--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটাত ভাঙি থানবান হৈছে বহু উঠি অহা যুৱক-যুৱতীৰ সপোন৷ চিকিৎসক, অভিযন্তা হোৱাৰ দৌৰত চিৰদিনৰ বাবে অকালতে হেৰাই গৈছে বহু প্ৰতিভা৷   কোটাই বহু শিক্ষাৰ্থীৰ হতাশা  দূৰ কৰিব পৰা নাই। ২০২৪  চনৰ আৰম্ভণিতে কোটাত  পুনৰ এজন শিক্ষাৰ্থীয়ে  আত্মহত্যাৰ পথ বাছি লৈছে৷ জানিব পৰা মতে ছাত্ৰজনে তেওঁৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰিছে। চলিতবৰ্ষত এয়া কোটাত  শিক্ষাৰ্থীৰ আত্মহত্যাৰ চতুৰ্থটো ঘটনা৷ 

মৃত ছাত্ৰ জনক   শুভ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। ঝাৰখণ্ডৰ বাসিন্দা শুভই যোৱা দুবছৰ ধৰি কোটাত কোছিং  কৰি আছিল। তেওঁ আশা কৰিছিল  আইআইটিত নামভৰ্তি কৰাৰ। ইয়াৰ বাবে তেওঁ দুবছৰ হোষ্টেলতে আছিল৷   তেওঁ  যুটীয়া প্ৰৱেশ পৰীক্ষাও দিছিল। যুটীয়া প্ৰৱেশ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হৈছিল।কিন্তু ফলাফল লাভৰ  পিছতে  ছাত্ৰজনৰ হতাশ হৈ পৰে। তেওঁ জেইই পৰীক্ষাত আশা কৰা মতে ভাল প্ৰদৰ্শন কৰিব পৰা  নাছিল। 

ছাত্ৰজনে হোষ্টেললৈ উভতি গৈছিল আৰু চৰম সিদ্ধান্ত লৈছিল৷ । পিছত ছাত্ৰ জনৰ  মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷  উল্লেখ্য ২০২৩ চনত কোটাত ২৯ গৰাকী  শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল। এই বছৰ ৪৫ দিনত চাৰিটা আত্মহত্যাৰ ঘটনা ঘটিছে। এই প্ৰশ্ন বাৰে বাৰে উত্থাপিত হৈছে  প্ৰৱেশ পৰীক্ষাৰ  প্ৰশিক্ষণৰ বাবে সৰ্বশ্ৰেষ্ঠ ঠিকনা হৈ পৰা কোটা কিয়  মৃত্যুৰস্থলীলৈ পৰিৱৰ্তিত হৈছে? কোটাৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত মানসিক শক্তি বিকাশৰ   উপযুক্ত প্ৰশিক্ষণ দিয়া নহয় নেকি? উচ্চতম ন্যায়ালয়ে অৱশ্যে কৈছে  যে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ  বাবে প্ৰশিক্ষণ কেন্দ্ৰসমূহক দায়ী কৰিব নোৱাৰি। এয়া মৃত শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ দায়িত্ব। অভিভাৱকৰ  চাপ সহ্য কৰিব নোৱাৰিয়েই বহু শিক্ষাৰ্থীয়ে চৰম সিদ্ধান্ত ল’বলগীয়া হৈছে বুলি বহুতে মন্তব্য কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ