--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানী লিয়নী। যাৰ নামেই এটা শিহৰণ। প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে বলিউডত ভৰি থোৱাৰ পাছৰেপ পৰা দেশবাসীৰ নয়নৰ মণি হৈ আহিছে। এতিয়া ছানীয়ে গোটেই বছৰ ছবি, বিজ্ঞাপন আৰু বিভিন্ন ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙত ব্যস্ত থাকে। আৰু তেওঁৰ উপাৰ্জনো বিপুল। এতিয়া ছানিৰ মুঠ সম্পত্তি কিমান জানেনে?

৪১ বছৰীয়া ছানীয়ে প’ৰ্ণফিল্মৰ জগত এৰি ‘জিছম-২’ ছবিৰে বলীউডত ভৰি দিয়ে। বাকীবোৰ ইতিহাস। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ চিনেমা, আইটেম ছং, ৰিয়েলিটি শ্ব’বোৰ তেওঁৰ হাতত পৰিবলৈ ধৰে। তেওঁ পিছলৈ ঘূৰি চাব নাচালে। আগবাঢ়ি গ’ল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছানীৰ সম্পত্তিৰ পৰিমাণ ৯৮ কোটি টকা। ১১ বছৰ বলীউডত কাম কৰাৰ পিছত এই বিশাল সম্পতিৰ মালিক হৈছে তেওঁ।

বহু ছৱি প্ৰযোজকে ছানীৰ ওপৰত বাজি লগায়। কাৰণ পৰ্দাত তেওঁৰ যাদু কেতিয়াও বিফল হোৱা নাই। আৰু সেইবাবেই তেওঁ চিনেমা, আইটেম ছং, এডভাৰটাইজ বা ৰিয়েলিটি শ্ব’ কৰিবলৈ বহুত টকা লয়।

ছানীয়ে বিলাসী জীৱন কটায়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে স্বামী আৰু সন্তানৰ সৈতে মুম্বাইত থাকে। প্ৰাক্তন পৰ্ণ তাৰকাগৰাকীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছতো ঘৰ আছে। সেই ঘৰৰ নাম ‘ড্ৰিম’ অৰ্থাৎ সপোন। বিভিন্ন খবৰ অনুসৰি অত্যাধুনিক সা-সুবিধা থকা এই বিলাসী ভৱনটোৰ মূল্য ১৯ কোটি।

মুম্বাই আৰু লছ এঞ্জেলছৰ ঘৰৰ উপৰিও ছানিৰ কেইবাখনো বিলাসী গাড়ী আছে। প্ৰতিষ্ঠিত বিলাসী গাড়ী কিনাৰ চখ আছে তেওঁৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছানিৰ হাতত অ’ডি, মাছেৰাটি, বিএমডব্লিউ আৰু কোৱাট্ৰ’প’ৰ্টৰ গাড়ী আছে।

ইয়াৰ উপৰিও ছানীৰ নিজা সুগন্ধি আৰু সৌন্দৰ্য্য সামগ্ৰী কোম্পানীও আছে। ছানীৰ সুগন্ধি কোম্পানীটোৰ নাম ‘লাষ্ট’ আৰু তেওঁৰ প্ৰসাধন কোম্পানীটোৰ নাম ‘ষ্টাৰ ষ্ট্ৰক’।

১৯৮১ চনৰ ১৩ মে’ত কানাডাৰ অন্টাৰিঅ’ত জন্মগ্ৰহণ কৰিছিল ছানিৰ। পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিলে কৰণজিৎ কৌৰ ভোহৰা।

২০০৪ চনত ‘দ্য গাৰ্ল নেক্সট ড’ৰ’ত অতিথি চৰিত্ৰত অভিনয় কৰিছিল ছানীয়ে। পিতৃ-মাতৃয়ে তেওঁক কেথলিক স্কুলত নামভৰ্তি কৰিছিল। ১৫ বছৰ বয়সৰ পৰাই তেওঁ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। জাৰ্মান বেকাৰী এখনত চাকৰিও কৰিছিল। ২০০৫ চনত তেওঁক প্ৰথমবাৰৰ বাবে টিভি চেনেলত দেখা গৈছিল। এটা বঁটা প্ৰদান অনুষ্ঠানত ৰেড কাৰ্পেটৰ সাংবাদিকৰ ৰূপত অৱতীৰ্ণ হৈছিল তেওঁ।

কিন্তু অভিনয় নহয়, এগৰাকী শিশু বিশেষজ্ঞা নাৰ্চ হ’বলৈহে অধ্যয়ন কৰিছিল ছানীয়ে। কিন্তু পঢ়ি থকা কালতে 'পেণ্টহাউচ’ নামৰ আলোচনী এখনৰ এগৰাকী ফটো সাংবাদিকক লগ পায়। ২০০১ চনত তেতিয়াৰ পৰাই গ্লেমাৰৰ জগতখনলৈ আহিছিল। ছানীয়ে প্ৰথমে কেৱল মহিলাৰ সৈতে পৰ্ণ চিত্ৰগ্ৰহণৰ সিদ্ধান্ত লৈছিল।

১৮ বছৰ বয়সত ছানি লিয়ন নামেৰে প্ৰাপ্তবয়স্ক ছবিৰ জগতত প্ৰৱেশ কৰে ছানীয়ে। অলপ পিছতে তেওঁৰ নাম সমগ্ৰ বিশ্বতে বিয়পি পৰিল।


ছানীয়ে গোটেই জীৱনত মুঠ ৫৬খন পৰ্ণ ছবিত অভিনয় কৰিছে। ৫৯ খন নীলা ছবিও পৰিচালনা কৰিছিল। ২০১১ চনত প্ৰাক্তন পৰ্ণ ষ্টাৰ আৰু দীৰ্ঘদিনীয়া প্ৰেমিক ডেনিয়েল ৱেবাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেওঁ। দম্পতীটোৰ তিনিটা সন্তানো আছে। ইয়াৰ পূৰ্বে ২০০৮ চনত কমেডিয়ান ৰাছেল পিটাৰ্ছৰ সৈতে কম সময়ৰ বাবে ছানীৰ প্ৰেমৰ সম্পৰ্ক আছিল।

বৰ্তমান ছানীয়ে ‘মাষ্টিজাদে’, ‘এক পাহেলী লীলা’, ‘ৰাগিনী এম এম এছ-২’কে ধৰি কেইবাখনো বলীউডৰ ছবিত অভিনয় কৰিছে। শ্বাহৰুখ খানে অভিনীত 'ৰেইছ'ৰ আইটেম গীত 'লাইলা'ত নৃত্য কৰি পৰ্দাত জুই লগাই দিয়ে ছানীয়ে। বলীউডৰ উপৰিও দক্ষিণ ভাৰতৰ কেইবাখনো ছবিতো কাম কৰিছে ছানীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement