--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''গেৰুৱা হৈছে সন্ন্যাসীৰ ৰং। স্বামী বিবেকানন্দইও আগতে গেৰুৱা বস্ত্ৰ পিন্ধিছিল। বগা কাপোৰ পিন্ধিলে ইমান বিতৰ্ক হ’লহেঁতেননে?”- এইদৰে ক’লে বলিউডৰ জনপ্ৰিয় সংগীতশিল্পী অৰিজিৎ সিঙে।

১৫ ডিচেম্বৰত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত উপস্থিত আছিল বলিউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক গান গাবলৈ অনুৰোধ জনাইছিল। তাৰকা গায়িকাগৰাকীয়ে সেই প্ৰতিশ্ৰুতি পালন কৰি গাই উঠিল- ''ৰং দে তু মুহে গেৰুৱা!’’

তাৰপাছতে আৰম্ভ হৈছিল বিতৰ্ক। সেইসময়ত শ্বাহৰুখ খানৰ 'পাঠান’ ছৱিৰ 'বেছৰম ৰঙ’ক লৈ হিন্দুত্ববাদীসকলৰ তীব্ৰ আপত্তি প্ৰদৰ্শন আৰম্ভ হৈছিল। গানটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পৰিধান কৰাক লৈ ব্যস্ত হৈ পৰিছিল দেশৰ ৰাজনীতি।

তেনে সময়তে কলিকতাত অৰিজিৎ সিঙে 'ৰং দে তু মুহে গেৰুৱা’ গাই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। অনুষ্ঠানটোত শ্বাহৰুখ খানো উপস্থিত আছিল। আনহাতে, 'ৰং দে তু মুহে গেৰুৱা’ গানটো অৰিজিৎ সিঙৰ এটা বিখ্যাত গান। গানটো ২০১৫ চনত 'দিলৱালে’ ছৱিখনত আছিল। গানটোত অভিনয় কৰিছিল শ্বাহৰুখ খান আৰু কাজলে।

শেহতীয়াকৈ ১৮ ফেব্ৰুৱাৰীতো অৰিজিৎ সিঙে গান গাবলৈ আহিছিল কলকাতাৰ একুৱাটিকা মঞ্চলৈ। তাতো মঞ্চত ‘গেৰুৱা’ গাইছিল তেওঁ। মঞ্চৰ পৰাই শিল্পীগৰাকীয়ে বিগত দুমাহ ধৰি চলি থকা 'গেৰুৱা’ বিতৰ্কৰ বিষয়ে এইদৰে কয়- ''এই গীতটোক লৈ অযথা বহুত বিতৰ্ক হৈছে। গেৰুৱা হৈছে সন্ন্যাসীৰ ৰং। স্বামী বিবেকানন্দইও আগতে গেৰুৱা বস্ত্ৰ পিন্ধিছিল। বগা কাপোৰ পিন্ধিলে ইমান বিতৰ্ক হ’লহেঁতেননে?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু