--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''গেৰুৱা হৈছে সন্ন্যাসীৰ ৰং। স্বামী বিবেকানন্দইও আগতে গেৰুৱা বস্ত্ৰ পিন্ধিছিল। বগা কাপোৰ পিন্ধিলে ইমান বিতৰ্ক হ’লহেঁতেননে?”- এইদৰে ক’লে বলিউডৰ জনপ্ৰিয় সংগীতশিল্পী অৰিজিৎ সিঙে।

১৫ ডিচেম্বৰত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত উপস্থিত আছিল বলিউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক গান গাবলৈ অনুৰোধ জনাইছিল। তাৰকা গায়িকাগৰাকীয়ে সেই প্ৰতিশ্ৰুতি পালন কৰি গাই উঠিল- ''ৰং দে তু মুহে গেৰুৱা!’’

তাৰপাছতে আৰম্ভ হৈছিল বিতৰ্ক। সেইসময়ত শ্বাহৰুখ খানৰ 'পাঠান’ ছৱিৰ 'বেছৰম ৰঙ’ক লৈ হিন্দুত্ববাদীসকলৰ তীব্ৰ আপত্তি প্ৰদৰ্শন আৰম্ভ হৈছিল। গানটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পৰিধান কৰাক লৈ ব্যস্ত হৈ পৰিছিল দেশৰ ৰাজনীতি।

তেনে সময়তে কলিকতাত অৰিজিৎ সিঙে 'ৰং দে তু মুহে গেৰুৱা’ গাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। অনুষ্ঠানটোত শ্বাহৰুখ খানো উপস্থিত আছিল। আনহাতে, 'ৰং দে তু মুহে গেৰুৱা’ গানটো অৰিজিৎ সিঙৰ এটা বিখ্যাত গান। গানটো ২০১৫ চনত 'দিলৱালে’ ছৱিখনত আছিল। গানটোত অভিনয় কৰিছিল শ্বাহৰুখ খান আৰু কাজলে।

শেহতীয়াকৈ ১৮ ফেব্ৰুৱাৰীতো অৰিজিৎ সিঙে গান গাবলৈ আহিছিল কলকাতাৰ একুৱাটিকা মঞ্চলৈ। তাতো মঞ্চত ‘গেৰুৱা’ গাইছিল তেওঁ। মঞ্চৰ পৰাই শিল্পীগৰাকীয়ে বিগত দুমাহ ধৰি চলি থকা 'গেৰুৱা’ বিতৰ্কৰ বিষয়ে এইদৰে কয়- ''এই গীতটোক লৈ অযথা বহুত বিতৰ্ক হৈছে। গেৰুৱা হৈছে সন্ন্যাসীৰ ৰং। স্বামী বিবেকানন্দইও আগতে গেৰুৱা বস্ত্ৰ পিন্ধিছিল। বগা কাপোৰ পিন্ধিলে ইমান বিতৰ্ক হ’লহেঁতেননে?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক