--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ শ্বাহিদ কাপুৰে ‘ফাৰ্জী’ নামৰ ৱেব ছিৰিজত অভিনয় কৰিছে। বুধবাৰে পুৱতি নিশা মুক্তি পাইছে "ফাৰ্জী"। শ্বাহিদৰ সৈতে এই ৱেব ধাৰাবাহিকখনত অভিনয় কৰিছে কে কে মেনন আৰু দক্ষিণৰ অভিনেতা বিজয় ছেঠুপাঠীয়ে।

শ্বাহিদে ‘ফৰ্জী’ৰ জৰিয়তে ৱেব ছিৰিজত অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। তাৰপাছতে চৰ্চালৈ আহিছে অভিনেতাজনৰ বলিউডৰ কেৰিয়াৰৰ বিষয়ে।

ইতিমধ্যে ‘জব উই মেট’, 'হায়ডাৰ’, ‘কবীৰ সিং’ৰ দৰে ছুপাৰহিট ছবিত কাম কৰিছে শ্বাহিদে। কিন্তু তেওঁৰ আন কেইখনমান ছৱিৰ বাবেও জনপ্ৰিয়তাৰ শীৰ্ষত থাকিলেহেঁতেন। অভিনেতাজনে ‘ৰকষ্টাৰ’, ‘ৰং দে বসন্তী’, ‘বেং বেং’ আদি বহু ছবিৰ অভিনয়ৰ প্ৰস্তাৱ পাইছিল। কিন্তু নাকচ কৰিছিল।

২০১১ চনত ইমতিয়াজ আলীৰ পৰিচালনাত চিনেমাগৃহত মুক্তি লাভ কৰে ৰোমান্টিক ধাৰাৰ সাংগিতীক ছবি ‘ৰকষ্টাৰ’। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ কাপুৰ আৰু নৰ্গিছ ফখৰীয়ে।

ৰণবীৰৰ কেৰিয়াৰৰ সফল ছবিৰ তালিকাত আছে ‘ৰকষ্টাৰ’ৰ নাম। অৱশ্যে এই ছবিখনৰ বাবে ইমতিয়াজৰ প্ৰথম পছন্দ আছিল শ্বাহিদ। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইমতিয়াজে ‘জব উই মেট’ আৰু ‘ৰকষ্টাৰ’ নামৰ দুখন ছবিৰ চিত্ৰনাট্য শ্বাহিদৰ ওচৰলৈ লৈ যায়। কিন্তু শ্বাহিদে দুয়োখন ছবিৰ যিকোনো এখনতহে অভিনয় কৰিবলৈ বিচাৰে। ‘ৰকষ্টাৰ’তকৈ ‘জব উই মেট’ৰ চিত্ৰনাট্য বেছি ভাল পাইছিল অভিনেতাজনে।

২০০৬ চনত ছবিগৃহত মুক্তি পোৱা ‘ৰং দে বসন্তী’ ছবিখন বহু চৰ্চিত হৈছিল আৰু বক্স অফিচত যথেষ্ট সঁহাৰি লাভ কৰিছিল। ছবিখনৰ পৰিচালক ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ। আমিৰ খান, সোহা আলী খান, শৰ্মান যোশী, আৰ মাধৱন, ৱাহিদা ৰহমান আদি তাৰকাই এই ছবিখনত অভিনয় কৰিছিল।

ৰাকেশে ‘ৰং দে বসন্তী’ত অভিনয়ৰ বাবে শ্বাহিদক বাছি লৈছিল। এক সাক্ষাৎকাৰত শ্বাহিদে কয় যে ছবি নিৰ্মাতাসকলে তেওঁক ‘সিদ্ধাৰ্থ’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছি লৈছিল।

কিন্তু শ্বাহিদৰ হাতত আন চলচ্চিত্ৰৰ কাম থকাৰ বাবে তেওঁ ‘ৰং দে বসন্তী’ত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰিছিল। এটা সাক্ষাৎকাৰত শ্বাহিদে কয়- ''এই ছবিখনত কাম কৰিব নোৱাৰাৰ বাবে মই দুখ প্ৰকাশ কৰিছো। ছবিখনৰ চিত্ৰনাট্য মোৰ বৰ ভাল লাগিল। চিত্ৰনাট্য শুনি কান্দি উঠিছিলোঁ। দুৰ্ভাগ্যজনকভাৱে মই সময় উলিয়াব পৰা নাছিলো।''

২০১৩ চনত বলীউডত অভিষেক ঘটিছিল তামিল অভিনেতা ধনুশৰ। ধনুশে ''ৰাঞ্জনা’’ত সোণম কাপুৰ আৰু অভয় দেউলৰ সৈতে কাম কৰিছিল। কিন্তু ধনুশ ছবিখনৰ পৰিচালক আনন্দ এল ৰায়ৰ প্ৰথম পছন্দ নাছিল।

শ্বাহিদক প্ৰথমে আনন্দে ‘কুন্দন’ৰ চৰিত্ৰত বাছনি কৰিছিল। কিন্তু অজ্ঞাত কাৰণত শ্বাহিদে ‘ৰাঞ্জনা’ ছবিখনত কাম কৰিব নোৱাৰিলে। মুক্তিৰ পাছত এই ছবিখন যেনেকৈ ব্লকবাষ্টাৰ হিট হৈ পৰিছিল, তেনেকৈয়ে ‘কুন্দন’ চৰিত্ৰটোৱেও দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল।

২০১৩ চনত ৰোমান্টিক কমেডী ধাৰাৰ ছবি ‘গোৰি তেৰে প্যাৰ মেই’ ছবিগৃহত মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰ পৰিচালক পুনীত মালহোত্ৰাই এই ছবিখনত শ্বাহিদৰ প্ৰাক্তন প্ৰেয়সী কৰীনা কাপুৰ খানক নায়িকা হিচাপে বাছি লৈছিল।

কৰীনাৰ বিপৰীতে অভিনয় কৰিবলৈ পুনীতৰ প্ৰথম পছন্দ আছিল শ্বাহিদ। কিন্তু শ্বাহিদ আৰু কৰীনাৰ ৰোমাণ্টিক সম্পৰ্কৰ বিচ্ছেদ হোৱাৰ বাবে অভিনেতাজনে নাকচ কৰিলে পুনীতৰ প্ৰস্তাৱ। ইয়াৰ পিছতে ‘জেন তু ইয়া জানে না’ ছবিখনৰ নায়ক ইমৰাণ খানক সেই চৰিত্ৰত অভিনয় কৰা দেখা গ’ল।

২০১৩ চনত যশ ৰাজ ফিল্মছৰ প্ৰযোজনাৰ অধীনত ‘শুধ দেশী ৰোমাঞ্চ’ ছবিখন মুক্তি লাভ কৰে। ছবিখনত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুত, বাণী কাপুৰ আৰু পৰিনীতি চোপ্ৰাই। কিন্তু সুশান্ত পৰিচালক মনীষ শৰ্মাৰ প্ৰথম পছন্দ নাছিল।

মনীষে শ্বাহিদক ‘ৰঘু’ৰ চৰিত্ৰৰ বাবে অফাৰ দিছিল। কিন্তু কোনো অজ্ঞাত কাৰণত শ্বাহিদে যশ ৰাজ ফিল্মছৰ সৈতে কাম কৰাৰ সুযোগ এৰি দিলে। ইয়াৰ পিছত সুশান্তক এই ভূমিকাত অভিনয় কৰাৰ সুযোগ দিয়া হয়।

২০১৪ চনত মুক্তি লাভ কৰিছিল সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবি ‘বং বেং’। ঋত্বিক ৰোশন আৰু কেটৰিনা কাইফৰ যুটিক এই ছবিখনত দৰ্শকে আজিও স্মৰণ কৰে। কিন্তু হৃত্বিক নহয়, সিদ্ধাৰ্থই প্ৰথমে শ্বাহিদক বাছি লৈছিল।

শ্বাহিদক অভিনয়ৰ প্ৰস্তাৱ দিছিল সিদ্ধাৰ্থই। সেই সময়ত শ্বাহিদ ব্যস্ত আছিল বিশাল ভৰদ্বাজৰ ছবি 'হায়দৰ'ত। গতিকে সময়ৰ অভাৱত তেওঁ ‘বং বেং’ ছবিখনত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰে।

২০১৩ চনত মিলন লুথাৰিয়াৰ পৰিচালিত ‘ৱান্স আপন এ টাইম ইন মুম্বাই ড’বাৰা!’ ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছিল। এই ছবিখনত ইমৰাণ খানে অক্ষয় কুমাৰ আৰু সোনাক্ষী সিনহাৰ সৈতে অভিনয় কৰিছিল।

ইমৰাণ খানে অভিনয় কৰা ‘আছলাম’ৰ চৰিত্ৰটোৰ বাবে মিলনৰ প্ৰথম পছন্দ আছিল শ্বাহিদ। কিন্তু এই প্ৰস্তাৱত সন্মতি নিদিলে শ্বাহিদে। পিছলৈ মিলানে এই চৰিত্ৰৰ বাবে ইমৰাণক বাছি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement