উপযুক্ত প্ৰশিক্ষণ দিয়া নহয় নেকি? উচ্চতম ন্যায়ালয়ে অৱশ্যে কৈছে  যে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ  বাবে প্ৰশিক্ষণ কেন্দ্ৰসমূহক দায়ী কৰিব নোৱাৰি। এয়া মৃত শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ দায়িত্ব। অভিভাৱকৰ  চাপ সহ্য কৰিব নোৱাৰিয়েই বহু শিক্ষাৰ্থীয়ে চৰম সিদ্ধান্ত ল’বলগীয়া হৈছে বুলি বহুতে মন্তব্য কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু